ETV Bharat / state

Army Jawan Joins ULFA I : আলফা(স্বা)ত যোগদান কৰা পৱন নেওগৰ বাসগৃহত কেৱল কান্দোনৰ ৰোল

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 10:38 PM IST

Army Jawan Joins ULFA I
আলফা(স্বা)ত যোগদান কৰা পৱন নেওগৰ বাসগৃহত কেৱল কান্দোনৰ ৰোল

আলফা(স্বা)ত যোগদান কৰা নাৰায়ণপুৰৰ পৱন নেওগৰ ঘৰত অবৰ্ণীয় পৰিৱেশ ৷ কেউফালে কেৱল কান্দোনৰ ৰোল ৷ একো উৱাদিহ নোপোৱা দুবছৰীয়া সন্তানটোৱে পদূলিলৈ চাই ৰৈছে দেউতাক আহিব আহিব বুলি... ৷

আলফা(স্বা)ত যোগদান কৰা পৱন নেওগৰ বাসগৃহত কেৱল কান্দোনৰ ৰোল

বিহপুৰীয়া, ৩১ অক্টোবৰ : বিগত প্ৰায় 5 টা মাহে এটি দুবছৰীয়া শিশুৱে পদূলিলৈ দুচকু থৰ কৰি চাই আছে দেউতাক আহিব আহিব বুলি ৷ এগৰাকী নৱবিবাহিতা আৰু এহাল পিতৃ-মাতৃও ৰৈ আছে তেওঁ আহিব বুলি ৷ কিন্তু মঙলবাৰে যি খবৰ বিয়পি পৰিল, সেয়া যেন খবৰ নহয় এজাক ধুমুহাহে ৷ নাৰায়ণপুৰৰ এখন ঘৰৰ প্ৰতিগৰাকী সদস্যৰ চকুত চকুলো, বুকুত আতংক ৷ নিষিদ্ধঘোষিত বিদ্ৰোহী সংগঠনত যোগদান কৰিলে সেনা বাহিনীত কৰ্মৰত জোৱান পৱন নেওগে ৷

মঙলবাৰে আলফা(স্বা)ই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ বাৰ্তাই স্পষ্ট কৰিলে ভাৰতীয় সেনা বাহিনীত কৰ্মৰত নাৰায়ণপুৰৰ জোৱান পৱন নেওগে নিষিদ্ধষোঘিত সংগঠনটোত যোগদানৰ কথা ৷ উল্লেখ্য যে ভাৰতীয় সেনাৰ অসম ৰেজিমেণ্টত কৰ্মৰত নাৰায়ণপুৰ নগৰৰ ১ নং ৱাৰ্ডৰ বাসিন্দা খগেন নেওগ আৰু মইনা নেওগৰ কনিষ্ঠ পুত্ৰ পৱন নেওগ যোৱা ১৯ মে'ৰ পৰা নিৰুদ্দেশ হৈ আছিল ৷ সেইদিনা বিয়লি ঘৰৰ পৰা কৰ্মস্থলী তিনিচুকীয়াৰ দাইচাজানলৈ গৈ থকা অৱস্থাত নিৰুদ্দেশ হৈছিল সেনা জোৱান পৱন নেওগ ।

পৰিয়ালৰ লগতে বিভাগীয়ভাৱে পৱনক বিভিন্ন স্থানত বিচাৰ-খোচাৰ কৰিছিল যদিও কোনো সন্ধান পাবলৈ সক্ষম হোৱা নাছিল ৷ সেইদিন ধৰি পৰিয়ালটো দুখত ভাগি পৰাৰ লগতে এক শোকাকুল পৰিবেশ বিৰাজ কৰিছিল ঘৰখনত । পৰিয়ালৰ লোকে নাৰায়ণপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰকো লিখিতভাৱে জনাইছিল যদিও কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ।

পত্নী আৰু এটি দুবছৰীয়া পুত্ৰ সন্তানক এৰি থৈ যোৱা পৱন নেওগে মন্তব্য ৰখা এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে আলফা স্বাধীনত যোগদান কৰাৰ খবৰ পৰিয়ালৰ লোকে লাভ কৰে । ইয়াৰ পাচতে ঘৰখনত কান্দোনৰ ৰোল উঠে । পত্নী, পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ লোকসকলে পৱনক ঘৰলৈ ঘূৰাই পঠিয়াবলৈ কাতৰ আহ্বান জনাইছে পৰেশ বৰুৱাৰ প্ৰতি ।

লগতে পঢ়ক : Army Jawan Joins ULFA I : দীৰ্ঘদিন নিৰুদ্দেশ হৈ থকা সেনা জোৱান পৱন নেওগৰ আলফাত(স্বা)ত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.