ETV Bharat / state

ৰঙিয়াত বৰলীয়া নৈৰ ভয়ংকৰ ৰূপ: পানীৰ তলত এতিয়া বহু ঠাই

author img

By

Published : Jun 16, 2022, 6:24 PM IST

বানৰ কৱলত ৰঙিয়াৰ বহু অঞ্চল (Floods at Rangia) ৷ নেৰানেপেৰা বৰষুণৰ ফলত ৰঙিয়াৰ মাজেৰে বৈ যোৱা বৰলীয়া নৈৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে । নৈখনৰ মথাউৰিৰ বৃহৎ অংশ এটা বানে উটুৱাই নিয়াৰ ফলত আতংকৰ সৃষ্টি হৈছে নৈপৰীয়া লোকসকলৰ মাজত ৷

baralia-river-damages-its-embankment-at-rangia
ৰঙিয়াত বৰলীয়া নৈৰ ভয়ংকৰ ৰূপ: পানীৰ তলত এতিয়া বহু ঠাই

ৰঙিয়া, 16 জুন: বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত পুনৰ জলমগ্ন হৈছে কেইবাখনো জিলা (Districts of Assam under water) ৷ এই নেৰানেপেৰা বৰষুণৰ ফলত ৰঙিয়াৰ মাজেৰে বৈ যোৱা বৰলীয়া নৈৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে ।

ইতিমধ্যে চৌমুখাত আৰু বাথানত বৰলীয়া নৈৰ ছিগিল মথাউৰি ৷ ফলত বিস্তীৰ্ণ অঞ্চল প্লাৱিত হোৱাৰ বাবে সম্প্ৰতি জলবন্দী হৈ পৰিছে কেইবাখনো গাঁৱৰ ৰাইজ (Baralia river damages its embankment at Rangia) ৷ প্ৰাণৰ মমতাত সকলোৱে ঘৰ-বাৰি এৰি ওখ স্থান বিচাৰি বিভিন্ন ঠাইলৈ ঢাপলি মেলিছে (Floods at Rangia) ।

ৰঙিয়াত বৰলীয়া নৈৰ ভয়ংকৰ ৰূপ: পানীৰ তলত এতিয়া বহু ঠাই

নিজৰ সা-সম্পত্তিৰ লগতে পশুধন লৈ ৰাইজে আশ্ৰয় লৈছে ওখ ঠাইত । পিছে উদ্ধাৰ অভিযানৰ বাবে বৰ্তমানলৈকে প্ৰশাসনৰ কোনো লোক উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ইফালে বঢ়মপুৰত বৰলীয়া নৈ আৰু দোদেতিয়াত নোনা নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে ।

যিকোনো মূহুৰ্ততে বৰলীয়া নৈ আৰু দোদেতিয়াত নোনা নৈৰ বাঢ়নী পানীৰ কৱলত পৰিব পাৰে বঢ়মপুৰৰ বহু ঠাই ৷ যাৰবাবে এতিয়া আতংকৰ মাজত সময় অতিবাহিত কৰিছে নৈপৰীয়া ৰাইজে ৷ মথাউৰি দুটাৰ বহু ঠাইত নিম্নাংশৰে নৈৰ পানী নিগৰি বৈ থকাৰ লগতে ঠায়ে ঠায়ে প্ৰবল গৰাখহনীয়াৰ বাবে গাঁতৰ সৃষ্টি হৈছে ।

স্থানীয় ৰাইজে মথাউৰীৰ ভঙা অংশবোৰ ৰক্ষা কৰিবলৈ দিনে-নিশাই আপ্ৰাণ চেষ্টা চলাই আছে । ইতিমধ্যে অঞ্চলটোৰ বহু লোক মথাউৰিৰ ওপৰতে বাঁহ আৰু টিৰপাল টানি আশ্ৰয় শিবিৰ সাজি লৈছে ৷ এই ঠাইত মথাউৰিটো ছিঙিলে ৰঙিয়াৰ বৃহৎ অঞ্চলৰ লগতে হাজো, নলবাৰী সমষ্টিৰ বহু ঠাই বানৰ কবলত পৰাটো নিশ্চিত ।

লগতে পঢ়ক: নলবাৰীত বানৰ সংহাৰী ৰূপ: পুনৰ ছিগিল মৰাপাগলাদিয়াৰ মথাউৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.