Lachit Divas in Delhi : জনশূন্য জনতা ভৱন, মন্ত্ৰী-আমোলাৰ দিল্লী গমন

author img

By

Published : Nov 20, 2022, 5:34 PM IST

Updated : Nov 21, 2022, 9:46 AM IST

Lachit Divas in Delhi

জনশূন্য জনতা ভৱন (Janata Bhawan)৷ বীৰ লাচিতক বিশ্ব দৰবাৰলৈ নিয়াৰ স্বাৰ্থত দিল্লীত বাহৰ পাতিছেগৈ ৰাজ্যৰ প্ৰায় সকলো মন্ত্ৰী-আমোলাই ৷ জিলা পৰ্যায়ৰ বহু শীৰ্ষ বিষয়াৰো এতিয়া ঠিকনা হৈছেগৈ দিল্লী ৷

নিউজ ডেস্ক, 20 নৱেম্বৰ : দিল্লীৰ আছাম হাউচ এতিয়া একপ্ৰকাৰ যেন জনতা ভৱনলৈহে পৰিৱৰ্তন হৈছে ৷ কিয়নো ৰাজধানী দিছপুৰ এতিয়া প্ৰায় খালী ৷ মন্ত্ৰীতো বাদেই, কোনো বিভাগৰে শীৰ্ষ আমোলাসকল এতিয়া জনতা ভৱনত নাই ৷ আনহে নালাগে, জিলা পৰ্যায়ৰ বহু শীৰ্ষ বিষয়াৰো এতিয়া ঠিকনা হৈছেগৈ দিল্লী ৷

কেৱল মুখ্যমন্ত্ৰী, মন্ত্ৰী বা আমোলা বিষয়াই নহয়, শাসক দলৰ বহুসংখ্যক বিধায়কে বাহৰ পাতিছে দিল্লীত ৷ কোনাবা যদি আছে আছাম হাউচত, আন কোনাবা আছেগৈ কোনো বিলাসী হোটেলত ৷ মুঠতে সকলো মিলি দেশৰ ৰাজধানী দিল্লী এতিয়া উথপথপ ৷ আছাম হাউচতো বিয়াঘৰৰ ব্যস্ততা (Assam House Delhi) ৷ উদ্দেশ্য- মহাবীৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জন্মজয়ন্তী উদযাপন ৷

মহাবীৰ লাচিত বৰফুনক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ উদ্দেশ্য এইবাৰ সমগ্ৰ দেশতে লাচিত দিৱস উদযাপনৰ দিহা কৰিছে অসম চৰকাৰে (Lachit Divas in Delhi)৷ 23 নৱেম্বৰৰ পৰা দিল্লীত লাচিত বৰফুকনৰ 400 বছৰীয়া জন্মজয়ন্তীৰ উদযাপনৰ বাবে চলিছে বিশাল আয়োজন ৷ দিল্লীৰ বিজ্ঞান ভৱনত 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে লাচিত দিৱস ৷ ইতিমধ্য দিল্লীৰ বিভিন্ন স্থানত জিলিকিছে লাচিতৰ প্ৰতিচ্ছবি ৷ আনকি মেট্ৰ’ ষ্টেচনসমূহৰ লগতে ট্ৰেইনতো লগোৱা হৈছে লাচিতৰ ছবি ৷ এই ব্যয়বহুল তথা বৰ্ণাঢ্য কাৰ্যসূচীৰ সফল ৰূপায়নৰ বাবে অসমৰ মন্ত্ৰী-আমোলাই ভিৰ কৰিছেগৈ দিল্লীত ৷

জনশূন্য জনতা ভৱন, মন্ত্ৰী-আমোলাৰ দিল্লী গমন
জনশূন্য জনতা ভৱন, মন্ত্ৰী-আমোলাৰ দিল্লী গমন

বিগত তিনিদিন ধৰি অসমত নাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ এফালে গুজৰাটৰ নিৰ্বাচন, আনফালে বিশ্ব দৰবাৰলৈ লাচিত বৰফুকনক লৈ যোৱাৰ প্ৰস্তুতি ৷ গতিকে ব্যস্ত মুখ্যমন্ত্ৰীয়ে দিল্লীৰ আছাম হাউচত বাহৰ পাতি গুজৰাট আৰু দিল্লী দুয়োখন ঠাই চম্ভালি থাকিবলগীয়া হৈছে ৷ এবাৰ যদি গুজৰাটলৈ গৈ বিজেপিৰ নিৰ্বাচনী সভাত অংশ লয়, এবাৰ দিল্লীৰ লাচিত দিৱসৰ প্ৰস্তুতিৰ বুজ লয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

কেৱল মুখ্যমন্ত্ৰীয়েই নহয়, ইতিমধ্যে ৰাজ্যৰ অধিকাংশ মন্ত্ৰীও ব্যস্ত হৈ আছে দিল্লীত ৷ বাকী থকা কেইজনো যিকোনা মুহুৰ্ততে দিল্লীলৈ উৰা মৰাৰ বাবে সাজু হৈ আছে ৷ মুঠতে দিছপুৰ খালী কৰি দিল্লীৰ লাচিত দিৱসৰ কাৰ্যসূচীত দেহে-প্ৰাণে খাটিছে অসমৰ মন্ত্ৰীগণে ৷ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ বাবে ২৫ লাখ টকা ব্যয় সাপেক্ষে প্রস্তুত কৰা হৈছে থীম ছং ।

জনশূন্য জনতা ভৱন, মন্ত্ৰী-আমোলাৰ দিল্লী গমন
জনশূন্য জনতা ভৱন, মন্ত্ৰী-আমোলাৰ দিল্লী গমন

অনুষ্ঠান সফল কৰি তুলিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আটাইকেইজন মন্ত্রী, বিৰোধী দলপতি দেবব্রত শ‍ইকীয়া, কংগ্ৰেছ বিধায়িনী দলৰ উপ দলপতি ৰকিবুল হুছেইন, ইউ ডি এফ বিধায়ক কৰিমউদ্দিন বৰভূঞা আৰু আমিনুল ইছলাম, মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰ আৰু আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তসহ শীৰ্ষ বিষয়াক লৈ মূল কমিটী, মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নেতৃত্বত অভ্যর্থনা উপ সমিতি, মন্ত্রী অশোক সিংঘালৰ নেতৃত্বত অনুষ্ঠানস্থলী ব্যৱস্থাপনা উপ সমিতি, মন্ত্রী কেশৱ মহন্তৰ নেতৃত্বত প্রদর্শনী উপ সমিতি, মন্ত্রী বিমল বৰাৰ নেতৃত্বত সাংস্কৃতিক উপ-সমিতি, মন্ত্ৰী ৰঞ্জিত দাসৰ নেতৃত্বত আলোচনাচক্ৰ উপ সমিতি, মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নেতৃত্বত মুকলি সভা উপ সমিতি, মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ নেতৃত্বত তথ্যচিত্ৰ আৰু গ্ৰন্থ উপ-সমিতি, মন্ত্রী অতুল বৰাৰ নেতৃত্ব একোমোডেছন উপ-সমিতি, মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নেতৃত্বত পৰিবহন উপ সমিতি, মন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত খাদ্য উপ সমিতি, মন্ত্ৰী পীযূষ হাজৰিকাৰ নেতৃত্বত মিডিয়া আৰু প্ৰচাৰ উপ সমিতি গঠন কৰা হৈছে ।

শীৰ্ষ বিষয়াক লৈয়ো অতিৰিক্ত তিনিখন কমিটী গঠন কৰা হৈছে । মুঠতে দিছপুৰৰ লগতে প্ৰশাসনযন্ত্রটো ব্যস্ত দিল্লীৰ বিশাল আয়োজনক লৈ । উক্ত কমিটীসমূহক নিজৰ নিজৰ কামৰ বাবে প্ৰস্তাৱ অনুসৰি ধন আবণ্টন কৰাৰ ব্যৱস্থা কৰা হৈছে । আনহাতে মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ সাংস্কৃতিক অনুষ্ঠান, শব্দ, পোহৰ তথা মঞ্চৰ কামৰ দায়িত্ব অর্পণ কৰা হৈছে দিল্লীৰ ইভেণ্ট মেনেজমেন্ট প্রতিষ্ঠানক ।

উল্লেখ্য যে, 23 নৱেম্বৰৰ পৰা দিল্লীৰ বিজ্ঞান ভৱনত(Vigyan Bhawan Delhi) অনুষ্ঠিত হ’বলগীয়া লাচিত বৰফুকনৰ 400 বছৰীয়া জন্মজয়ন্তীৰ কাৰ্যসূচীৰ প্ৰথম দিনৰ কাৰ্যসূচীত ‘‘আহোম যুগৰ সোণালী অধ্যায়’’ শীৰ্ষক এক আলোচনাচক্ৰ অন্তৰ্ভূক্ত কৰা হৈছে ৷ উক্ত আলোচনাচক্ৰৰ আঁত ধৰিব ৰাজ্যৰ মুখ্য সচিব পৱন বৰঠকুৰে ৷ উক্ত আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব অৱসৰপ্ৰাপ্ত আই পি এচ বিষয়া প্ৰকাশ সিং, অসম চৰকাৰৰ তথ্য আয়ুক্ত তথা প্ৰাক্তন সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপ, তেজপুৰ বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ড৹ চন্দন কুমাৰ শৰ্মা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক কপিল কুমাৰে ৷

উক্ত দিনাই প্ৰদৰ্শন কৰা হ’ব লাচিত বৰফুকনৰ স্মৃতি বিজড়িত বহু সমল ৷ ইতিমধ্যে অসমৰ সংগ্ৰহালয়ৰ পৰা লৈ যোৱা বহু ঐতিহাসিক সমলেৰে আয়োজন কৰা হৈছে এক প্ৰদৰ্শনী ৷ উক্ত প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ 23 নৱেম্বৰৰ নিশালৈ অসমৰ পৰা যোৱা বহুকেইটা সাংস্কৃতিক দলে প্ৰদৰ্শন কৰিব বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ৷

আনহাতে 24 নৱেম্বৰত দিনৰ 11 বজাত অনুষ্ঠিত হ’ব এক আলোচনাচক্ৰ ৷ ইয়াৰ পাছতে বিয়লি 4 বজাত মঞ্চ শুৱনি কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে ৷ উক্ত কাৰ্যসূচীতে লাচিত বৰফুকনৰ জীৱনভিত্তিক এক তথ্যচিত্ৰ মুকলি কৰিব দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে ৷

আনহাতে 25 নৱেম্বৰ অৰ্থাৎ অন্তিম দিনাৰ কাৰ্যসূচীত উন্মোচন কৰা হ’ব এখন গ্ৰন্থ ৷ গ্ৰন্থ উন্মোচনী সভাখনত উপস্থিত থাকিব দেশৰ ভিন্ন প্ৰান্তৰ পৰা যোৱা ভিন্ন ক্ষেত্ৰৰ 300 জন বিশিষ্ট ব্যক্তি ৷ লগতে উপস্থিত থাকিব অসমৰ পৰা যোৱা বুৰঞ্জী বিভাগৰ 300 গৰাকী শিক্ষাৰ্থী ৷ তদুপৰি গাম্ভীৰ্যপূৰ্ণ সভাখনত অংশগ্ৰহণ কৰিব দেশৰ প্ৰায় 60 জন ইতিহাসবিদে ৷

ইয়াৰ পাছৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Modi at Lachit Divas in Delhi)৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ পাছতে বিয়লি 5 বজাত অন্ত পৰিব দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত লাচিত দিৱসৰ বিশাল কাৰ্যসূচী ৷

লগতে পঢ়ক : Radisson Blu Hotel : দিল্লীত আত্মহত্যা ৰেডিছন ব্লু হোটেলৰ মালিকৰ !

Last Updated :Nov 21, 2022, 9:46 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.