ETV Bharat / state

Erosion in Kalgachia: খাৰবাল্লীত বেকী নদীৰ ভয়ংকৰ খহনীয়াৰ

author img

By

Published : Nov 26, 2022, 1:55 PM IST

Erosion in Kalgachia Barpeta
খাৰবাল্লীত বেকী নদীৰ ভয়ংকৰ খহনীয়াৰ

কলগাছিয়াৰ খাৰবাল্লীত বেকী নদীৰ ভয়ংকৰ খহনীয়া (Erosion in Kalgachia)। খহনীয়াত সম্পূৰ্ণৰূপে জাহ যোৱাৰ পথত ৮০৬ নং খাৰবাল্লী প্ৰাথমিক বিদ্যালয় । কাণসাৰ নাই জনপ্ৰতিনিধি কিম্বা জিলা প্ৰশাসনৰ ।

জনীয়া, 26 নৱেম্বৰ: ৰাজ্যত এতিয়াও অব্যাহত আছে খহনীয়াৰ কালৰূপ ৷ প্ৰতি বছৰে অহা বানৰ সমান্তৰালকৈ খহনীয়াৰ তাণ্ডৱত দিশহাৰা হৈ পৰে নৈপৰীয়া ৰাইজ ৷ বান আৰু খহনীয়াই প্ৰতি বছৰে জলাকলা খুৱাই অসমৰ নৈপৰীয়া লোকক (Natural disaster in Assam) ৷ বাৰিষা নৈৰ বুকু উফন্দি উঠিলেই প্লাৱিত হয় নৈৰ দুয়োপাৰৰ বিস্তীৰ্ণ অঞ্চল ৷

বানে ঘৰ-বাৰী, খেতি পথাৰ বুৰাই ব্যাপক ক্ষতি সাধন কৰে ৰাইজৰ (Flood in Assam) ৷ বানৰ পাছত আকৌ ভূতৰ ওপৰত দানৱ পৰাদি খহনীয়াই এফালৰ পৰা ঢাঁহি-মুহি নিয়ে খেতি পথাৰ তথা নৈৰ পাৰত বসতি স্থাপন কৰা লোকসকলৰ বাসগৃহ (Erosion in Assam) ৷ এনেদৰেই নৈৰ বুকুত লীন হৈ যায় বহুলোকৰ সপোন ৷ নৈৰ বুকুত ঘৰ-বাৰী খহনীয়াত জাহ যোৱাত দিশহাৰ হৈ পৰে একাংশ দৰিদ্ৰ পৰিয়াল ৷ ফলত তেওঁলোকৰ ভৱিষ্যত জীৱনৰ প্ৰতি নামি আহিছে চৰম ভাবুকি ৷

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁৱত এতিয়াও অব্যাহত আছে ভয়ংকৰ খহনীয়া (Erosion in Kalgachia)। ইতিমধ্যে বহু সংখ্যক লোকৰ ঘৰ-বাৰী খহনীয়াত জাহ যোৱাৰ উপক্ৰম ঘটিছে ৷ এইবাৰ ৰূপসী সংহত প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত কলগাছিয়াৰ খাৰবাল্লীত খহনীয়াৰ কৱলত পৰি সম্পূৰ্ণৰূপে জাহ যোৱাৰ পথত ৮০৬ নং খাৰবাল্লী প্ৰাথমিক বিদ্যালয়খন । ১৯৫০ চনতে খাৰবাল্লী গাঁৱত স্থাপিত হৈছিল এই প্ৰাথমিক বিদ্যালয়খন । সেয়াও এতিয়া খহনীয়াৰ কৱলত ।

খাৰবাল্লীত বেকী নদীৰ ভয়ংকৰ খহনীয়াৰ

কিন্তু খবৰ ল’বলৈ আহৰি নাই কংগ্ৰেছৰ দুবাৰৰ বিধায়ক এবাৰৰ সাংসদ আব্দুল খালেক তথা জনীয়াৰ তিনিবাৰৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ । যাৰ ফলত অন্ধকাৰৰ দিশত প্ৰায় পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত । বিদ্যালয়খন ভাঙি যোৱাত পথাৰৰ মাজত মুকলি আকাশৰ তলত চলাইছে পাঠদান । ইয়াৰোপৰি বেকী নদীৰ খহনীয়াৰ কৱলত পৰি খাৰবাল্লী গাঁওখন প্ৰায় নিশ্চিহ্ন হোৱাৰ পথত । স্থানীয় ৰাইজৰ অভিযোগ কেৱল নিৰ্বাচনৰ সময়তহে নেতাসকলক দেখা পাই গাঁওখনৰ ৰাইজে ৷ কিন্তু এফালে নিৰ্বাচনো যায়, আনফালে মিষ্টাৰ ইণ্ডিয়াৰ নিচিনা জনপ্ৰতিনিধিও অদৃশ্য হৈ পৰে ৷

ৰাইজক ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন কৰে ক্ষুব্ধ তথা অসহায় ৰাইজে ৷ ৰাজ্য চৰকাৰক অতি শীঘ্ৰেই খহনীয়া প্ৰতিৰোধ কৰি গাওঁখনক খহনীয়াৰ বুকুত জাহ যোৱাৰ পৰা ৰক্ষা কৰিবলৈ আহ্বান জনায় ভুক্তভোগী ৰাইজে ।

লগতে পঢ়ক: Erosion at Amguri: আমগুৰি সমষ্টিৰ ৰূপহীমুখত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.