ETV Bharat / state

Youth joins in ULFA: পত্নী আৰু দুই কন্যা সন্তানক এৰি আলফা স্বাধীনত যোগ দিলে পলাশে

author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 10:17 AM IST

শেহতীয়াকৈ ডিব্ৰুগড় জিলাৰ মৰাণৰ পলাশ কোঁ‌ৱৰ (২৪) নামৰ যুৱকজন আলফা (স্বাঃ)ত যোগদান কৰাৰ খবৰ পোৱা গৈছে। যোৱা ২৭ অক্টোবৰত এটা ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ কৰি সোণৰ অসম গঢ়িবলৈ সংযুক্ত মুক্তি বাহিনীত যোগদান কৰাৰ কথা উল্লেখ কৰে যুৱকজনে।

Youth joins in ULFA
পত্নী আৰু দুই কন্যা সন্তানক এৰি আলফা স্বাধীনত যোগ দিলে পলাশে

পত্নী আৰু দুই কন্যা সন্তানক এৰি আলফা স্বাধীনত যোগ দিলে পলাশে

মৰাণ, 30 অক্টোবৰ : আলফা (স্বাঃ)ৰ শিবিৰত যুৱক-যুৱতীক মৃত্যুদণ্ড দিয়াৰ খবৰ ৰাজহুৱা হোৱাৰ পাচতে ৰাজ্যৰ সচেতন মহলত উদ্বেগৰ সৃষ্টি হৈছে। তেনে সময়তে পুনৰ আলফা (স্বাঃ)ত যোগদান মৰাণৰ এজন যুৱকৰ ৷

শেহতীয়াকৈ ডিব্ৰুগড় জিলাৰ মৰাণৰ পলাশ কোঁ‌ৱৰ (২৪) নামৰ যুৱকজন আলফা (স্বাঃ)ত যোগদান কৰাৰ খবৰ পোৱা গৈছে। পত্নী আৰু দুই কন্যা সন্তানক এৰি আলফা স্বাধীনত যোগ দিলে মৰাণৰ সমীপৰ বৰপথাৰ দামৈখাটিৰ পলাশ কোঁ‌ৱৰ (২৪) নামৰ বিবাহিত যুৱকজনে। চানাৰ দোকান দি পৰিয়াল পোহপাল দি থকা যুৱকজনে শেহতীয়াকৈ শদিয়াত কাম কৰি আছিল। পূজাত ঘৰলৈ আহি যোৱা ২৪ অক্টোবৰত ঘৰৰ পৰা পূজা চাবলৈ বুলি ওলাই গৈছিল।

ইয়াৰ পিচতে ২৭ অক্টোবৰত এটা ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ কৰি সোণৰ অসম গঢ়িবলৈ সংযুক্ত মুক্তি বাহিনীত যোগদান কৰাৰ কথা উল্লেখ কৰে যুৱকজনে। যুৱকজনে নিজৰ ফেচবুক একাউণ্টৰ পৰা স্বাধীন অসমৰ এটা দীঘলীয়া পোষ্ট দিছে। যাৰ বাবে পৰিয়ালৰ মাজত এক হাহাকাৰ অৱস্থা সৃষ্টি হৈছে ৷

ইফালে পত্নীসহ দুগৰাকী কন্যা সন্তান থকা যুৱকজনৰ পিতৃ গুণ কোঁ‌ৱৰ, মাতৃ অৰুণা কোঁ‌ৱৰ আৰু পত্নীয়ে যুৱকজনক ঘৰলৈ ঘূৰাই পঠিয়াবলৈ পৰেশ বৰুৱালৈ কাতৰ আহ্বান জনাইছে। পিতৃয়ে কান্দোনত ভাগি পৰি কয় যে আমাৰ একমাত্ৰ ল’ৰাটোক ঘৰলৈ উভতাই দিয়ক ৷

এতিয়া যেন আলফাৰ শিবিৰত চলি থকা মৃত্যুদণ্ডৰ খবৰেও যেন একাংশ যুৱক-যুৱতীক শংকিত কৰিব পৰা নাই। উজনিত এতিয়াও চলি আছে আলফা স্বাধীনৰ ধন সংগ্ৰহ আৰু সদস্য ভৰ্তিৰ অভিযান।

উল্লেখ্য যে শেহতীয়া তথ্য অনুসৰি সংগঠনটোৰ শিবিৰৰ পৰা পলায়নৰ চেষ্টা চলোৱাৰ অভিযোগত দুজন আলফা কেডাৰক হত্যা কৰা হৈছিল ৷ কিছুদিন পূৰ্বে মৃত্যুদণ্ডৰে দণ্ডিত নেতা এ জেড শিৰোনাম অসমে দুয়োজন কেডাৰক গুলীয়াই হত্যা কৰাৰ কথা নিশ্চিত হৈছে ৷ প্ৰকৃততে বৃহস্পতিবাৰে আলফা(স্বা)ৰ ফালৰ পৰা এই সন্দৰ্ভত সংবাদ মাধ্যমলৈ এক ভিডিঅ' বাৰ্তাও প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক: ULFA I killed cadre: কিয় হত্যা কৰা হ’ল বিভাকৰক ? পৰেশ বৰুৱাক উত্তৰ বিচাৰিলে মৃত যুৱকৰ পিতৃয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.