ETV Bharat / state

1 বজাৰ 10টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 13, 2022, 1:02 PM IST

top-10-at-1-pm
1 বজাৰ 10টা শীৰ্ষ বাতৰি

1 বজাৰ 10টা শীৰ্ষ বাতৰি

Indo China standoff: চীনে দাবী কৰিলেও অৰুণাচল কেতিয়াও চীনৰ অংশ নহয়; স্থানীয় লোক

অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ ভাৰত-চীন সীমান্তত ভাৰতীয় সেনা আৰু চীনা সৈন্যৰ মাজত সংঘাত হোৱাৰ পিছত সষ্টম হৈছে ভাৰতীয় সেনা আৰু স্থানীয় ৰাইজ (Indo China standoff) । ইতিমধ্যে অৰুণাচল প্ৰদেশৰ টাৱাঙৰ ইয়াংস্তে নামৰ ঠাইলৈ সেনাৰ দল মোটায়েন কৰা হৈছে । তথ্য অনুসৰি মুঠ 6 জন ভাৰতীয় সেনাৰ লোক গুৱাহাটীৰ সেনাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে (Indo China border clash)। ইয়াংস্তে হৈছে টাৱাঙৰ জঙৰ পৰা 40 কিলোমিটাৰ নিলগত (Indo China border dispute)।

Robbery took place at Dhing: ধিঙৰ প্ৰাক্তন বিধায়কৰ ঘৰত লোমহৰ্ষক ডকাইতি

নগাঁৱৰ ধিঙত চাঞ্চল্যকৰ ঘটনা ৷ ধিঙৰ প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠানৰ গৃহত লোমহৰ্ষক ডকাইতি (Robbery took place at Dhing) ৷ মোবাৰক আলী পাঠান আৰু তেওঁৰ পৰিয়ালক আক্ৰমণ কৰি তেওঁৰ গৃহত কৰিলে লুটপাট ৷

Road accident in Barpeta: পথ দুৰ্ঘটনাত নিহত এজন বাইক আৰোহী, আহত তিনিজন

বৰপেটাত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Barpeta) ৷ সোমবাৰে নিশা ভেল্লা গাঁৱৰ মাদ্ৰাছাৰ সন্মুখত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷ দুখন চাৰিচকীয়া বাহন আৰু এখন মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় মটৰ চাইকেল আৰোহীজন ৷

Spain Teacher Adopted Diphu Child : ধনশিৰি শিশুগৃহৰ খুচীক সন্তান ৰূপে গ্ৰহণ স্পেইনৰ মাৰিয়াৰ

ধনশিৰি শিশুগৃহৰ খুচীক নিজ সন্তানৰূপে তুলি ল'লে স্পেইনৰ মাৰিয়াই (Maria from Spain adopted Diphu orphan baby) । এটি অনাথ শিশুৱে লাভ কৰিলে নৱজীৱন ।

Land dispute in Marigaon : লাহৰীঘাটত ভূমিকেন্দ্ৰিক সংঘাতে লৈছে ভয়ংকৰ ৰূপ

ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে নিৰাপত্তাহীনতাত ভূগিছে এটা পৰিয়াল । লাহৰীঘাটৰ হিন্দু পৰিয়ালটোক প্ৰাণে মৰাৰ ভাবুকি আন সম্প্ৰদায়ৰ লোকৰ (Marigaon family in trouble)। ঘটনাস্থলীত আৰক্ষী অধীক্ষক আৰু প্ৰশাসনৰ লোক উপস্থিত ।

Standoff at China Border: ভাৰত-চীন সীমান্তৰ উত্তেজনাক লৈ চৰকাৰক আক্ৰমণ বিৰোধীৰ

অৰুণাচল প্ৰদেশৰ টাৱাঙত ভাৰত আৰু চীনৰ জোৱানৰ মাজত হোৱা সংঘৰ্ষ সন্দৰ্ভত বিৰোধীয়ে তীব্ৰ সমালোচনা কৰিছে বিজেপি চৰকাৰক (Clash in Tawang sector) ৷ আজি এই বিষয়ত সংসদত তীব্ৰ বাদানুবাদ হোৱাৰ সম্ভাৱনা আছে ৷

Road accident in Amguri: পথ দুৰ্ঘটনা থিতাতে নিহত এজন বাইক আৰোহী

শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Sivasagar) ৷ আমগুৰিৰ চামগুৰিত সোমবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন বাইক আৰোহী (Man killed in a road accident) ৷ নিহত বাইক আৰোহীজন দেওৰজা বালিপথাৰৰ বমেন চন্দ্ৰ গগৈ বুলি চিনাক্ত কৰা হৈছে ৷

Bhupen Borah slams CM: গৃহ বিভাগৰ দায়িত্ব পালনত চুড়ান্তভাৱে ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী: ভূপেন বৰা

ৰাজ্যৰ শেহতীয়া আইন শৃংখলা পৰিস্থিতিক লৈ ডিব্ৰুগড়ত উদ্বেগ প্ৰকাশ অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ(Assam Pradesh Congress President Bhupen Bora) । গুৱাহাটীত ধাৰাবাহিক ভাৱে হত্যাকাণ্ড সংঘটিত হৈছে, মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনৰ কাষৰ পৰাই মহিলা ডিঙিৰ চেইন টানি লৈ গৈছে, লক্ষীমপুৰত বেংকৰ পৰা ধন উলিওৱাৰ পাছতেই ডকাইতে লৈ গৈছে সেই ধন ৷ লগতে অসম-মেঘালয় আৰু অসম- অৰুণাচল প্ৰদেশ সীমান্তত যি সংঘাত হৈছে ইয়েই প্ৰমাণ কৰিছে ৰাজ্যত আইন শৃংখলা বুলিবলৈ একো নাই - এইদৰে কলে বৰাই(Bhupen Borah slams CM of Assam) ।

Protest in Dhemaji: ধেমাজিত সদৌ অসম কৈৱৰ্ত্ত যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ

কৈৱৰ্ত্ত জনগোষ্ঠীক স্বায়ত্তশাসন প্ৰদানৰ দাবীত সোমবাৰে ধেমাজিৰ কাছাৰী ময়দানৰ সন্মুখত সদৌ অসম কৈৱৰ্ত্ত যুৱ ছাত্ৰ সন্মিলনৰ ধেমাজি জিলা সমিতিয়ে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে(Kaivarta Yuva Satra protest at Dhemaji) ৷ শতাধিক প্ৰতিবাদীয়ে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে কাছাৰী ময়দানৰ সন্মুখভাগ(Demand for autonomy to the Kaivarta community) ৷

Flute player Tadak Patir: চৰকাৰী সহায়ৰ পৰা বঞ্চিত বাঁহীবাদক টাদক পাতিৰ

অকালতে মৰহিছে জোনাইৰ এক প্ৰতিভা । সংকটৰ সময়ত চৰকাৰী সাহায্য নাপায় হতাশ হৈ পৰিছে বাঁহীবাদক টাদক পাতিৰ (Assam artist deprived of govt help)। প্ৰতিভাৱান যুৱকজনক চৰকাৰক সহায় দিবলৈ আহ্বান জনাইছে ৰাইজে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.