ETV Bharat / bharat

Standoff at China Border: ভাৰত-চীন সীমান্তৰ উত্তেজনাক লৈ চৰকাৰক আক্ৰমণ বিৰোধীৰ

author img

By

Published : Dec 13, 2022, 10:17 AM IST

অৰুণাচল প্ৰদেশৰ টাৱাঙত ভাৰত আৰু চীনৰ জোৱানৰ মাজত হোৱা সংঘৰ্ষ সন্দৰ্ভত বিৰোধীয়ে তীব্ৰ সমালোচনা কৰিছে বিজেপি চৰকাৰক (Clash in Tawang sector) ৷ আজি এই বিষয়ত সংসদত তীব্ৰ বাদানুবাদ হোৱাৰ সম্ভাৱনা আছে ৷

Standoff at China Border
Standoff at China Border

ভাৰত-চীন সীমান্তৰ উত্তেজনাক লৈ চৰকাৰক আক্ৰমণ বিৰোধীৰ

নিউজ ডেস্ক, 13 ডিচেম্বৰ: অৰুণাচল প্ৰদেশৰ টাৱাং ছেক্টৰৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত ৯ ডিচেম্বৰত ভাৰত আৰু চীনৰ জোৱানৰ মাজত সংঘটিত হৈছিল হতাহতি (Clash in Tawang sector) ৷ য’ত দুয়োপক্ষৰে বহুকেইজন জোৱান আঘাতপ্ৰাপ্ত হৈছিল । ভাৰতীয় সেনাৰ তথ্য অনুসৰি, পূৱ লাডাখত দুয়োপক্ষৰ মাজত ৩০ মাহতকৈ অধিক সময় ধৰি চলি আছে চেপা উত্তেজনাৰ ৷ যাৰ ফলত সীমান্ত অস্থিৰ হৈ থকাৰ মাজতে যোৱা শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ টাৱাং ছেক্টৰৰ স্পৰ্শকাতৰ অঞ্চলটোৰ এল এ চিৰ অন্তৰ্গত ইয়াংচেৰ সমীপত সংঘৰ্ষ সংঘটিত হয় (Indo China Border clash)।

ভাৰতীয় সেনাই এক বিবৃতিত কয় যে, আমাৰ সৈন্যই অতি দৃঢ়তাৰে চীনা সৈন্যৰ সৈতে মুখামুখি হয় । এই সংঘৰ্ষত দুয়োপক্ষৰে একাংশ জোৱান সামান্য আঘাতপ্ৰাপ্ত হৈছে । সেনাৰ এই বিবৃতিত লগতে উল্লেখ কৰে যে পৰৱৰ্তী সময়ত দুয়োপক্ষই ততাতৈয়াকৈ বিবদমান অঞ্চলটোৰ পৰা পিছুৱাই যায় । ইয়াৰ পিছত আমাৰ সেনা কমাণ্ডাৰে চীনা সৈন্যৰ সমকক্ষ বিষয়াৰ সৈতে এখন ‘পতাকা বৈঠক’ আয়োজন কৰি বুজাবুজি ব্যৱস্থাৰ চুক্তি অনুসৰি অঞ্চলটোত শান্তি পুনৰুদ্ধাৰ কৰে (India China Soldiers Clash) । ইতিমধ্যে আহত ছয়গৰাকী সেনা জোৱানক গুৱাহাটীৰ বশিষ্ঠস্থিত সেনা চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে ।

অৰুণাচল প্ৰদেশৰ টাৱাং ছেক্টৰৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সংঘটিত সংঘাতৰ এই প্ৰসংগৰে আজি সংসদ উত্তাল হোৱাৰ লগতে অচলাৱস্থাৰ সৃষ্টি হোৱাটো নিশ্চিত (Tawang Sector Clash India China) ।

ইতিমধ্যে বিৰোধী দলসমূহে টাৱাঙৰ এই বিবাদক লৈ স্থিতি স্পষ্ট কৰাৰ বাবে চৰকাৰক দাবী জনাইছে । নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনক আক্ৰমণ কৰি কংগ্ৰেছে কয় যে, চীনে কেনেকৈ বাৰে বাৰে এনে সাহস কৰিব পাৰিছে (Debate on Tawang issue in Parliament)। কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গেয়েও এই লৈ প্ৰধানমন্ত্ৰী মোডীৰ পৰা বিচাৰিছে উত্তৰ । চৰকাৰক তীব্ৰ সমালোচনা কৰি কংগ্ৰেছ নেতৃত্বই কয়, এতিয়া কলৈ গ’ল চৰকাৰখন, য’ত ইমান এটা ডাঙৰ খবৰ সূত্ৰৰ পৰাহে জানিব পৰা গৈছে (political parties raise tawang issue) ।

ইফালে, বিজেপি সাংসদ তাপিৰ গাৱে বিৰোধীক ভাৰতীয় সেনা বাহিনীৰ ওপৰত আস্থা ৰখাৰ আহ্বান জনোৱাৰ লগতে এনে ঘটনাক লৈ ৰাজনীতি নকৰিবলৈ অনুৰোধ জনায় ৷ সাংসদ গাৱে কয় যে, প্ৰধানমন্ত্ৰী মোদীয়ে জিংপিঙৰ এই ষড়যন্ত্ৰক ওফৰাবলৈ সক্ষম হ’ব ৷

লগতে পঢ়ক: Indo-China army conflict: অৰুণাচলৰ টাৱাঙত ভাৰত-চীন সেনাৰ সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.