ETV Bharat / state

Mission against poachers: বিশ্বনাথত নকল খড়্গসহ চোৰাং চিকাৰী আটক

author img

By

Published : Feb 3, 2022, 7:03 PM IST

Biswanath police seized fake rhino horn
নকল গঁড় খড়্গসহ ৬ বেপাৰী আটক

চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে বিশ্বনাথ আৰক্ষীয়ে (Mission against poachers)৷ ইয়াৰ মাজতে ৭০ লাখ টকাত নকল খড়্গ বিক্ৰী কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ছটা বেপাৰী ৷

বিশ্বনাথ, ৩ ফেব্ৰুৱাৰী: ৰাজ্যত চোৰাং চিকাৰী বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী বিভাগ । ইফালে অসম আৰক্ষীয়ে পলাতক চোৰাং চিকাৰীৰ বিৰুদ্ধে ঘোষণা কৰিছে পুৰস্কাৰ (Reward for information on rhino horn and poacher) । পুৰস্কাৰ ঘোষণা কৰা এটা দিনৰ পিছতে বিশ্বনাথ আৰক্ষীৰ জালত পৰিল ছটাকৈ নকল গঁড়ৰ খড়্গৰ বেপাৰী (Biswanath police seized fake rhino horn) ।

বিশ্বনাথ চাৰিআলিত ৭০ লাখ টকাত নকল খৰ্গ বিক্ৰী কৰিবলৈ চেষ্টা চলাওতেই বিশ্বনাথ আৰক্ষীয়ে খৰ্গসহ গ্ৰেপ্তাৰ কৰে ছটাকৈ গঁড়ৰ খৰ্গ বেপাৰীক । আৰক্ষীয়ে আটক কৰা চোৰাং চিকাৰীকেইটা ক্ৰমে আছলাম শ্বেখ(২৩), হামিদ শ্বেখ(৩৩), ঘনশ্যাম গুপ্তা(৬০), জামিৰ ধালি(৩৫), মন্টু চামুৱা(৩৫), কিৰণ দাস(৩৬)।

নকল খড়্গসহ ৬ চোৰাং চিকাৰী আটক

ইফালে আৰক্ষীয়ে খৰ্গ বেপাৰী কেইটা পৰা এটা গঁড়ৰ খড়্গ উদ্ধাৰ কৰে । ইফালে এই খড়্গ বেপাৰীকেইটা গ্ৰেপ্তাৰ কৰাৰ পিছতে বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেই আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এখনি সংবাদ মেল আয়োজন কৰি চোৰাং চিকাৰীৰ বিৰুদ্ধে অব্যাহত থকা অভিযানৰ বিষয়ে প্ৰকাশ কৰে ৷ ইয়াৰ লগতে নকল গঁড়ৰ খৰ্গ বেপাৰী কেইটাৰ পৰা জব্দ কৰা নকল খৰ্গটো ৫২৮ গ্ৰাম ওজনৰ বুলি সংবাদ মেলত উল্লেখ কৰে ।

লগতে পঢ়ক: নিয়তিৰ ওচৰত হাৰ মানিলে নামবৰ দৈগ্ৰোং বনাঞ্চলৰ অসুস্থ গজৰাজে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.