ETV Bharat / state

Flute player Tadak Patir: চৰকাৰী সহায়ৰ পৰা বঞ্চিত বাঁহীবাদক টাদক পাতিৰ

author img

By

Published : Dec 13, 2022, 11:05 AM IST

Updated : Dec 13, 2022, 2:12 PM IST

অকালতে মৰহিছে জোনাইৰ এক প্ৰতিভা । সংকটৰ সময়ত চৰকাৰী সাহায্য নাপায় হতাশ হৈ পৰিছে বাঁহীবাদক টাদক পাতিৰ (Assam artist deprived of govt help)। প্ৰতিভাৱান যুৱকজনক চৰকাৰক সহায় দিবলৈ আহ্বান জনাইছে ৰাইজে ।

Flute player Tadak Patir
চৰকাৰী সহায়ৰ পৰা বঞ্চিত বাঁহীবাদক টাদক পাতিৰ

চৰকাৰী সহায়ৰ পৰা বঞ্চিত বাঁহীবাদক টাদক পাতিৰ

জোনাই, ১৩ ডিচেম্বৰ : চৰকাৰৰ অৱহেলাৰ বাবেই অকালতে মৰহি যাবলৈ ধৰিছে ধেমাজি জিলাৰ জোনাইৰ এক প্ৰতিভা । যাৰ বাঁহীৰ সুৰত এসময়ত জোনাইত বহুতৰে মন জুৰ পৰিছিল । আজি যেন সেই বাঁহীৰ সুৰ নাই । আমি ক'ব বিচাৰিছো জোনাইৰ চেকাই গাঁৱৰ টাদক পাতিৰ নামৰ প্ৰতিভাৱান যুৱকজনৰ কথা (Flute player Tadak Patir)।

বাঁহীত সুৰ তুলিবলৈ আজি সময় নাই টাদক পাতিৰৰ । কাৰণ পেটৰ তাৰণাত তেওঁ খেতিৰ লগতে ইঘৰে সিঘৰে গৈ দিন হাজিৰ কৰিব লাগে । বিগত প্ৰায় ২৫-৩০ বছৰ ধৰি বাঁহী বজাই সকলোকে আমোদ দিয়া পাতিৰ আজি ভাগৰি পৰিছে । ক'ভিড পৰিস্থিতিৰ পৰাই তেওঁ আৰ্থিক সংকটত ভূগিছে । যাৰ বাবে নিজৰে বাঁহীও বিক্ৰী কৰিছে পাতিৰে ।

উল্লেখ্য যে সৰুৰে পৰা বাঁহী বজাই ভাল পোৱা যুৱকজনে কেৱল জোনাইতে নহয় ভাৰতৰ বিভিন্ন প্ৰান্তত বাঁহী বজাই সুনাম অৰ্জন কৰিছে । দিল্লী, কলকাতা আদি ঠাইলৈ গৈ বাঁহী বজাই বিভিন্ন কৃতিত্ব অৰ্জন কৰিছে টাদক পাতিৰে । মন প্ৰাণ পুলকিত কৰিবলৈ সক্ষম হয় টাদকৰ বাঁহীৰ সুৰে ।

মনত উদ্যম হেপাঁহ আৰু ইচ্ছা শক্তিৰ বাবেই যেন বাঁহী কেইটা সংগী কৰি লোৱা টাদক পাতিৰে আশা কৰিছিল তেওঁৰ প্ৰতিভাই এদিন নিশ্চয় আকাশ চুবলৈ সক্ষম হ'ব । কিন্তু লাহে লাহে সেই সপোন চূৰ্ণ-বিচূৰ্ণ হোৱাৰ দিশে । পাতিৰ আজি কিয় এনে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল ? তেওঁৰ এই প্ৰতিভাক আজিলৈ স্বীকৃতি নিদিলে চৰকাৰে (Artist Tadak Patir deprived of government help)। মিচিং স্বায়ত্ব শাসিত পৰিষদেও তেওঁৰ প্ৰতিভাক অৱহেলা কৰিলে । যাৰ বাবে কোনো ধৰণৰ সুযোগ নাপায় হতাশ হ'বলগীয়া হৈছে যুৱকজন (MAC ignored local artist)।

সংকটৰ সময়ত আনকি চৰকাৰৰ সাংস্কৃতি বিভাগে তেওঁ সহায়ৰ বাবে আগবাঢ়ি নাহিল । যাৰ বাবে বাঁহী বজাই জগত জিনাৰ সপোনক একাষৰীয়া কৰি দিন হাজিৰা কৰিবলৈ বাধ্য হ'ল প্ৰতিভাৱান যুৱকজন । এনে পৰিস্থিতিত এতিয়া অঞ্চলটোৰ ৰাইজে পাতিৰক সহায়ৰ বাবে চৰকাৰৰ আহ্বান জনাইছে । সাংস্কৃতিক বিভাগেও যাতে তেওঁক শিল্পীৰ মৰ্যাদা প্ৰদান কৰে তাৰ বাবে আহ্বান জনাইছে ৰাইজে ।

লগতে পঢ়ক :Tea labor protest : প্ৰাপ্য মজুৰিৰ দাবীত ডিপ্লিং চাহ বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিবাদ

Last Updated :Dec 13, 2022, 2:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.