ETV Bharat / state

বিজেপি থাকিলে ডিমা হাছাও ক্ষুদ্ৰ মণিপুৰত পৰিণত হ’ব: সুস্মিতা দেৱ

author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 5:23 PM IST

NC Hill Election: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ নিকৃষ্ট ৰাজনীতিৰ বাবে মণিপুৰ জ্বলি আছে ৷ বিজেপিৰ ডিমা-হাছাওকো মিনি মণিপুৰত পৰিণত কৰিব । এই মন্তব্য সুস্মিতা দেৱৰ ৷

tmc leader Sushmita Dev
Dima Hasao Election

ডিমা হাচাও পৰিষদীয় নিৰ্বাচনৰ বাবে তৎপৰ সুস্মিতা দেৱ

হাফলং, 4 জানুৱাৰী : ডিমা হাছাও পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত কৰি শাসনাধিষ্ঠিত বিজেপিক চোকা সমালোচনা কৰিছে তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে । আজি হাফলংস্থিত জিলা তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি তেওঁ কয় যে - আচিং জেমেৰ নেতৃত্বত ডিমা হাচাওত তৃণমূল কংগ্ৰেছেই হৈছে বিজেপিৰ একমাত্ৰ প্ৰতিদ্বন্দী ৷

উল্লেখ্য যে দীৰ্ঘদিন ধৰি পাৰ্বত্য জিলাখনত তৃণমূল কংগ্ৰেছে বিৰোধীৰ ভূমিকা গ্ৰহণ কৰি আছে । কংগ্ৰেছক চোকা সমালোচনা কৰি সুস্মিতা দেৱে কয়, ‘‘ আজি কংগ্ৰেছ দলটো দুৰ্বল হোৱাৰ একমাত্ৰ কাৰণ হৈছে তেওঁলোকৰ নেতৃত্ব । কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক প্ৰৱঞ্চনা কৰি নেতাসকলে বিজেপিৰ লগত গোপন মিতিৰালি ৰক্ষা কৰাৰ বাবে আজি কংগ্ৰেছ নিঃচিহ্ন হৈছে ।’’

ইপিনে বিজেপিক তীক্ষ্ণ সমালোচনা কৰি তেওঁ কয়, ‘‘ বিজেপিয়ে বিভাজনৰ ৰাজনীতি কৰি শাসন দখল কৰাৰ ফৰ্মূলা দীৰ্ঘদিনীয়া । ডিমা-হাছাওতো তেওঁলোকে বিভাজনৰ ৰাজনীতি কৰি ডিমাছা আৰু অনা-ডিমাছাক ভাগ ভাগ কৰিবলৈ বিচাৰিছে । চুবুৰীয়া মণিপুৰত কি ঘটিছে সয়া সকলোৱে জানে ।’’

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ নিকৃষ্ট ৰাজনীতিৰ বাবে মণিপুৰ জ্বলি আছে বুলি মন্তব্য কৰি তেওঁ কয়, ‘‘ বিজেপিৰ এনে নীতিয়ে ডিমা-হাছাওকো মিনি মণিপুৰত পৰিণত কৰিব ।’’

অনা ডিমাছাসকলৰ স্থানীয় বাসিন্দাৰ প্ৰমাণপত্ৰ (পিআৰচি)ৰ সমস্যা দাঙি ধৰি সংবাদমেলত তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱে কয়, ‘‘ পি আৰ চিৰ ক্ষেত্ৰত ইমান চৰ্ত কিয়? চৰকাৰে ইমানবোৰ চৰ্ত বান্ধি দিয়াৰ পৰিৱৰ্তে কৈ দিয়ক অনা ডিমাছাসকলে পি আৰ চি নাপায় । চাকৰি-বাকৰি নাপায় ।’’

তৃণমূল নেত্ৰীগৰাকীয়ে পুনৰ কয়, ‘‘ বিজেপিয়ে উন্নয়নৰ কথা কয় । কিন্তু প্ৰকৃততে উন্নয়ন কিমান হৈছে সকলোৱে জানে । হাফলঙত ৭০ বছৰ ধৰি খোৱাপানীৰ সমস্যা শেষ নহ’ল । শিক্ষানুষ্ঠানৰ অৱস্থা তথৈবচ । অৰুণোদয় আঁচনি দিয়াৰ কথা কৈছে । কিন্তু ইয়াত আঁচনিৰ ধন উলিয়াবলৈ এটিএমৰ অসুবিধা । বহুতো এনেকুৱা দুৰ্গম আঞ্চল আছে য’ত আঁচনিৰ ধন উলিয়াবলৈ ৬০-৭০ কিলোমিটাৰ দূৰৈলৈ যোৱাৰ বাবে ৫০০ টকা খৰচ কৰিবলগীয়া হয় । এয়াই হৈছে উন্নয়নৰ প্ৰকৃত ৰূপ ।’’

নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতিৰ বন্যা বোৱায় আৰু শাসনলৈ আহিলে সকলো পাহৰি যায় বুলি মন্তব্য কৰি সুস্মিতা দেৱে কয় যে এয়াই হৈছে বিজেপিৰ প্ৰকৃত স্বৰূপ । তেওঁ কয়, ‘‘ অসম তৃণমূল কংগ্ৰেছে সকলোৰে উন্নয়ন বিচাৰে ৷ সেয়ে এইবাৰ ডিমা-হাচাও স্বায়ত্তশাসিত পৰিষদত তৃণমূল কংগ্ৰেছে প্ৰতিদ্বন্দিতা কৰিছে আৰু বিজয় নিশ্চিত ।’’

লগতে পঢ়ক: উত্তৰ কাছাৰত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ পীযুষ হাজৰীকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.