ETV Bharat / state

Encounter in Golaghat: এইবাৰ গোলাঘাটত এনকাউন্টাৰ, চোৰাং চিকাৰী নিহত

author img

By

Published : Feb 3, 2022, 8:01 PM IST

Updated : Feb 3, 2022, 8:47 PM IST

এইবাৰ গোলাঘাটত আৰক্ষীৰ এনকাউন্টাৰ (Encounter in Golaghat) ৷ গোলাঘাট আৰক্ষীৰ এনকাউন্টাৰত নিহত হ’ল চোৰাং চিকাৰী ৷ কিছুদিন পূৰ্বে কাজিৰঙাত উদ্ধাৰ হোৱা মৃত গড়টোৰ হত্যাকৰী আছিল একাউন্টাৰত নিহত আব্দুল চৈয়দ ৷

Encounter in Golaghat
গোলাঘাটত অসম আৰক্ষীৰ এনকাউন্টাৰ

গোলাঘাট, 3 ফেব্ৰুৱাৰী: এইবাৰ গোলাঘাটত চলিল অসম আৰক্ষীৰ এনকাউন্টাৰ (Encounter in Golaghat)। গোলাঘাটৰ ধনশিৰি মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটৰ জাহাজীগাঁৱত সংঘটিত হয় এই এনকাউন্টাৰ ।

বুধবাৰে পুৱতি নিশা চলা আৰক্ষী আৰু ১৫৫ নং চি আৰ পি এফৰ যুটীয়া অভিযানত আব্দুল চৈয়দ নামৰ এটা চোৰাং চিকাৰী নিহত হয় । অভিযানকাৰী দলটোলৈ লক্ষ্য কৰি তিনি/চাৰিজনীয়া দুৰ্বৃত্তৰ দলে কৰে গুলীচালনা ।

এইবাৰ গোলাঘাটত এনকাউন্টাৰ, চোৰাং চিকাৰী নিহত

কাজিৰঙাৰ চোৰাং চিকাৰৰ সৈতে জড়িত থকা তথ্যৰ ভিত্তিত আৰক্ষী আৰু ১৫৫ নং চি আৰ পি এফে চলাইছিল এই অভিযান । গোলাঘাটৰ আৰক্ষী অধীক্ষক সুমিত শৰ্মাই জানিবলৈ দিয়া অনুসৰি, এনকাউন্টাৰত নিহত হোৱা আব্দুল চৈয়দ শেহতীয়াকৈ কাজিৰঙাৰ গড় চিকাৰৰ লগত জড়িত( Involved in rhino poaching in Kaziranga) । আব্দুল চৈয়দৰ লগতে গড় চিকাৰত জড়িত আছিল আচমত আলি, আব্দুল মৈতিন, আতুৱাৰ ৰহমান, আজিবুৰ, চেয়ফুল আৰু উত্তম খাকলাৰী । উক্ত চোৰাং চিকাৰৰ বাবে বিশ্বনাথৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সোমাইছিল ছয়জনীয়া দলটো । আটাইকেইটা চোৰাং চিকাৰীৰ ঘৰ বিশ্বনাথ জিলাত ।

আনহাতে কজিৰঙাত মৃত্যু হোৱা গড়টোক উত্তম খাকলাৰীয়েই গুলীয়াই হত্যা কৰা বুলি মৃত্যুৰ আগমুহুৰ্তত স্বীকাৰ কৰে ৷ সম্প্ৰতি পলাতক অৱস্থাত থকা চোৰাং চিকাৰীকেইটাৰ সন্ধান দিওঁতালৈ 2 লাখ টকাৰ পুৰস্কাৰ আগবঢ়োৱাৰ কথা ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা ঘোষণা কৰা হৈছে (Rs 2 lakh reward for leads on three rhino poachers) ।

লগতে পঢ়ক: Mission against poachers: বিশ্বনাথত নকল খড়্গসহ চোৰাং চিকাৰী আটক

Last Updated :Feb 3, 2022, 8:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.