Man Elephant Conflict: নগৰবেৰাত বন্যহস্তীৰ তাণ্ডৱ, খেতিপথাৰ তহিলং হাতীৰ জাকৰ

author img

By

Published : Nov 20, 2022, 6:55 PM IST

Updated : Nov 20, 2022, 9:59 PM IST

Wild Elephant Destroy Paddy at Nagarbera

গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত অধিক তীব্ৰতৰ হৈছে বনৰীয়া হাতীৰ উপদ্ৰৱ (Man Elephant Conflict) । শালি ধান পকিবলৈ আৰম্ভ কৰাৰ লগে লগে জিলাখনৰ ৰংজুলি আৰু মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁও সমুহত দৈনিক নিশা বনৰীয়া হাতীৰ জাক খেতি পথাৰত প্ৰৱেশ কৰি তহিলং কৰিছে ধান খেতি (Wild Elephant Destroy Paddy at Nagarbera)।

নিউজ ডেস্ক, 20 নৱেম্বৰ: "আমি হাতীৰ অত্যাচাৰত থাকিব নোৱাৰা হৈছো ৷ দিন দুপৰতে হাতীয়ে আহি খেতিপথাৰত উপদ্ৰৱ চলাইছে ৷ বছৰ বছৰ ধৰি হাতীৰ এনে উপদ্ৰৱৰ পৰা আমি অশান্তি ভুগিছো ৷ খেতিপথাৰত ধান শেষ হ’লে আমাৰ ঘৰবোৰত উপদ্ৰৱ চলাইহি ৷ আমাৰ ধানৰ ভঁৰালৰ লগতে, ডুলিৰ ধান খাই, মানুহ মাৰে ৷ আমি বন বিভাগক বাৰম্বাৰে কোৱা স্বত্বেও বন বিভাগৰ কোনো লোক আজিলৈ গাঁৱলৈ আহি হাতী খেদোৱা নাই ৷ সাহাৰ্য আঁচনি দূৰৰে কথা, বন বিভাগৰ লোকেও আমাৰ কাষ চপা নাই ৷" হাতীৰ ত্ৰাসত আতংকিত স্থানীয় লোকে এই মন্তব্য প্ৰকাশ কৰে (Wild Elephant create tensed situation) ৷

নগৰবেৰাত বন্যহস্তীৰ তাণ্ডৱ, খেতিপথাৰ তহিলং হাতীৰ জাকৰ

গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত অধিক তীব্ৰতৰ হৈছে বনৰীয়া হাতীৰ উপদ্ৰৱ (Man Elephant Conflict) । শালি ধান পকিবলৈ আৰম্ভ কৰাৰ লগে লগে জিলাখনৰ ৰংজুলি আৰু মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁও সমুহত দৈনিক নিশা বনৰীয়া হাতীৰ জাক খেতি পথাৰত প্ৰৱেশ কৰি তহিলং কৰিছে ধান খেতি (Wild Elephant Destroy Paddy at Nagarbera)। যোৱা নিশাও ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কাহিবাৰী, আল্লীবাৰীত বনৰীয়া হাতীৰ বৃহৎ জাক এটা ওচৰৰ কন্যাকুছি সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহি শালি ধান খাই তহিলং কৰে । হাতীৰ জাকটো যাতে গাঁৱত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে হাতে হাতে লাঠি জোং, টৰ্চ লাইট লৈ পহৰা দিয়ে গাঁওবাসীয়ে ।

বনৰীয়া হাতীয়ে ধাৰাবাহিকভাৱে অঞ্চলটোত উপদ্ৰৱ চলোৱাত অসহায় হৈ পৰিছে অঞ্চলবাসী ৷ ইমানৰ পিছতো ৰাজ্যৰ বিয়াগোম বন বিভাগে একোৱেই কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে । খবৰ দিলেও অসহায় লোকৰ কাষত থিয় নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে বন বিভাগৰ বিৰুদ্ধে ।

প্ৰায় ৩০-৩৫ বছৰ ধৰি জিলাখনৰ ৰংজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁও সমুহত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই অহাত পিছতো এই অঞ্চলৰ লোক সকলে বন বিভাগৰ ফালৰ পৰা ক্ষতিপূৰণ নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী লোকে ৷ হাতী-মানুহৰ সংঘাতে অৰ্থনৈতিকভাৱে নিঃশেষ কৰিছে গোৱালপাৰাবাসীক ৷

মূলতঃ খাদ্য সংকট আৰু বনাঞ্চল ধ্বংস কৰাৰ বাবেই গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত দিনক দিনে ভয়ানক ভাৱে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত । সেয়ে হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক: Lachit Borphukan 400th birth anniversary : ডিফুৰ ৰক্তদান শিবিৰত অংশ ল’লে তিনি শতাধিক প্ৰাক্তন বিদ্ৰোহীয়ে

Last Updated :Nov 20, 2022, 9:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.