ETV Bharat / state

Spain Teacher Adopted Diphu Child : ধনশিৰি শিশুগৃহৰ খুচীক সন্তান ৰূপে গ্ৰহণ স্পেইনৰ মাৰিয়াৰ

author img

By

Published : Dec 13, 2022, 12:26 PM IST

Updated : Dec 13, 2022, 1:25 PM IST

ধনশিৰি শিশুগৃহৰ খুচীক নিজ সন্তানৰূপে তুলি ল'লে স্পেইনৰ মাৰিয়াই (Maria from Spain adopted Diphu orphan baby) । এটি অনাথ শিশুৱে লাভ কৰিলে নৱজীৱন ।

Diphu
Diphu

ডিফু, ১৩ ডিচেম্বৰ : বোকাজানত দুবছৰ পূৰ্বে কোনো হৃদয়হীনা মাতৃয়ে পেলাই থৈ গৈছিল এটি নৱজাতক শিশু (newborn baby left behind by mother) । তাৰ পিছত উক্ত নৱজাতকটিক পৰুৱাই চকুৰ পতালৈকে কামুৰি মৃতপ্ৰায় কৰে । তেনে অৱস্থাতে শিশুটিক উদ্ধাৰ কৰি কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী এলেকা ধনশিৰিৰ মিছন কনচাৰ্ণ শিশুগৃহৰ (mission concern child home) সকলোৰে মাতৃ অম্বিকাই চিকিৎসা আগবঢ়ায় ।

এনেদৰে বহু কষ্টৰ পিছত চিকিৎসকৰ সহায়ত নতুন জীৱন লাভ কৰে শিশুটিয়ে । বৰ্তমান সম্পূৰ্ণ সুস্থ উক্ত শিশুটি । শিশুটিৰ নামকৰণো কৰা হৈছে খুচী নামেৰে । ইফালে শিশুগৃহত অম্বিকাৰ তত্ত্বাৱধানত দুবছৰ থকাৰ পিছত খুচীক নিজৰ কৰি ল'বলৈ আগবাঢ়ি আহে এগৰাকী ব্যক্তি (mother Ambika of mission concern child home) ।

ধনশিৰি শিশুগৃহৰ খুচীক সন্তান ৰূপে গ্ৰহণ স্পেইনৰ মাৰিয়াৰ

তাৰ পিছত খুচীক নিজৰ সন্তান কৰি লোৱাৰ যাৱতীয় সকলো কাম সম্পূৰ্ণ কৰে স্পেইনৰ এখন বিশ্ববিদ্যালয়ৰ অধ্যাপক মিছ মাৰিয়া জেৰনিয়া এমংগল ৰামছে ৷ শিশুটিক তুলি ল'বলৈ দেওবাৰে দিল্লীৰ পৰা আহি গুৱাহাটীত হয় মাৰিয়া । গুৱাহাটীত নিশাটো কটাই সোমবাৰে পুৱাতে নিজৰ সন্তানক নিবলৈ অতি ভিতৰুৱা এলেকা ধনশিৰিত উপস্থিত হয়হি মাৰিয়া ।

লগত তেওঁৰ ভগ্নী ছোনিয়া এমংগল ৰামছ আৰু দোভাষী জমাল মুৰছেন ৷ সেই উপলক্ষে ধনশিৰিৰ শিশুগৃহত আয়োজিত এক অনুষ্ঠানত কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া আৰু অতিৰিক্ত সহকাৰী আয়ুক্ত নূপুৰ বৰাই আনুষ্ঠানিকভাৱে খুচীৰ সকলো কাগজ-পত্ৰ অৰ্পণ কৰে (Maria from Spain adopted Diphu orphan baby) ৷

খুচীৰ উক্ত বিদায় অনুষ্ঠানত ডিফু সদৰ উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা, অসম ৰাইফলছৰ মেজৰ অমৰেন্দ্ৰ, ডিফু উপায়ুক্ত কাৰ্যালয়ৰ প্ৰশাসনিক বিষয়া কুমাৰী থাওমুং, চৰকাৰী গাঁওবুঢ়া, শিশু কল্যাণ পৰিষদৰ প্ৰতিনিধি আৰু শিশুগৃহৰ সদস্যসকল উপস্থিত থাকে ৷ শিশুগৃহৰ মাতৃ তথা মিছন কনচাৰ্ণৰ সভাপতি অম্বিকাই খুচীৰ বিদায় পৰত এক আবেগিক বক্তব্য ৰাখি ভগৱানে খুচীৰ ভাল কৰিব বুলি কয় ৷

মাৰিয়াৰ দৰে হৃদয়ৱান মাতৃক শতকোটি প্ৰণাম ৷ এদিন পথৰ দাঁতিত পেলাই দিয়া খুচী এতিয়া স্পেইনৰ নাগৰিক হ’ব ৷ এক নতুন জীৱন, নতুন পৃথিৱীৰ পোহৰ পালে খুচী নামৰ অনাথ শিশুটিয়ে ৷

লগতে পঢ়ক :Standoff at China Border: ভাৰত-চীন সীমান্তৰ উত্তেজনাক লৈ চৰকাৰক আক্ৰমণ বিৰোধীৰ

Last Updated :Dec 13, 2022, 1:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.