ETV Bharat / state

Election related clash at Cotton University : কটনত দুই ছাত্ৰাৱাসৰ মাজত নিৰ্বাচনী সংঘাত

author img

By

Published : Jan 5, 2022, 1:12 PM IST

মঙলবাৰে নিশা নিৰ্বাচনকেন্দ্ৰিক সংঘাত (Election related clash at Cotton University) সৃষ্টি হয় কটন বিশ্ববিদ্যালয়ৰ দুই ছাত্ৰাৱাসত ৷ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে কটনৰ এদল উন্মত্ত ছাত্ৰই কালিমা সানিলে বিশ্ববিদ্যালয়খনৰ গৰিমাত ৷ প্ৰতিদ্বন্দ্বী ছাত্ৰাৱাসক আক্ৰমণৰ লক্ষ্যৰে নিশা দলিয়ালে শিল, লাঠী, সুৰাৰ বটল ইত্যাদি ৷

Cotton University
কটনত দুই ছাত্ৰাৱাসৰ মাজত নিৰ্বাচনী সংঘাত

গুৱাহাটী, 5 জানুৱাৰী : মঙলবাৰে ভোটগ্ৰহণ কাৰ্য সম্পন্ন হয় কটন বিশ্ববিদ্যালয়ত ৷ বুধবাৰে হ’ব ভোটগণনা ৷ ইয়াৰ পূৰ্বে মঙলবাৰে নিশা কটনৰ হোষ্টেলৰ পৰিৱেশ উত্তপ্ত কৰি তোলে এদল ছাত্ৰই (Election related clash at Cotton University) ৷

প্ৰাপ্ত খবৰ অনুসৰি, নিশা প্ৰায় 12 বজাত সীতানাথ ব্ৰহ্ম চৌধুৰী ছাত্ৰাৱাসৰ একাংশ আৱাসীয়ে অশ্ৰাব্য গালি-গালাজ পাৰি কাষতে লাগি থকা বিশ্ববিদ্যালয়ৰ মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰাৱাসলৈ লক্ষ্য কৰি শিল, বটল, লাঠী আদি দলিয়ায় (Cotton University hostel boarders clash) ৷

আৱাসীসকল নিশা শুই থকা অৱস্থাত আক্ৰমণ কৰে উন্মত্ত ছাত্ৰসকলে ৷ আৱাসীক আক্ৰমণৰ লক্ষ্য লৈয়েই হোষ্টেলৰ খিৰিকীৰে সুৰাৰ বটল পৰ্যন্ত মাৰি পঠিয়াই আক্ৰমণকাৰীয়ে (Hostel boarders clash over student election at Cotton) ৷

অৱশ্যে কোনো হোষ্টেল আৱাসী আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা নাই ৷ প্ৰাণৰ শংকাত হোষ্টেলৰ আৱাসীসকলে নিশা কোঠা এৰি গ্ৰাউণ্ডত অৱস্থান কৰে ৷ আনহাতে, এই আক্ৰমণৰ সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আৱাসীসকলে অৱগত কৰে যদিও কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে MNDP ছাত্ৰাৱাসৰ আৱাসীসকলে ৷

লগতে পঢ়ক : Cotton University Election 2022 : নিৰ্বাচনীৰ গৰম বতাহত উদুলি-মুদুলি কটন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.