ETV Bharat / state

এ আই ইউ ডি এফ আৰু অগপ কৰ্মীৰ মাজত প্ৰচণ্ড সংঘাত

author img

By

Published : Jul 28, 2020, 2:15 PM IST

সমাগত বিধানসভা নিৰ্বাচন। কৰ’নাৰ আতংকৰ বাবে সাধাৰণ ৰাইজে নিৰ্বাচনৰ কথা পাহৰিলেও, ৰাজনৈতিক দল সমূহৰ মাজতে চলিয় আছে সম্পূৰ্ণ তৎপৰতা । ইয়াৰ প্ৰতিফলন দেখা গ’ল হাইলাকান্দিত সংঘটিত এ আই ইউ ডি এফ আৰু বিজেপিৰ মাজৰ ৰাজনৈতিক সংঘাতত ।

agp and aiudf clash
agp and aiudf clash

হাইলাকান্দি, 28 জুলাই : হাইলাকান্দি জিলাৰ অন্তৰ্গত জানকি বজাৰত মংগলবাৰে এ আই ইউ ডি এফ আৰু অগপ কৰ্মীৰ মাজতে সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা । অভিযোগ অনুসৰি, জিলাখনৰ আলগাপুৰ সমষ্টিৰ এটা পথ নিৰ্মাণ কৰাক লৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল অগপ কৰ্মী সকলে । যাৰ বাবে বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল প্ৰতিবাদকাৰী সকলে । কিন্তু AIUDF দলৰ কৰ্মী সকলে সহ্য কৰিব নোৱাৰিলে নিজ বিধায়কৰ অপমান । যাৰ ফলত এ আই ইউ ডি এফ আৰু এজিপি কৰ্মীৰ মাজত প্ৰথমে সৃষ্টি হয় তীব্ৰ বাক বিতণ্ডাৰ । লাহে লাহে বাক বিতণ্ডাই ৰূপ লয় সংঘাতৰ।

এ আই ইউ ডি এফ আৰু অগপ কৰ্মীৰ মাজত প্ৰচণ্ড সংঘাত

মুহুৰ্তৰ মাজতে দুই দলৰ কৰ্মীৰ মাজতে সৃষ্টি হয় প্ৰচণ্ড মাৰপিট ৷ এই ঘটনাত আঘাতপ্ৰাপ্ত হয় দুয়োটা দলৰ কৰ্মী । অগপ দলৰ কৰ্মীৰ অভিযোগ, আলগাপুৰ সমষ্টিৰ বিধায়ক হাজি নিজাম উদ্দিন চৌধুৰীৰ নিৰ্দেশত এ আই ইউ ডি এফৰ কৰ্মীয়ে আক্ৰমণ কৰে তেওঁলোকৰ ওপৰত । আনহাতে এ আই ইউ ডি এফ দলৰ কৰ্মীয়ে অভিযোগ উত্থাপন কৰে যে, অগপ দলৰ শীৰ্ষ নেতাৰ নিৰ্দেশত দলীয় কৰ্মীয়ে আক্ৰমণ চলাই এ আই ইউ ডি এফ কৰ্মীৰ ওপৰত । দুয়োটা পক্ষই নিজাববীয়াকৈ পাঁচগ্ৰাম আৰক্ষী চকীত উভয়ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক : পানীৰ মাজৰ জৰাজীৰ্ণ জুপুৰীত আবদ্ধ এটা পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.