Pragya Sadhak title: বিশিষ্ট চিন্তাবিদ ড৹ হীৰেণ গোহাঁইলৈ প্ৰজ্ঞা সাধক উপাধি

author img

By

Published : Nov 20, 2022, 6:43 PM IST

Updated : Nov 20, 2022, 10:52 PM IST

Pragya Sadhak title goes to Hiren Gohain

বিশিষ্ট চিন্তাবিদ ড৹ হীৰেণ গোহাঁই লৈ আগবঢ়োৱা হৈছে ‘‘প্ৰজ্ঞা সাধক’’ উপাধি (Pragya Sadhak title) ৷ আগন্তুক ২৭ নৱেম্বৰত গুৱাহাটীত আয়োজিত এক সভাত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব এই বঁটা ৷

টীয়ক, ২০ নৱেম্বৰ : বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱি সমালোচক তথা সাহিত্য জগতৰ কাণ্ডাৰী ড৹ হীৰেণ গোহাঁইলৈ টীয়কৰ অনিৰ্বান সাংস্কৃতিক গোষ্ঠীয়ে ‘‘প্ৰজ্ঞা সাধক’’ উপাধি প্ৰদান কৰিছে (Pragya Sadhak title goes to Hiren Gohain)। টীয়কৰ অগ্ৰণী সামাজিক তথা সাংস্কৃতিক সংগঠন অনিৰ্বান সাংস্কৃতিক গোষ্ঠীয়ে দেওবাৰে অনিৰ্বান সাংস্কৃতিক গোষ্ঠীৰ (Anirban Cultural Group) কাৰ্যালয়ত এক সংবাদমেল সম্বোধন ধৰি সদৰী কৰে এই কথা ৷

বিশিষ্ট চিন্তাবিদ ড৹ হীৰেণ গোহাঁই লৈ আগবঢ়োৱা হৈছে প্ৰজ্ঞা সাধক উপাধি

টীয়কৰ অগ্ৰণী সামাজিক তথা সাংস্কৃতিক সংগঠন অনিৰ্বান সাংস্কৃতিক গোষ্ঠীয়ে ৪০ টা বছৰ অতিক্ৰম কৰাৰ উপলক্ষে পদ্মৰাগ জয়ন্তী বৰ্ষত ৪০ টা বিভিন্ন কাৰ্যসূচী ৰূপায়নৰ পৰিকল্পনা হাতত লৈছে ৷ সেই উপলক্ষে আগন্তুক ২৭ নৱেম্বৰ দেওবাৰে গুৱাহাটীৰ অসম ৰাজ্যিক সংগ্ৰহালয়ৰ সভাকক্ষত আয়োজন কৰা হ’ব এক সভাৰ ৷

এই সভাতে অসমৰ বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱি ড৹ হীৰেণ গোহাঁইক (Legendary intellectual and author Dr Hiren Gohain) সমূহ টীয়কবাসীৰ হৈ সম্বৰ্ধনা জনোৱা হ’ব ৷ দিনৰ প্ৰায় ১১:১৫ বজাৰ পৰা নিদিষ্ট স্থানত অনুষ্ঠিত হ’ব উক্ত সম্বৰ্ধনা সভাখন ৷

লগতে পঢ়ক : Tribute to Barpeta satra burha satriya: বশিষ্ঠ দেৱ শৰ্মাৰ সোৱঁৰণত বৰপেটা সত্ৰত ’হৰি স্তুতি’

উল্লেখযোগ্য যে, উক্ত সম্বৰ্ধনা অনুষ্ঠানত বৃহত্তৰ টীয়কৰ ৩০ টাকৈ সংগঠন, ৫০ জনৰো অধিক ব্যক্তি, টীয়কৰ ১০ টাৰো অধিক ঐতিহ্যপূর্ণ পৰিয়ালৰ লগতে গুৱাহাটীত বসবাস কৰা টীয়কৰ বহু পৰিয়ালে উক্ত কাৰ্যসূচীত সহযোগিতা আগবঢ়াইছে ৷ লগতে সকলোৱে শ্ৰদ্ধাৰ ব্যক্তিগৰাকীলৈ বিভিন্ন উপহাৰ প্ৰেৰণৰ যো-জা চলাইছে । এই কথা সংবাদমেলযোগে সদৰী কৰে আয়োজকসকলে ৷

সেয়ে এই সম্পূৰ্ণ কাৰ্যসূচী যাতে সফলতাৰে সম্পন্ন হয় তাৰ বাবে সকলোৰে দিহা পৰামৰ্শ আয়োজকসকলে ৷ লগতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া উক্ত সভাত উপস্থিত হৈ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে উদ্যোক্তাসকলে ।

লগতে পঢ়ক : AASU general conference : বিভেদকামী ৰাজনৈতিক শক্তিক হুংকাৰ সমুজ্জ্বল কুমাৰ ভট্টাচার্যৰ

Last Updated :Nov 20, 2022, 10:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.