ETV Bharat / state

AIUDF distributed food items: সৰভোগৰ উচ্ছেদিত পৰিয়ালৰ কাষত AIUDF

author img

By

Published : Dec 13, 2022, 10:43 AM IST

AIUDF distributed food items to evicted families of Barpeta Road
সৰভোগৰ উচ্ছেদিত পৰিয়ালৰ কাষত থিয় দিলে AIUDF দল

সৰভোগৰ উচ্ছেদিত পৰিয়ালৰ কাষত থিয় দিলে AIUDF দলে (AIUDF distributed food items) ৷ সোমবাৰে AIUDF ৰ এটা দলে উচ্ছেদিত পৰিয়ালসমূহক খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ দলটোৰ বৰপেটা জিলাৰ সাধাৰণ সম্পাদক খন্দকাৰ আশ্ৰাফুল মামুনে উচ্ছেদিত পৰিয়ালসমূহক সাহায্য সামগ্ৰী বিতৰণ কৰি দুৰ্ভগীয়া পৰিয়ালসমূহক পুনৰ সংস্থাপন দিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু সৰভোগৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক দাবী জনায় ৷

বৰপেটাৰোড, ১৩ ডিচেম্বৰ: প্ৰতি বছৰে অহা বানৰ সমান্তৰালকৈ খহনীয়াৰ তাণ্ডৱত দিশহাৰা হৈ পৰে নৈপৰীয়া ৰাইজ ৷ বান আৰু খহনীয়াই প্ৰতি বছৰে জলাকলা খুৱাই অসমৰ নৈপৰীয়া লোকক (Natural disaster in Assam) ৷ বাৰিষা নৈৰ বুকু উফন্দি উঠিলেই প্লাৱিত হয় নৈৰ দুয়োপাৰৰ বিস্তীৰ্ণ অঞ্চল ৷

বানে ঘৰ-বাৰী, খেতি পথাৰ বুৰাই ব্যাপক ক্ষতি সাধন কৰে ৰাইজৰ (Flood in Assam) ৷ বানৰ পাছত আকৌ ভূতৰ ওপৰত দানৱ পৰাদি খহনীয়াই এফালৰ পৰা ঢাঁহি-মুহি নিয়ে খেতি পথাৰ তথা নৈৰ পাৰত বসতি স্থাপন কৰা লোকসকলৰ বাসগৃহ (Erosion in Assam) ৷ এনেদৰেই নৈৰ বুকুত লীন হৈ যায় বহুলোকৰ সপোন ৷ নৈৰ বুকুত ঘৰ-বাৰী খহনীয়াত জাহ যোৱাত দিশহাৰ হৈ পৰে একাংশ দৰিদ্ৰ পৰিয়াল ৷

উল্লেখ্য যে বিগত বহু বছৰ ধৰি বেকী নৈত চলি আছে ভয়ংকৰ খহনীয়া (Beki River Erosion) ৷ বহু সংখ্যক পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে জাহ গৈছে খহনীয়াত ৷ মাটি-ভেটি খহনীয়াত জাহ যোৱাত সৰ্বস্ব হেৰুৱাই দিশহাৰা হৈ পৰিছে বহু পৰিয়াল ৷ ফলত তেওঁলোকৰ ভৱিষ্যত জীৱনৰ প্ৰতিও নামি আহিছে চৰম ভাবুকি ৷ বেকী নৈত সৰ্বস্ব হেৰুৱা পৰিয়ালসমূহে বিগত প্ৰায় 19 বছৰ ধৰি বৰপেটাৰোডৰ সমীপৰ বাৰাপেটাৰ পশুধন পামত বসবাস কৰি আহিছিল ৷

সৰভোগৰ উচ্ছেদিত পৰিয়ালৰ কাষত থিয় দিলে AIUDF দল

কিন্তু প্ৰশাসনে এই দুৰ্ভগীয়া পৰিয়ালসমূহক সেই স্থানৰ পৰা উচ্ছেদ কৰে (Assam Govt Eviction in BarpetaRoad) ৷ সম্প্ৰতি উচ্ছেদিত পৰিয়ালসমূহে নিচুকা গাঁৱৰ বিভিন্ন লোকৰ ঘৰত প্ৰচণ্ড শীতৰ মাজত নিজৰ সতি-সন্ততিকলৈ ত্ৰিপালৰ তলত বসবাস কৰিবলগীয়া হৈছে ৷ কিন্তু এই উচ্ছেদিত পৰিয়ালসমূহক বৰ্তমানলৈকে চৰকাৰে কোনোধৰণৰ সহায় আগবঢ়োৱা নাই ৷ আনকি কোনো দল-সংগঠনেও উচ্ছেদিত গৃহহীন লোকসকলক কোনোধৰণৰ সাহায্য আগবঢ়োৱা নাই ৷

শেহতীয়াকৈ এই দুৰ্ভগীয়া লোকসকলৰ কাষত সাহস হৈ থিয় দিলে এ আই ইউ ডি এফ দল ৷ গৃহহীন লোকসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিল দলটো ৷ উচ্ছেদিত প্ৰতিটো পৰিয়ালক ২৫ কিলো চাউল, ৩ কিলো দালি, ২ লিটাৰ মিঠাতেল, ২ কিলো বুট, ২ কিলো চেনী, ১ কিলো চয়াবিন আৰু দুখনকৈ কম্বল বিতৰণ কৰে (AIUDF distributed food items) ৷ কিছু পৰিমাণে হলেও দলটোৱে সাহায্য সামগ্ৰী বিতৰণ কৰাত সকাহ পোৱা বুলি মন্তব্য প্ৰকাশ কৰে উচ্ছেদিত পৰিয়ালসমূহে ৷

দলটোৰ বৰপেটা জিলাৰ সাধাৰণ সম্পাদক খন্দকাৰ আশ্ৰাফুল মামুনে উচ্ছেদিত পৰিয়ালসমূহক সাহায্য সামগ্ৰী বিতৰণ কৰি উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন দিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু সৰভোগৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক দাবী জনায় ৷ উল্লেখ্য যে উচ্ছেদিত লোকসকলৰ মাজত সোমবাৰে খাদ্য সামগ্ৰী বিতৰণ কৰি উচ্ছেদিত পৰিয়ালসমূহৰ কাষৰ পৰাই এ আই ইউ ডি এফ দলৰ ছুপ্ৰিমো তথা সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ লগত ভিডিও কলিং যোগে বাৰ্তালাপ কৰে খন্দকাৰ আশ্ৰাফুল মামুনে ৷

খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত এ আই ইউ ডি এফ দলৰ বৰপেটা জিলাৰ সভাপতি মুফতি শ্বামচুদ্দিন ক্বাছিমীৰ লগতে বাক্সা জিলা জমিয়ত আৰু এ আই ইউ ডি এফ দলৰ সৰভোগ সমষ্টি কমিটিৰ নেতা কৰ্মীসকল উপস্থিত থাকে ৷

লগতে পঢ়ক: Erosion in Kalgachia: খহনীয়াৰ কৱলত শওপুৰস্থিত দ্বিতীয় নং বিকল্প ৰাজ্যিক ঘাইপথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.