ETV Bharat / state

Erosion in Kalgachia: খহনীয়াৰ কৱলত শওপুৰস্থিত দ্বিতীয় নং বিকল্প ৰাজ্যিক ঘাইপথ

author img

By

Published : Dec 8, 2022, 2:16 PM IST

Highway in Kalgachia on verge of being decimated by erosion
খহনীয়াৰ কৱলত শওপুৰস্থিত দ্বিতীয় নং বিকল্প ৰাজ্যিক ঘাইপথ, কাণসাৰ বিভাগীয় কৰ্তৃপক্ষৰ

খহনীয়াৰ কৱলত পৰি নিচ্ছিন্ন হোৱাৰ পথত কলগাছিয়াৰ শওপুৰস্থিত দ্বিতীয় নং বিকল্প ৰাজ্যিক ঘাইপথ । এই ক্ষেত্ৰত কাণসাৰ নাই জিলা প্ৰশাসন কিম্বা স্থানীয় জনপ্ৰতিনিধিৰ । খৰালীৰ সময়ত ঘাইপথচোৱাৰ কাম আৰম্ভ নকৰাক কেন্দ্ৰ কৰি অসন্তুষ্ট স্থানীয় দল-সংগঠনৰ লগতে ৰাইজ ।

জনীয়া, 8 নৱেম্বৰ: ৰাজ্যত এতিয়াও অব্যাহত আছে খহনীয়াৰ কালৰূপ ৷ প্ৰতি বছৰে অহা বানৰ সমান্তৰালকৈ খহনীয়াৰ তাণ্ডৱত দিশহাৰা হৈ পৰে নৈপৰীয়া ৰাইজ ৷ বান আৰু খহনীয়াই প্ৰতি বছৰে জলাকলা খুৱাই অসমৰ নৈপৰীয়া লোকক (Natural disaster in Assam) ৷ বাৰিষা নৈৰ বুকু উফন্দি উঠিলেই প্লাৱিত হয় নৈৰ দুয়োপাৰৰ বিস্তীৰ্ণ অঞ্চল ৷

বানে ঘৰ-বাৰী, খেতি পথাৰ বুৰাই ব্যাপক ক্ষতি সাধন কৰে ৰাইজৰ (Flood in Assam) ৷ বানৰ পাছত আকৌ ভূতৰ ওপৰত দানৱ পৰাদি খহনীয়াই এফালৰ পৰা ঢাঁহি-মুহি নিয়ে খেতি পথাৰ তথা নৈৰ পাৰত বসতি স্থাপন কৰা লোকসকলৰ বাসগৃহ (Erosion in Assam) ৷ এনেদৰেই নৈৰ বুকুত লীন হৈ যায় বহুলোকৰ সপোন ৷ নৈৰ বুকুত ঘৰ-বাৰী খহনীয়াত জাহ যোৱাত দিশহাৰ হৈ পৰে একাংশ দৰিদ্ৰ পৰিয়াল ৷ ফলত তেওঁলোকৰ ভৱিষ্যত জীৱনৰ প্ৰতি নামি আহিছে চৰম ভাবুকি ৷

খহনীয়াৰ কৱলত শওপুৰস্থিত দ্বিতীয় নং বিকল্প ৰাজ্যিক ঘাইপথ, কাণসাৰ বিভাগীয় কৰ্তৃপক্ষৰ

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁৱত বিগত কেইবামাহ ধৰি অব্যাহত আছিল খহনীয়া (Erosion in Kalgachia)। এই বিষয়ে যোৱা সময়চোৱাত ই টিভি ভাৰতত ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি অহা হৈছে যদিও আজিলৈকে এই সমস্যাবোৰ দৃষ্টিগোচৰ নহ’ল চৰকাৰ কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ ৷

উল্লেখ্য যে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ মাজেৰে বৈ যোৱা বেকী নদীয়ে যোৱা কেইটামাহ পূৰ্বে গতিফল সলনি কৰি শওপুৰ গাঁৱত শ শ পৰিয়ালৰ ঘৰ-দুৱাৰ খহাই নিয়াৰ লগতে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা অভয়াপুৰীৰ পৰা বৰপেটা হৈ আমিনগাঁও লৈ যোৱা ৰাজ্যিক ঘাইপথ বাৰিষাত সম্পূৰ্ণৰূপে ভাঙি যায় । বাৰিষাৰ সময়ত প্ৰশাসনে জিও বেগেৰে সাময়িকভাৱে প্ৰতিৰোধৰ ব্যৱস্থা হাতত লৈছিল যদিও ই বিশেষ ফলপ্ৰসূ হোৱা পৰিলক্ষিত হোৱা নাছিল ।

যাৰ ফলত বিগত এটা বছৰ ধৰি বৰপেটা জিলা প্ৰশাসনে এই ৰাজ্যিক ঘাইপথচোৱাৰে গধুৰ যান বাহন চলাচল নিষিদ্ধ কৰি দিয়াত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা । ফলত বহু সমস্যাৰ সন্মুখীন হৈছে পথচাৰীৰ ৷ শীঘ্ৰেই এই এই ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে যিকোনো মুহূৰ্তত সংঘটিত হ’ব ভয়ংকৰ দুৰ্ঘটনা ৷ ইফালে স্থানীয় ৰাইজ তথা দল-সংগঠনৰ অভিযোগ, নাকত তেল দি শুই আছে জনীয়া সমষ্টিৰ তিনিবাৰৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু পূৰ্বৰ দুবাৰৰ বিধায়ক বৰ্তমানৰ সাংসদ আব্দুল খালেক । খৰালীৰ সময়তো খহনীয়া ৰোধৰ ব্যৱস্থা নকৰাত ক্ষোভ প্ৰকাশ কৰে বিভিন্ন দল-সংগঠনে ।

দল-সংগঠনৰ অভিযোগ এই ঠাইডোখৰে বহু মন্ত্ৰী-বিধায়ক আহিছে, পৰিদৰ্শন কৰিছে আৰু চেল্ফি মাৰিছে আৰু গুচি গৈছে । কিন্তু বেকী নদীৰ খহনীয়াৰ কৱলত পৰা শওপুৰ দ্বিতীয় নং বিকল্প ৰাজ্যিক ঘাইপথটো ৰক্ষা কৰিবলৈ গ্ৰহণ নকৰিলে কোনো ব্যৱস্থা । যেন সকলো ফুটুকাৰ ফেন । বাৰিষাৰ সময়ত বিভাগীয় কৰ্তৃপক্ষই সময়মতে আৰু সঠিক ভাবে খহনীয়া প্ৰতিৰোধৰ কাম নকৰাৰ বাবেই আজি পথচোৱা খহনীয়াৰ কৱলত পৰি ৰাজ্যিক ঘাইপথ নিচ্ছিন্ন হোৱাৰ পথত ।

ইফালে বেকী নৈৰ দুয়ো পাৰে কৰাৰকুৰ আৰু বামুনটাৰী অংশত বৰপেটা জিলা প্ৰশাসনে পহৰা দিয়াৰ ব্যৱস্থা কৰিছে যদিও অবাধে চলাচল কৰি আছে গধুৰ যান-বাহন । স্থানীয় ৰাইজ তথা দল-সংগঠনৰ অভিযোগ কেৱল বিধায়ক আৰু সাংসদে বানৰ সময়ত ডাঙৰ ডাঙৰ মন্তব্য দিয়ে আৰু চেল্ফি মাৰি গুচি যায় কিন্তু এতিয়া খৰালীৰ সময়ত নাকত তেল দি শুই আছে । সেয়ে অতি সোনকালে এই ৰাজ্যিক ঘাইপথচোৱাৰ কাম আৰম্ভ কৰাৰ দাবী জনাই অন্যথা গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক: Erosion in Kalgachia: খাৰবাল্লীত বেকী নদীৰ ভয়ংকৰ খহনীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.