Army Jawan Joins ULFA I : দীৰ্ঘদিন নিৰুদ্দেশ হৈ থকা সেনা জোৱান পৱন নেওগৰ আলফাত(স্বা)ত যোগদান

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 4:32 PM IST

thumbnail

নিউজ ডেস্ক, 31 অক্টোবৰ : ভাৰতীয় সেনা বাহিনীৰ এগৰাকী জোৱানে আলফা(স্বা) যোগদান কৰা খবৰ পোহৰলৈ আহিছে ৷  যোৱা 19 মে’ৰ পৰা সন্ধানহীন হৈ থকা জোৱানজনে বিদ্ৰোহী সংগঠনটোত যোগদানৰ খবৰ এক ভিডিঅ’ বাৰ্তাযোগে জানিবলৈ দিছে ৷

উল্লেখ্য লখিমপুৰৰ নাৰায়ণপুৰৰ নিবাসী খগেন নেওগৰ পুত্ৰ ২৫ বছৰীয়া পৱন নেওগ আছিল ভাৰতীয় সেনাবাহিনীৰ অসম ৰেজিমেণ্টত কৰ্মৰত ৷ এমাহৰ বাবে ঘৰলৈ বুলি ছুটি লৈ অহাৰ পাচত কৰ্মক্ষেত্ৰত যোগদানৰ বাবে গৈছিল চলিত বৰ্ষৰ ১৯ মে’ত ৷ ১৯ মে’ত কৰ্মস্থলী তিনিচুকীয়া জিলাৰ দাইচাজানলৈ বুলি ৰে'লযোগে ৰাওনা হোৱাৰ পাচৰে পৰা সন্ধানহীন হৈ আছিল ৷ পৱন নেওগৰ পৰিয়ালৰ লোক আৰক্ষীৰ কাষ চাপিছিল যদিও কোনো শুংসূত্ৰ লাভ কৰিব পৰা নাছিল ৷  

প্ৰায় 6 মাহৰ অন্তত মঙলবাৰে পৱন নেওগে প্ৰেৰণ কৰা এক ভিডিঅ’ বাৰ্তাযোগে জানিবলৈ দিয়ে যে তেওঁ 2023ৰ জুন মাহত নিষিদ্ধঘোষিত সংগঠন আলফা(স্বা)ত যোগদান কৰিছে ৷

লগতে পঢ়ক : Youth joins in ULFA: পত্নী আৰু দুই কন্যা সন্তানক এৰি আলফা স্বাধীনত যোগ দিলে পলাশে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.