ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 20, 2022, 7:06 PM IST

7 বজাৰ শীৰ্ষ 10 টা বাতৰি
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Lachit Divas in Delhi : জনশূণ্য জনতা ভৱন, মন্ত্ৰী-আমোলাৰ দিল্লী গমন

জনশূণ্য জনতা ভৱন (Janata Bhawan)৷ বীৰ লাচিতক বিশ্ব দৰবাৰলৈ নিয়াৰ স্বাৰ্থত বিল্লীত বাহৰ পাতিছেগৈ ৰাজ্যৰ প্ৰায় সকলো মন্ত্ৰী-আমোলাই ৷ জিলা পৰ্যায়ৰ বহু শীৰ্ষ বিষয়াৰো এতিয়া ঠিকনা হৈছেগৈ দিল্লী ৷

Assam govt in debt: এপষেকত 1600 কোটিৰ ঋণ লৈ অভিলেখ অসম চৰকাৰৰ

১৫ দিনত ১৬০০ কোটি টকা ঋণ ল’লে অসম চৰকাৰে ৷ ধনৰ জোৰা মাৰিবলৈ ৰাজ্য চৰকাৰৰ হাহাকাৰ অৱস্থা ৷ যোৱা এটা বছৰতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধাৰ লৈছে প্ৰায় ১৮,০০০ কোটি টকা (Assam govt borrows debt 18000 in one year) ৷ সম্প্ৰতি অসম চৰকাৰৰ ধাৰৰ বোজাই প্ৰায় ১,৩০,০০০ কোটি টকা পাৰ কৰিছে (Assam govt in debt) ৷

Flood affect of Assam: ফেব্ৰুৱাৰীৰ ভিতৰত বানত ক্ষতি হোৱা পথ-দলং-মথাউৰি নিৰ্মাণৰ লক্ষ্য চৰকাৰৰ

কেন্দ্ৰৰ পৰা সাহাৰ্য বিচাৰি অতিৰিক্ত প্ৰতিবেদন দাখিলৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ৷ নিজা পুঁজিৰ পৰা ১৪৮০ কোটি টকা মুকলি কৰে ৰাজ্য চৰকাৰে (Assam Government aims to build roads bridges)৷ ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত বানত হোৱা ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ বিৱৰণ দাঙি ধৰি কেন্দ্ৰৰ পৰা মুঠ ৪৪১৬ কোটি টকা বিচাৰি দাখিল কৰা হৈছিল প্ৰতিবেদনখনত ৷

Man Elephant Conflict: নগৰবেৰাত বন্যহস্তীৰ তাণ্ডৱ, খেতিপথাৰ তহিলং হাতীৰ জাকৰ

গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত অধিক তীব্ৰতৰ হৈছে বনৰীয়া হাতীৰ উপদ্ৰৱ (Man Elephant Conflict) । শালি ধান পকিবলৈ আৰম্ভ কৰাৰ লগে লগে জিলাখনৰ ৰংজুলি আৰু মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁও সমুহত দৈনিক নিশা বনৰীয়া হাতীৰ জাক খেতি পথাৰত প্ৰৱেশ কৰি তহিলং কৰিছে ধান খেতি (Wild Elephant Destroy Paddy at Nagarbera)।

Maan Attack in Assam: পুৰণিগুদামৰ কাষৰিগাঁৱত মানৰ আক্ৰমণৰ স্মৃতিসৌধ নিৰ্মাণৰ দাবী

অত্যাচাৰী মান সেনাপতি মিংগিমাহা তিলোৱাৰ নেতৃত্বত অসমত কৰা তৃতীয় আক্ৰমণৰ সময়ত মান সেনাই অতি নিৰ্মমভাৱে নিৰীহ অসমীয়া মানুহবোৰক 'যাঁকি' দি হত্যা কৰিছিল (Maan commander Mingimaha Tilwa Assam attack) ৷

Protest in Guwahati: শংকৰদেৱ উদ্যানত গছৰ সুৰক্ষা বিচাৰি প্ৰতিবাদ

শংকৰদেৱ উদ্যানত গছ কটা বন্ধ কৰক ৷ গুৱাহাটী চৰহখনক উন্নত কৰাৰ স্বাৰ্থত গছ-গছনি কাটি পেলোৱাটো যুক্তিসংগত নহয় ৷ যাৰ বিৰোধিতাৰে দেওবাৰে গছৰ সুৰক্ষা বিচাৰি প্ৰতিবাদত নামিল পশ্চিম গুৱাহাটীৰ নাগৰিক সমন্বয় সমিতিৰ লগতে এজাক কণ কণ শিশু (Demanding protection of trees at Shankardev Udyan) ৷

Pragya Sadhak title: বিশিষ্ট চিন্তাবিদ ড৹ হীৰেণ গোহাঁইলৈ আগবঢ়োৱা হৈছে প্ৰজ্ঞা সাধক উপাধি

বিশিষ্ট চিন্তাবিদ ড৹ হীৰেণ গোহাঁই লৈ আগবঢ়োৱা হৈছে ‘‘প্ৰজ্ঞা সাধক’’ উপাধি (Pragya Sadhak title) ৷ আগন্তুক ২৭ নৱেম্বৰত গুৱাহাটীত আয়োজিত এক সভাত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব এই বঁটা ৷

Fire breakout: ভয়াবহ অগ্নিকাণ্ডত 5 টাকৈ বাসগৃহ ভস্মীভূত

বঙাইগাঁও জিলাৰ ১ নং ছালাবিলা নাগৰি বজাৰত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে (Fire breakout at Manikpur)৷ জানিব পৰামতে মেহেৰ আলী নামৰ লোকজনৰ ঘৰত বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত দেওবাৰে দুপৰীয়া অগ্নিকাণ্ডৰ সুত্ৰপাত হয় ৷ এই অগ্নিকাণ্ডত হাচেন আলী, হোচেন আলী, ওৱাচকুৰনী, হানিফ আলীৰ বাসগৃহ জাহ যায় ৷

Birth Anniversary of Lachit Borphukan: লাচিত বৰফুকনৰ জন্মজয়ন্তী উপলক্ষে নলবাৰীত স্বচ্ছ ভাৰত অভিযান

বীৰ লাচিত বৰফুকনৰ (Lachit Borphukan)৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আজি নলবাৰী জিলা প্ৰশাসন আৰু গাঁওৰক্ষী বাহিনীৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰা হয় । নলবাৰী জিলাৰ মুকালমুৱাৰ আদাবাৰী আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী‌ বিষয়া তৰণী দাসৰ নেতৃত্বত আৰক্ষী বিষয়া, গাঁও প্ৰধান, সমাজকৰ্মীসকলক লগত লৈ আদাবীৰ পহৰা চকীৰ অন্তৰ্গত বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, ৰাস্তা ঘাটসমূহত স্বচ্ছ আৰু নিকা কৰাৰ উদ্দেশ্য চাফাই অভিযান চলোৱা হয় ।

Cannabis seized at khotkhoti: খটখটীত চাৰি কুইন্টল গাঞ্জাসহ দুই সৰবৰাহকাৰীক আটক

খটখটী আৰক্ষীৰ আন এক সফলতা ৷ কাৰ্বি আংলং জিলাৰ মাজেৰে অপৰাধী চক্ৰই‌ ব্যাপক হাৰত নিচাযুক্ত সামগ্ৰী অবৈধভাৱে সৰবৰাহ কৰি থকাৰ সময়তে দেওবাৰে পুৱা অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ গাঞ্জাসহ এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় (Huge amount of cannabis seized at khotkhoti)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.