ETV Bharat / state

উত্তৰ কাছাৰত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ পীযুষ হাজৰীকাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 9:57 PM IST

Minister Pijush Hazarika
উত্তৰ কাছাৰত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ পীযুষ হাজৰীকাৰ

NC Hill Election: প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক এটা বেদনাসিক্ত কবিতা লিখিবলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ । পীযুষ হাজৰীকাৰ নেতৃত্বত এটা বৃহৎ দলে বিগত ১০ দিন ধৰি ডিমা হাচাওত বাহৰ পাতি বিজেপিৰ হৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷

উত্তৰ কাছাৰত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ পীযুষ হাজৰীকাৰ

হাফলং, ২ জানুৱাৰী : ৰাজ্যত এতিয়া তুংগত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ । মন্ত্ৰী পীযুষ হাজৰীকাৰ নেতৃত্বত এটা বৃহৎ দলে বিগত ১০ দিন ধৰি ডিমা হাছাওত বাহৰ পাতি বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ।

মঙলবাৰে চেমখৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ৰাণু লাংথাছাৰ হৈ এখনি নিৰ্বাচনী প্ৰচাৰ সম্বোধন কৰে মন্ত্ৰীগৰাকীয়ে । ৰাজ্যবাসী তথা উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলৰ সমূহ ৰাইজ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অব্যাহত থকা বিকাশৰ যাত্ৰাৰ সহযাত্ৰী, এই কথা পুনৰবাৰ আজিৰ এই সভাত প্ৰমাণিত কৰে বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই ।

সাংবাদিকৰে হোৱা মুখামুখি সময়ত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ ভিতৰুৱা অঞ্চলটোত কিছু সমস্যা আছে । ইতিমধ্যে বহু সমস্যাৰ সমাধান হৈছে । অঞ্চলবাসীয়ে ভাবে, তেওঁলোকৰ যি সমস্যা আছে কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰেহে সমাধান কৰিব পাৰিব ।’’ ইয়াৰোপৰি তেওঁ কয়, ‘‘ পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোচাৰ নেতৃত্বত বিগত চাৰে সাত বছৰত যথেষ্ট উন্নয়নমূলক কাম হৈছে পৰিষদীয় অঞ্চলটোত । আগন্তুক তিনি বছৰত অঞ্চলটোত ৰাস্তা-ঘাটৰ ক্ষেত্ৰত যথেষ্ট উন্নয়ন হ’বলৈ গৈ আছে ৷’’

অসম মালাৰ যোগেদি বহুতো পথ নিৰ্মাণৰ লগতে নিৰ্মাণৰত অৱস্থাতো থকাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী হাজৰীকাই । বাকী আধৰুৱা হৈ থকা কামসমূহ অতি সোনকালে সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ।

পূৰ্বৰ নিৰ্বাচনত বিজেপিয়ে ১৯ টা পৰিষদীয় সমষ্টিত জয়ী হোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ আগন্তুক নিৰ্বাচনত বিজেপি মিত্ৰজোঁট অতি কমেও ২৬ টা সমষ্টিত জয়ী হ’ব লাগে ।’’ মন্ত্ৰী হাজৰীকা আশাবাদী যে ২৮ টাৰ ২৮ টা পৰিষদীয় সমষ্টিতেই জয়ী হ’ব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ।

ইয়াৰোপৰি নিৰ্বাচনৰ প্ৰসংগত বিৰোধীৰ ভূমিকা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ বিৰোধীৰ কাম হৈছে বিভিন্ন অঞ্চললৈ গৈ কেৱল পিকনিক খাই থকা ।’’ বৰ্তমান মুছলমান অধ্যুষিত অঞ্চলতো বিৰোধীয়ে ৰাইজৰ সমৰ্থন নোপোৱা হৈছে বুলি কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে । আগন্তুক পৰিষদীয় নিৰ্বাচনত জয়ী হৈ পৰৱৰ্তী সময়ত লোকসভা নিৰ্বাচনৰ কাৰণে সাজু হোৱাৰ কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ।

তেওঁ সাংবাদিকৰ আগত জানিবলৈ দিয়ে যে কাইলৈৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে জিলাখনত নিৰ্বাচনী প্ৰচাৰৰ বাবে যাব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰীকাই কয়, ‘‘ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চাৰে এঘাৰখন আসনত জয়ী হোৱাৰ যি মন্তব্য কৰিছিল, মোৰ মতে প্ৰায় ১২ খন আসনত জয়ী হ’ব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী । শেহতীয়াকৈ ৫ ৰাজ্যৰ নিৰ্বাচনৰ ভাল ফলাফল আশা কৰি নিৰ্বাচনী ফলাফলৰ ঢৌত অসমত লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ সপোন দেখিছিল কংগ্ৰেছে ।’’

পৰাজয়েৰে জৰ্জৰিত হৈ থকা কংগ্ৰেছৰ বৰ্তমানৰ পৰিস্থিতৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক বেদনাময় এটা কবিতা লিখিবলৈ আহ্বান জনায় মন্ত্ৰী হাজৰীকাই ।

লগতে পঢ়ক: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ ইস্তাহাৰ প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.