ETV Bharat / state

Land dispute in Marigaon : লাহৰীঘাটত ভূমিকেন্দ্ৰিক সংঘাতে লৈছে ভয়ংকৰ ৰূপ

author img

By

Published : Dec 13, 2022, 12:13 PM IST

ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে নিৰাপত্তাহীনতাত ভূগিছে এটা পৰিয়াল । লাহৰীঘাটৰ হিন্দু পৰিয়ালটোক প্ৰাণে মৰাৰ ভাবুকি আন সম্প্ৰদায়ৰ লোকৰ (Marigaon family in trouble)। ঘটনাস্থলীত আৰক্ষী অধীক্ষক আৰু প্ৰশাসনৰ লোক উপস্থিত ।

Marigaon
লাহৰীঘাটত ভূমিকেন্দ্ৰিক সংঘাতে লৈছে ভয়ংকৰ ৰূপ

মৰিগাঁও,১৩ ডিচেম্বৰ : মৰিগাঁৱত ভূমিকেন্দ্ৰিক সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Land dispute in Marigaon)। সাম্প্ৰদায়িক হিংসালৈ পৰিণত হৈছে সমগ্ৰ ঘটনা । বিপদত পৰিছে এটা হিন্দু পৰিয়াল । পৰিয়ালটোক নিৰাপত্তা দিয়াৰ চেষ্টা প্ৰশাসনৰ ।

এই ঘটনা মৰিগাঁও জিলাৰ লাহৰীঘাটৰ । বহু বছৰ ধৰি বাস কৰি থকা ধিঙৰ আটি গাঁৱৰ হিন্দু পৰিয়ালটোৱে অভিযোগ কৰা মতে তেওঁলোকৰ বহু ভূমি একাংশ লোকে বেদখল কৰি ৰাখিছে । আন সম্প্ৰদায়ৰ লোকৰ মাজত বাস কৰা হিন্দু পৰিয়ালটোৰ ভূমি জোৰ জুলুম কৰি বেদখল কৰিছে একাংশই (Land of a family encroached)। কেৱল এয়াই নহয় হিন্দু পৰিয়ালটোৰ অভিযোগ মতে তেওঁলোকে দিনে-ৰাতিয়ে এতিয়া মৃত্যুৰ আশংকাত ভূগিছে ।

লাহৰীঘাটত ভূমিকেন্দ্ৰিক সংঘাতে লৈছে ভয়ংকৰ ৰূপ

সন্ধিয়া হোৱাৰ পূৰ্বেই ঘৰত সোমাই থাকিবলগীয়া হৈছে পৰিয়ালটোৱে । কিয়নো চুবৰীটোৰ চৌদিশে আন সম্প্ৰদায়ৰ লোক আৰু মাজত একমাত্ৰ তেওঁলোক । ভূমি বেদখলৰ কৰাৰ উপৰিও প্ৰাণেমৰাৰ ভাবুকি দিছে পৰিয়ালটোক । পৰিয়ালটোৰ ম্যাদিপট্টা থকা ভূমি ইতিমধ্যে আন সম্প্ৰদায়ৰ লোকসকলে বেদখল কৰি ৰাখিছে ।

ভুক্তভোগী পৰিয়ালটোৱে কিবা ক'লেই মাৰপিট কৰিবলৈ খেদি আহে আন লোকসকল (Marigaon family in trouble)। ভুক্তভোগী পৰিয়ালটোৰ মতে ইয়াৰ পূৰ্বেও একাংশ লোকে এবাৰ তেওঁলোকৰ ঘৰত অগ্নি সংযোগ কৰিছিল । এই সন্দৰ্ভত পৰিয়ালটোৱে কেইবাবাৰো আৰক্ষীৰ ওচৰলৈ গৈছে কিন্তু কোনো ন্যায় পোৱা নাই । আৰক্ষীৰ পৰা কোনো সঁহাৰি নোপোৱাত পৰিয়ালটোৱে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে । ইফালে সমগ্ৰ পৰিস্থিতিটো অৱনমিত হোৱাৰ লগে লগে সোমবাৰে ঘটনাস্থলীত উপস্থিত হয় মৰিগাঁৱৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস ।

আৰক্ষী অধীক্ষকৰ নেতৃত্বত অহা আৰক্ষীৰ এটা দলে সমগ্ৰ বিষয়টো তদন্ত কৰে । আনহাতে চক্ৰ বিষয়াও ঘটনাস্থলীত উপস্থিত বিষয়টো পৰ্যৱেক্ষণ কৰে । পৰিয়ালটোৰ অভিযোগ সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে । ইফালে সমগ্ৰ ঘটনাটোক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ভূমি বিবাদৰ ঘটনাটোৱে যেন ভয়ংকৰ সাম্প্ৰদায়িক হিংসালৈ পৰিণত নহয় তাৰ বাবে প্ৰশাসনক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে ।

লগতে পঢ়ক :AIUDF distributed food items: সৰভোগৰ উচ্ছেদিত পৰিয়ালৰ কাষত AIUDF

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.