ETV Bharat / state

Manash Bargohain joins ULFA I : আলফা(স্বা)লৈ গ’ল গোলাঘাটৰ মৰাণ গাঁৱৰ যুৱক মানস বৰগোহাঁই

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 6:48 PM IST

Manash Bargohain joins ULFA I
মানস বৰগোহাঁয়ে যোগদান কৰিছে আলফা (স্বা)ত

আকৌ আলফা (স্বা) ত যোগদান কৰিলে আন এজন অসমীয়া যুৱকে ৷ তথ্য অনুসৰি, গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত বৰপথাৰ অঞ্চলৰ মৰাণ গাঁৱৰ মানস বৰগোহাঁয়ে আলফা (স্বা) ত যোগদান কৰে ৷ এই কথা মানস বৰগোহাঁয়ে ফেচবুক পোষ্টযোগে নিজে সদৰী কৰে ৷

মানস বৰগোহাঁয়ে যোগদান কৰিছে আলফা (স্বা)ত

সৰুপথাৰ, 1 নৱেম্বৰ : ডিজিপি জি পি সিঙৰ বিৰামহীন সকীয়নিৰ পিচতো আলফা স্বাধীনলৈ বাট পোনাবলৈ বাদ দিয়া নাই নতুন প্ৰজন্মৰ বহু যুৱকে ৷ শেহতীয়াকৈ ভাৰতীয় সেনা বাহিনীত কৰ্মৰত হৈ থকা অৱস্থাত বিহপুৰীয়াৰ এজন যুৱকে আলফা (স্বা) ত যোগ দিয়া বুলি সামাজিক মাধ্যমত আনুষ্ঠানিকভাৱে স্বীকাৰ কৰাৰ মাত্ৰ এটা দিনৰ পাচতে পুনৰ গোলাঘাটৰ আন এজন যুৱকে আলফা (স্বা)ত যোগ দিয়াৰ কথা পোহৰলৈ আহিছে ৷

তথ্য অনুসৰি, গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত বৰপথাৰ অঞ্চলৰ মৰাণ গাঁৱৰ নিবাসী দেবেন বৰগোহাঁইৰ পুত্ৰ মানস বৰগোহাঁয়ে যোগদান কৰিছে আলফা (স্বা)ত ৷ বুধবাৰে দিনৰ ভাগত এটা ফেচবুক প’ষ্টৰ লগতে ভিডিঅ’ৰ জৰিয়তে মানসে আলফা স্বাধীনত যোগদান কৰাৰ কথা ঘোষণা কৰে ৷

এই ফেচবুক প’ষ্টটো ভাইৰেল হোৱাৰ পাচতে মানসৰ ঘৰত এক হাহাকাৰ পৰিস্থিৰ সৃষ্টি হয় ৷ বৰপথাৰৰ ঘৰখনত মানসৰ পিতৃ-মাতৃৰ উপৰি এগৰাকী ভগ্নীও আছে ৷ তিনিজনীয়া এই পৰিয়ালটোৱে মানসৰ এই খবৰ পাই এতিয়া বিনিদ্ৰ নিশা কটাবলগীয়া হৈছে ৷

খবৰ অনুসৰি, মানস বৰগোঁহাই নামৰ যুৱকজন ব্যৱসায়ৰ সূত্ৰে দীৰ্ঘদিন ধৰি গুৱাহাটীত বাস কৰিছিল ৷ পিতৃয়ে জনোৱা মতে, প্ৰায় এটা মাহৰ পূৰ্বে শেষবাৰৰ বাবে ঘৰলৈ আহিছিল মানস । বিগত 11 ছেপ্তেম্বৰত গুৱাহাটীত খুৰাকেও লগ পাইছিল মানসক । তাৰ পিচৰে পৰা কাৰ্যতঃ মানসৰ সৈতে কোনো যোগাযোগ হোৱা নাই ঘৰখনৰ ৷

আনকি পিতৃ আৰু খুৰাকে বাৰম্বাৰ চেষ্টা চলোৱাৰ পিচতো মানসৰ সৈতে কোনোধৰণৰ যোগাযোগ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ তাৰ মাজতে বুধবাৰে ফেচবুকযোগে মানসে এটা পোষ্ট দিয়াত একপ্ৰকাৰ সকলো উৎকণ্ঠাৰ অৱসান ঘটে ৷ ফেচবুক পোষ্টটোত মানসে স্পষ্টকৈ উল্লেখ কৰে যে তেওঁ নিজ ইচ্ছাত আলফা (স্বা)ত যোগদান কৰিছে ৷ এই পোষ্টটো ভাইৰেল হৈ পৰাৰ লগে লগে তৎপৰ হৈ পৰে অসম আৰক্ষী ৷

ইতিমধ্যে গোলাঘাট আৰক্ষী বৰপথাৰস্থিত মানসৰ ঘৰত উপস্থিত হৈ পিতৃ-মাতৃ, ভগ্নীৰ উপৰিও পৰিয়ালৰ আন আন লোকক সোধা-পোচা আৰম্ভ কৰিছে ৷ ইপিনে পুত্ৰৰ এই খবৰ পাই মানসৰ ৰুগীয়া পিতৃয়েও পৰেশ বৰুৱালৈ কাতৰ আহ্বান জনাইছে, যাতে তেওঁলোকৰ পুত্ৰক নিৰাপদে আলফা (স্বা)ই ঘৰলৈ ঘূৰাই পঠিয়ায় ৷

লগতে পঢ়ক : Army Jawan Joins ULFA I : আলফা(স্বা)ত যোগদান কৰা পৱন নেওগৰ বাসগৃহত কেৱল কান্দোনৰ ৰোল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.