ETV Bharat / state

3 বজাৰ সংবাদ শীৰ্ষ

author img

By

Published : Jan 5, 2022, 2:57 PM IST

3 বজাৰ সংবাদ শীৰ্ষ
3 বজাৰ সংবাদ শীৰ্ষ

3 বজাৰ সংবাদ শীৰ্ষ

Covid Situation of Assam : ৰাজ্যৰ ক'ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী

ক'ভিড পৰিস্থিতিকলৈ উদিগ্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM concerned about Assm covid situation ) ৷ দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ক'ভিড ৰোগী চিনাক্ত হোৱাৰ পাছতে ৰাজ্যৰ ক'ভিড পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে । বুধবাৰে দুলীয়াজানত সংবাদ মাধ্যমৰ তেওঁ উদ্বেগ প্ৰকাশ কৰি কয় যে, দেশত অমিক্ৰণৰ ভয়াবহতা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে ৷

Covid cases increase in Kakopathar : কাকপথাৰত একেটা কাৰ্যালয়ৰে 5 গৰাকী আক্ৰান্ত কৰ’ণাত

ৰাজ্যত পুনৰ ক’ভিড-19 ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ কাকপথাৰৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান কাৰ্যালয়ৰ 5 জনকৈ কৰ্মচাৰীৰ দেহত পোৱা গৈছে ক’ভিড-19 ৰ অৱস্থিতি (Five people tested corona positive at Kakopothar) ৷ বৰ্তমান কৰ্মচাৰী কেইজনে হোম আইছ’লেচনত থকা বুলি কাৰ্যালয়টোৰ মুৰব্বীজনে জানিবলৈ দিয়ে ৷

দহ বছৰে সম্পূৰ্ণ নহ’ল গাগলমাৰী উপ স্বাস্থ্যকেন্দ্ৰৰ নিৰ্মাণ কাৰ্য

10 বছৰ পূৰ্বে নিৰ্মাণ কৰা জনিয়াৰ গাগলমাৰী গাঁৱৰ উপ স্বাস্থ্য কেন্দ্ৰটোৰ নিৰ্মাণকাৰ্য আজিও নহ’ল সম্পূৰ্ণ (Poor Condition of Jania Sub Health Centre) ৷ কেৱল দুগৰাকী নাৰ্চৰে চিকিৎসক বিহীনভাৱে ভাড়াঘৰত চলি আছে স্বাস্থ্যকেন্দ্ৰটো ৷

Election related clash at Cotton University : কটনত দুই ছাত্ৰাৱাসৰ মাজত নিৰ্বাচনী সংঘাত

মঙলবাৰে নিশা নিৰ্বাচনকেন্দ্ৰিক সংঘাত (Election related clash at Cotton University) সৃষ্টি হয় কটন বিশ্ববিদ্যালয়ৰ দুই ছাত্ৰাৱাসত ৷ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে কটনৰ এদল উন্মত্ত ছাত্ৰই কালিমা সানিলে বিশ্ববিদ্যালয়খনৰ গৰিমাত ৷ প্ৰতিদ্বন্দ্বী ছাত্ৰাৱাসক আক্ৰমণৰ লক্ষ্যৰে নিশা দলিয়ালে শিল, লাঠী, সুৰাৰ বটল ইত্যাদি ৷

Cheques distribution under AMFIRS Scheme : ঋণগ্ৰস্ত মহিলাৰ মাজত চেক বিতৰণ মন্ত্ৰী অজন্তা নেওগৰ

বিগত দুটা বৰ্ষত ক’ভিড মহামাৰীয়ে সমগ্ৰ বিশ্বৰ আৰ্থিক অৱস্থা সলনি কৰি পেলোৱাৰ সময়তে মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই আছিল অসমৰ নিচিনা এখন ৰাজ্যৰ বাবে এটা ডাঙৰ সকাহ । কাৰণ কৰ’ণা পৰিস্থিতিত পৰি বহু লোকে নিজৰ চাকৰি পৰ্যন্ত হেৰুৱাবলগীয়া হৈছিল । ঋণৰ বোজাত পৰি সাধাৰণ জনতাই শৰীৰৰ অংগ পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হোৱাৰ সময়তে এনে এটা ঘোষণাই জনসাধাৰণৰ মুখত নিশ্চয়কৈ হাঁহি বিৰিঙাইছে ।

Pulwama encounter: পুলৱামা এনকাউণ্টাৰত পাকিস্তানীসহ ৩ টা সন্ত্ৰাসবাদী নিহত

দক্ষিণ কাশ্মীৰৰ পুলৱামাত বুধবাৰে পুৱাই নিৰাপত্তা বাহিনীৰ এনকাউণ্টাৰ (Encounter in Pulwama)। এনকাউণ্টাৰত নিহত তিনিটাকৈ সন্ত্ৰাসবাদী । মঙলবাৰে কুলগাম জিলাত সংঘটিত গুলীচালনাত দুটা সন্ত্ৰাসবাদী নিহত হৈছিল ।

ত্ৰিপুৰাই প্লাষ্টিক ব্যৱহাৰৰ বিকল্প গ্ৰহণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে : প্ৰধানমন্ত্ৰী মোডী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে ত্ৰিপুৰা (PM Modi visited Tripura) ভ্ৰমণ কৰে ৷ মোডীয়ে জনসাধাৰণক উদ্দেশ্যি প্ৰদান কৰা ভাষণ প্ৰসংগত ত্ৰিপুৰাই দেশক Single use প্লাষ্টিকৰ বিকল্প প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি মন্তব্য কৰে ৷

Massive fire at Naharkatia : নাহৰকটীয়াত বিধ্বংসী অগ্নিকাণ্ড

মঙলবাৰে নিশা নাহৰকটীয়াত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড (Massive fire at Naharkatia) ৷ নাহৰকটীয়া চহৰৰ সমীপত সংঘটিত অগ্নিকাণ্ডটোত তিনিটাকৈ বাসগৃহ জ্বলি ভষ্মীভূত হয় (Three house destroy in massive fire) ৷ জিতু লাইন হোটেলৰ সমীপৰ ৰাম মূৰ্তি শ্বাহ, ৰীতা মাহাতো আৰু অৰ্জুন শ্বাহ নামৰ ব্যক্তি তিনিগৰাকীৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড ।

AITC slams PM Modi's visit in Tripura : ত্ৰিপুৰা 'ক'ভিড মেনুফেকচাৰিং হাব'লৈ পৰিণত !

দেশত ক'ভিডৰ ভয়ংকৰ সংক্ৰমণৰ মাজতে ত্ৰিপুৰাত প্ৰধানমন্ত্ৰী মোডীৰ বিশাল জনসভা (PM Modi in Tripura)। ক'ভিড পৰিস্থিতিৰ মাজত এনে সভা আয়োজনক লৈ বিজেপি আৰু প্ৰধানমন্ত্ৰী মোডীক সমালোচনা কৰিছে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলে (AITC strongly criticizes PM Modi) । ত্ৰিপুৰাক 'ক'ভিড মেনুফেকচাৰিং হাব'লৈ পৰিণত কৰাৰ অভিযোগ বিজেপি আৰু প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ।

26 জানুৱাৰীত বন্ধ নিদিবলৈ আলফা(স্বা) ক আহ্বান মুখ্যমন্ত্ৰীৰ

দুলীয়াজানত অনুষ্ঠিত আৰক্ষীৰ অধীক্ষকসকলৰ সন্মিলন (CM Himanta Biswa Sarma in SP's Conference) ৰ পৰাই 26 জানুৱাৰীত বন্ধ নিদিবলৈ আলফা(স্বা) ক আহ্বান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । আৰক্ষী সন্মিলনৰ শেষত অনুষ্ঠিত হোৱা সংবাদমেলত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, শান্তি আলোচনাক লৈ আলফা আৰু চৰকাৰৰ মাজত ইতিবাচক মানসিকতাৰ সৃষ্টি হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.