ETV Bharat / state

এক কিলোগ্ৰাম চাউলতকৈও ৭ টকা কম মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ দৈনিক মজুৰি

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 7:05 PM IST

mid day meal workers hold protest in goalpara
মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

Mid-day meal workers protest: গোৱালপাৰাত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ । ৬ দফীয়া দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ।

মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

গোৱালপাৰা, 22 ডিচেম্বৰ : শুকুৰবাৰে গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ গোৱালপাৰা জিলা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰায় দুই সহস্ৰাধিক মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে নিজৰ প্ৰাপ্য আদায়ৰ দাবীত হাতে হাতে প্লে’-কাৰ্ড লৈ গোৱালপাৰা চহৰৰ ধুবুৰী বাছ আস্থানৰ পৰা ৰেলী উলিয়াই চহৰখনৰ মাজমজিয়াৰে আহি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে ৷

‘‘শিক্ষা বিভাগ হায় হায়, শিক্ষামন্ত্ৰী হুঁচিয়াৰ, বিজেপি চৰকাৰ হুঁচিয়াৰ, আমাৰ দাবী ন্যায্য দাবী, দাবী মানি ল’ব নোৱাৰা চৰকাৰ হায় হায়, আমাৰ দাবী মানি লওক’’ আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে । মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ গোৱালপাৰা জিলা সমিতিৰ সম্পাদিকা জয়মতী দাসে কয় যে এইখন চৰকাৰ পুঁজিপতিৰ চৰকাৰ, দুখীয়াৰ চৰকাৰ নহয় । এইখন চৰকাৰে দুখীয়া আৰু সাধাৰণ শ্ৰমিক, কৃষকৰ মৰ্যদা বুজি নাপায় । এই চৰকাৰখনে শিশুক লৈ যিখন আঁচনি লৈছে তাৰ তত্বাৱধান লয় ৰন্ধন কৰ্মচাৰীসকলে । কিন্তু হৃদয়হীন চৰকাৰখনে আজিৰ দিনতো ৰন্ধন কৰ্মীসকলক দিনে ৩৩ টকাকৈ অৰ্থাৎ মাহিলী ১৫০০ টকাৰে মাননি দিয়ে ।

বৰ্তমান সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰন্ধন কৰ্মীসকলক । ভাৰতবৰ্ষৰ অইন অইন ৰাজ্যৰ চৰকাৰে ৰন্ধন কৰ্মীসকলৰ দৰমহা পৰ্যাপ্ত পৰিমাণে দি আছে কিন্তু অসমৰ চৰকাৰখনে ৰন্ধন কৰ্মীক প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰি আহিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সাধাৰণ শ্ৰেণীৰ কৰ্মচাৰীৰ পৰিৱৰ্তে নিজৰ স্বাৰ্থৰ কাৰণে পুঁজিপতিক বিচাৰি ফুৰে বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰে প্ৰতিবাদকাৰীয়ে । যদি বৰ্তমানৰ চৰকাৰে দাবী মানি নলয় তেন্তে অনাগত দিনত ইয়াতকৈ ভয়ংকৰ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে তেওঁলোকে ।

মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ গোৱালপাৰা জিলা সমিতিয়ে মধ্যাহ্ন ভোজন আঁচনি বেচৰকাৰী কৰণৰ প্ৰচেষ্টা বন্ধ কৰক, বছৰৰ ১২ মাহৰ বাবেই মাননি প্ৰদান কৰক, কৰ্মস্থলীত আঘাতপ্ৰাপ্ত ৰন্ধন কৰ্মীক চিকিৎসা সাহায্য প্ৰদান কৰক, কাম হেৰুৱা ৰন্ধন কৰ্মীক এককালীন ৩ লাখ টকাৰ সাহায্য প্ৰদান কৰক, ন্যূনতম মজুৰি আইনৰ ভিত্তিত ১০ হাজাৰ টকা মাহিলী মাননি নিৰ্ধাৰণ কৰক আৰু সমস্ত বকেয়া মাননি শীঘ্ৰে আদায় দিয়ক এই ৬ দফীয়া দাবীৰে আজি গোৱালপাৰা জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : Mid day meal workers protest: মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ, দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.