Maan Attack in Assam: পুৰণিগুদামৰ কাষৰিগাঁৱত মানৰ আক্ৰমণৰ স্মৃতিসৌধ নিৰ্মাণৰ দাবী

author img

By

Published : Nov 20, 2022, 6:30 PM IST

Nagaon

অত্যাচাৰী মান সেনাপতি মিংগিমাহা তিলোৱাৰ নেতৃত্বত অসমত কৰা তৃতীয় আক্ৰমণৰ সময়ত মান সেনাই অতি নিৰ্মমভাৱে নিৰীহ অসমীয়া মানুহবোৰক 'যাঁকি' দি হত্যা কৰিছিল (Maan commander Mingimaha Tilwa Assam attack) ৷

চামগুৰি, ২০ নৱেম্বৰ : পুৰণি দিনৰ গাৰ নোম শিয়ৰি উঠা এক ভয়াৱহ ঘটনাৰ সাক্ষী আছিল পুৰণিগুদাম কাষৰিগাঁৱৰ ৰাইজ (Maan Attack in Assam) ৷ অত্যাচাৰী মান সেনাপতি মিংগিমাহা তিলোৱাৰ নেতৃত্বত অসমত কৰা তৃতীয় আক্ৰমণৰ সময়ত মান সেনাই অতি নিৰ্মমভাৱে নিৰীহ অসমীয়া মানুহবোৰক 'যাঁকি' দি হত্যা কৰিছিল (Maan commander Mingimaha Tilwa Assam attack) ৷

পুৰণিগুদামৰ কাষৰিগাঁৱত মানৰ আক্ৰমণৰ স্মৃতিসৌধ নিৰ্মাণৰ দাবী

দিনৰ ভাগতো জয়াল পৰিৱেশে বিৰাজ কৰিছিল বিস্তীৰ্ণ এলেকাটোত ৷ এইখন ঠাইতে এটাৰ পাছত এটাকৈ বহু ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈ বহু মানুহৰ মৃত্যু হৈছে ৷ পৰৱৰ্তী সময়ত এই জয়াল আৰু ভয়াৰ্ত পৰিৱেশটোৰ পৰা পৰিত্ৰাণ বিচাৰি স্থানীয় ৰাইজে ইয়াত নিৰ্মাণ কৰে এটা সাৰ্বজনীন শিৱ মন্দিৰ ৷ চাৰি শাখাযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে সম্প্ৰতি মন্দিৰটো তাৰ পৰা স্থানান্তৰ কৰা হৈছে ৷

আনহাতে, ইয়াতে আছে ১৯৩৮ চনতে নিৰ্মাণ কৰা উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ (Srimanta Sankardev Sangha) দ্বিতীয়টো নামঘৰ ৷ ৰাইজৰ দান-বৰঙনিৰে এই নামঘৰটো নিৰ্মাণ কৰিছে কাষৰিগাঁৱৰ স্থানীয় ৰাইজে ৷

বৰ্তমান অঞ্চলটোৰ ৰাইজে দুখৰ স্মৃতি বিজড়িত যাঁকি দিয়া ঠাইখনত এটি স্মৃতিসৌধ নিৰ্মাণ কৰিবলৈ চৰকাৰলৈ বিনম্ৰ আহ্বান জনাইছে (appeal to Maan attack memorial in Puranigudam) ৷

উল্লেখ্য, এক পাৰিবাৰিক সংঘাতৰ ফলত ৰজা পূৰ্ণানন্দ বুঢ়াগোঁহাইক এশিকনি দিবৰ বাবে মান আছিল বদন বৰফুকনে । যি মানৰ আক্ৰমণত ত্ৰাহি মধুসূদন দেখিবলগা হৈছিল অসমৰ সৰ্বাসাধাৰণে । এবাৰ দুবাৰ নহয় তিনিবাৰকৈ মানে অসম আক্ৰমণ কৰিছিল । মানৰ আক্ৰমণৰ সময়ৰ সেই ভয়াৱহতা আৰু নিৰ্মম অত্যাচাৰৰ পৰা মুক্তি পাবলৈ অৱশেষত ইংৰাজ সেনাৰ শৰণাপন্ন হ'বলগা হৈছিল আহোম ৰজাই ।

তাৰ পৰিণতিতেই ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুযায়ী অবিভক্ত অসম দেশ ইংৰাজৰ দখললৈ যায় । আনহাতে, মানৰ তৃতীয় আক্ৰমণৰ সময়ত ১৮২১ চনত মান সেনা পিছহুঁহকিবলৈ বাধ্য হয় । সেই সময়ছোৱাত মানৰ অত্যাচাৰ আছিল অধিক নৃশংস । জনশ্ৰুতি অনুসৰি এই পুৰণিগুদামৰ কাষৰিগাঁৱতে মান সেনাই পৰাজয়ৰ পোতক তুলিছিল সাধাৰণ ৰাইজৰ ওপৰত ।

ইয়াতে এটা চাংঘৰ সদৃশ ঘৰ সাজি তাত নিৰ্মম অত্যাচাৰ চলাইছিল সাধাৰণ মানুহৰ ওপৰত । আনকি ঘৰটোৰ ভিতৰত জীৱন্তে মানুহ ভৰাই তাত আৰু তলত খৰি-খেৰ দি জুই জ্বলাই দি অগ্নিদগ্ধ কৰিছিল নিৰপৰাধী লোকক । ইয়াকে যাঁকি দিয়া বুলি কোৱা হয় ।

লগতে পঢ়ক :Tribute to Barpeta satra burha satriya: বশিষ্ঠ দেৱ শৰ্মাৰ সোৱঁৰণত বৰপেটা সত্ৰত ’হৰি স্তুতি’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.