Assam govt in debt: এপষেকত 1600 কোটিৰ ঋণ লৈ অভিলেখ অসম চৰকাৰৰ

author img

By

Published : Nov 20, 2022, 6:28 PM IST

Assam government borrowed Rs 1600 crore loan

১৫ দিনত ১৬০০ কোটি টকা ঋণ ল’লে অসম চৰকাৰে ৷ ধনৰ জোৰা মাৰিবলৈ ৰাজ্য চৰকাৰৰ হাহাকাৰ অৱস্থা ৷ যোৱা এটা বছৰতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধাৰ লৈছে প্ৰায় ১৮,০০০ কোটি টকা (Assam govt borrows debt 18000 in one year) ৷ সম্প্ৰতি অসম চৰকাৰৰ ধাৰৰ বোজাই প্ৰায় ১,৩০,০০০ কোটি টকা পাৰ কৰিছে (Assam govt in debt) ৷

গুৱাহাটী, 20 নৱেম্বৰ: প্ৰতিদিনে ধাৰৰ বোজা বাঢ়িছে অসমৰ প্ৰতিজন মানুহৰ ৷ অসম চৰকাৰে চৰকাৰ চলাবলৈ ধাৰাবাহিকভাৱে লৈয়েই আছে শ শ কোটি টকাৰ ঋণ (Assam govt in debt) ৷ অপ্ৰিয় হ’লেও সত্য যে, হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখন সন্মুখীন হৈছে ভয়াৱহ বিত্তীয় নাটনিৰ ৷ সেয়ে যোৱা কিছুদিন ধৰি বিত্তীয় জোৰা মাৰিবলৈ কি চেষ্টা কৰা নাই এইখন চৰকাৰে ?

এপষেকত 1600 কোটিৰ ঋণ লৈ অভিলেখ অসম চৰকাৰৰ

ৰাজহৰ বাবে জিলাই জিলাই সুৰাৰ নতুন বিপনী খোলাৰ সিদ্ধান্ত (New liquor policy of Assam Govt) ৷ বছৰত ৩০০০ কোটি সুৰাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য চৰকাৰৰ ৷ বাটে-পথে 'মিছন ছাৰখাৰ’ যোগে লৈছে যান-বাহনৰ জৰিমনা (Mission Sarkhar by Assam Govt) ৷ ৰাজহৰ বাবেই ব্যৱস্থা কৰিছে অনলাইন 'খাজানা’ৰ ৷ কিন্তু তাৰ পিছতো শোচনীয় বিত্তীয় সংকটৰ আঁতৰা নাই (Financial crisis of Assam Govt) ৷ ইতিমধ্যেই হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈছে ড° হিমন্তবিশ্ব চৰকাৰে ৷

এক কথাত ঋণ গ্ৰহণেৰে অভিলেখ গঢ়িছে বৰ্তমানৰ অসম চৰকাৰে ৷ দিশপুৰৰ পৰা প্ৰাপ্ত তথ্যমতে মুকলি বজাৰৰ পৰা ১৫ নৱেম্বৰত পুনৰ বৃহৎ পৰিমাণৰ ঋণ গ্ৰহণ চৰকাৰৰ ৷ অতি উচ্চ হাৰৰ সুদত ল’লে ৮০০ কোটি টকাৰ ঋণ ৷ ইয়াৰ পূৰ্বেও নৱেম্বৰৰ প্ৰথম সপ্তাহত ৰাজ্য চৰকাৰে লৈছে ৮০০ কোটি টকাৰ ঋণ ৷ অসম চৰকাৰৰ অংশীদাৰিত্ব বিক্ৰী কৰি লৈছিল এই ৮০০ কোটি টকাৰ ঋণ ৷

অৰ্থাৎ মাত্ৰ ১৫ দিনতে ১৬০০ কোটি টকাৰ ঋণ ল’লে অসম চৰকাৰে ৷ কেন্দ্ৰীয় চৰকাৰৰ জি এছ টি নীতিয়ে ভাঙি পেলাইছে অসমৰ দৰে দৰিদ্ৰ ৰাজ্যৰ বিত্তীয় ভেঁটি ৷ যোৱা এটা বছৰতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধাৰ লৈছে প্ৰায় ১৮,০০০ কোটি টকা (Assam govt borrows debt 18000 in one year ) ৷ সম্প্ৰতি অসম চৰকাৰৰ ধাৰৰ বোজাই প্ৰায় ১,৩০,০০০ কোটি টকা পাৰ কৰিছে ৷

অৰ্থাৎ অসমবাসীৰ মূৰৰ ওপৰত এতিয়া ১ লাখ ৩০ হাজাৰ কোটি টকাৰ ঋণৰ বোজা ৷ চৰকাৰে ঋণ লোৱাটো এক স্বাভাৱিক প্ৰক্ৰিয়া ৷ কিন্তু কিমানলৈ ঋণ ল’ব ? এপষেকতে ১৬০০ কোটিৰ ঋণৰ বোজা ৷ ইমানৰ পিছতো কিন্তু ৰাজ্য চৰকাৰখনে ব্যয় সংকোচনৰ কোনো ব্যৱস্থা হাতত নোলোৱাত স্বাভাৱিকতেই সৃষ্টি হৈছে উদ্বিগ্নতাৰ ৷

লগতে পঢ়ক: AASU general conference : বিভেদকামী ৰাজনৈতিক শক্তিক হুংকাৰ সমুজ্জ্বল কুমাৰ ভট্টাচার্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.