ETV Bharat / state

পানীৰ মাজৰ জৰাজীৰ্ণ জুপুৰীত আবদ্ধ এটা পৰিয়াল

author img

By

Published : Jul 27, 2020, 3:35 PM IST

ধুবুৰী জিলাৰ ভাসানীচৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত অয়ৰাণ জংলা প্ৰথম খণ্ড গাঁৱৰ চৌদিশ এতিয়া পানীৰ মাজত ৷ তাৰ মাজতে থকা এটা জৰাজীৰ্ণ জুপুৰীত আবদ্ধ হৈ আছে এটা পৰিয়াল ৷

জৰাজীৰ্ণ জুপুৰীত আবদ্ধ এটা পৰিয়াল
জৰাজীৰ্ণ জুপুৰীত আবদ্ধ এটা পৰিয়াল

ধুবুৰী, 27 জুলাই: কেউফালে পানী তাৰ মাজতে এটা জুপুৰী ৷ সেই জুপুৰীটোৰ ভিতৰতে আবদ্ধ এটা পৰিয়াল ৷ তিনি সন্তানক বুকুত সাৱটি এখন নাৱৰ অপেক্ষাত এহাল অসহায় পিতৃ-মাতৃ ৷ বানাক্ৰান্তৰ দুৰ্বিষহ জীৱন সংগ্ৰামৰ এইয়া এক জীয়া কাহিনী ৷

পানীৰ মাজৰ জৰাজীৰ্ণ জুপুৰীত আবদ্ধ এটা পৰিয়াল

এয়া ধুবুৰী জিলাৰ ভাসানীচৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত অয়ৰাণ জংলা প্ৰথম খণ্ড গাঁও ৷ গাঁওখনৰ চৌদিশে কেৱল পানী আৰু পানী ৷ তাৰ মাজতে পৰিলক্ষিত হৈছে এটা জৰাজীৰ্ণ জুপুৰি ৷ সেই জুপুৰীটোতে বাস কৰি আছে 5 জনীয়া সদস্যৰে ভৰা এটা পৰিয়ালে ৷ ইতিমধ্যে সংহাৰী বানত প্লাৱিত হৈছে জুপুৰীটোৰ ভিতৰছোৱা ৷ তথাপিও অসহায়,আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে কোনো মতে বাস কৰি আছে এই জৰাজীৰ্ণ ঘৰটোৰ ভিতৰত ৷

পানীৰ মাজৰ জৰাজীৰ্ণ জুপুৰীটো
পানীৰ মাজৰ জৰাজীৰ্ণ জুপুৰীটো

দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দি থকা জুপুৰীটোৰ গৰাকী জামাত আলীয়ে তেওঁৰ পত্নী আৰু তিনি সন্তানসহ কটাইছে দুৰ্বিষহ জীৱন ৷ বানৰ মাজত এতিয়া এনেদৰেই নৰক যন্ত্ৰণাৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে পৰিয়ালটোৱে ৷ পানীৰ মাজত আবদ্ধ হৈ পৰিছে তেওঁলোক ৷ প্ৰতিদিনেই তেওঁলোকে আশাৰে বাট চাই ৰয়,এখন উদ্ধাৰকাৰী নাৱলৈ ৷ এখন নাও আহিব আৰু তেওঁলোকক উদ্ধাৰ কৰি লৈ যাব সেই জৰাজীৰ্ণ জুপুৰীৰ পৰা ৷ কিন্তু প্ৰতিদিনেই তেওঁলোকৰ সেই আশাত পৰে চেচাপানী ৷ এনে বিপদসংকুলতাৰ মাজত থকা সত্বেও তেওঁলোকক উদ্ধাৰৰ বাবে নাহিল কোনো লোক ৷ আনকি তেওঁলোকৰ পৰিস্থিতিৰ বুজ লব'লৈয়ো নাহিল কোনো এগৰাকী জনপ্ৰতিনিধি কিম্বা জিলা প্ৰশাসনৰ লোক ৷

তাতেই আবদ্ধা এটা আৰ্থিকভাৱে দুৰ্বল পৰিয়াল
তাতেই আবদ্ধা এটা আৰ্থিকভাৱে দুৰ্বল পৰিয়াল

তিনিবাৰকৈ জিলাখনৰ ভিন্ন প্ৰান্তৰ লগতে সেই গাঁওখন বানে ধুই নিয়াৰ পাচতো কেৱল 3 কিলোগ্ৰাম চাউল আৰু ৬০০ দাইলৰ বাহিৰে আন কোনো সাহায্য নাপালে তেওঁলোকে ৷ চৰকাৰে বানাক্ৰান্তৰ বাবে বহু কোটি কোটি টকাৰ আঁচনি হাতত লৈছে যদিও,সেই আঁচনিৰ পৰা আজিও বঞ্চিত হৈ ৰৈছে জামাত আলীৰ পৰিয়ালৰ দৰে বহু লোক ৷

লগতে পঢ়ক: আই নদীৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম অৰ্ধ শতাধিক পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.