Fire breakout: ভয়াবহ অগ্নিকাণ্ডত 5 টাকৈ বাসগৃহ ভস্মীভূত

By

Published : Nov 20, 2022, 6:37 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

বঙাইগাওঁ জিলাৰ ১ নং ছালাবিলা নাগৰি বজাৰত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে (Fire breakout at Manikpur)৷ জানিব পৰামতে মেহেৰ আলী নামৰ লোকজনৰ ঘৰত বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত দেওবাৰে দুপৰীয়া অগ্নিকাণ্ডৰ সুত্ৰপাত হয় ৷ এই অগ্নিকাণ্ডত হাচেন আলী, হোচেন আলী, ওৱাচকুৰনী, হানিফ আলীৰ বাসগৃহ জাহ যায় ৷ অগ্নিকাণ্ডৰ ফলত ৫ টা পৰিয়ালৰ টিনপাতৰ গৃহ, ধান, চাউল, নগদ টকা তথা আন আন সামগ্ৰীসহ প্ৰায় ১০ লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত হয় (5 houses burnt in Fire incident) ৷ এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ৷ উল্লেখ্য যে অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত নিকটৱৰ্তী আন কেইবাটাও পৰিয়াল জুইৰ পৰা ৰক্ষা পৰে ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.