ETV Bharat / state

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ ইস্তাহাৰ প্ৰকাশ

author img

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 11:02 PM IST

NC Hill Election
তৃণমূল কংগ্ৰেছৰ ইস্তাহাৰ প্ৰকাশ

NC Hill Election: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে তৃণমূল কংগ্ৰেছ নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ তৃণমূল কংগ্ৰেছ নিৰ্বাচনত জয়ী হ’লে বিনামূল্যত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিব বুলি প্ৰতিশ্ৰুতি দিছে দলটোৱে ৷

তৃণমূল কংগ্ৰেছৰ ইস্তাহাৰ প্ৰকাশ

হাফলং, 30 ডিচেম্বৰ : উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে আজি ইস্তাহাৰ প্ৰকাশ কৰিলে তৃণমূল কংগ্ৰেছে । আজি হাফলং মলহয় গাঁৱৰ কমিউনিটি হলত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি আৰু ডিমা হাছাও জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি তথা হাফলং সমষ্টিৰ প্ৰাৰ্থী আচিং জেমিয়ে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ ইস্তাহাৰ প্ৰকাশ কৰে ।

ইস্তাহাৰত উল্লেখ কৰা হৈছে তৃণমূল কংগ্ৰেছ নিৰ্বাচনত জয়ী হ’লে বিনামূল্যত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰাৰ লগতে শিক্ষা, স্বাস্থ্য, বাটপথ উন্নত কৰাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব । ইপিনে ইস্তাহাৰ প্ৰকাশ কৰি তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই সাংবাদিকৰ আগতে কয়, ‘‘উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে তৃণমূল কংগ্ৰেছ নিৰ্বাচনত অৱতীৰ্ণ হৈছে এয়া এক ইতিহাস ।’’

তেওঁ কয়, ‘‘এইবাৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ 28 টা সমষ্টিৰ মাজতে 11 টা সমষ্টিত তৃণমূল কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । প্ৰথমতে তালিকাত 12 গৰাকী প্ৰাৰ্থীৰ নাম আছিল যদি এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰা নাছিল । যাৰ বাবে তৃণমূল কংগ্ৰেছে 11 টা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।’’

উক্ত 11 টা সমষ্টিত তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । তেওঁ কয় যে এই 11 টা সমষ্টিত তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ কঠিন যুজঁ হ’ব । ৰিপুন বৰাই কয়, ‘‘ডিমা হাছাও জিলাত তৃণমূল কংগ্ৰেছ একেবাৰে নতুন দল, যাৰ বাবে ৰাইজে তৃণমূল কংগ্ৰেছক আঁকোৱালি লৈছে আৰু ইয়াৰ কাৰণ হৈছে ৰাইজে বিজেপিৰ পৰিৱৰ্তন বিচাৰিছে ।’’

সাংবাদিকৰ আগতে ৰিপুন বৰাই কয়, ‘‘পশ্চিম বংগত তৃণমূল কংগ্ৰেছে আপোচবিহীন যুজঁ দিছে আৰু তৃণমূল কংগ্ৰেছেই বিজেপি দলক যুঁজ দিব পাৰিব যাৰ বাবে ৰাইজে তৃণমূল কংগ্ৰেছক আদৰণি জনাইছে ।’’ তেওঁ আৰু কয় যে তৃণমূল কংগ্ৰেছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ দখল কৰিব নোৱাৰিব যদিও পৰিষদত এক শক্তিশালী বিৰোধীৰ ভূমিকা ল’ব আৰু ৰাইজৰ জ্বলন্ত সমস্যাসমূহ লৈ কাম কৰি যাব ।

ৰিপুন বৰাৰ অভিযোগ যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৰাজ্যৰ নিৰ্বাচন আয়োগৰ অধীনত অনুষ্ঠিত হৈছে যাৰ বাবে চৰকাৰ আৰু প্ৰশাসন যন্ত্ৰক ব্যৱহাৰ কৰি ধনবল আৰু বহুবলেৰে নিৰ্বাচনত বিজেপি দলে জয়লাভ কৰিব বিচাৰিছে । সেয়া লৈ ৰাজ্যৰ নিৰ্বাচন আয়োগৰ ওচৰতে তৃণমূল কংগ্ৰেছে আপত্তি দৰ্শাইছে যদিও কিন্তু ৰাজ্যৰ নিৰ্বাচন আয়োগে কি ব্যৱস্থা তাক লৈ যথেষ্ট সন্দেহ আছে । ৰাইজে ইয়াৰ বিচাৰ কৰিব বুলি মন্তব্য কৰি ৰিপুন বৰাই কয়, ‘‘ বিজেপি হৈছে পুঁজিপতিৰ দল, দুখীয়াসকলৰ বাবে বিজেপিত একো নাই ৷ মূল্যবৃদ্ধিত নিবনুৱা আৰু সাধাৰণ ৰাইজ অতিষ্ঠ হৈ পৰিছে ।

তেওঁৰ অভিযোগ, বিজেপি দলে সংবিধান আৰু লোকতন্ত্ৰক আক্ৰমণ কৰি ধংস কৰি দিয়াৰ চেষ্টা চলাইছে । সাম্প্ৰদায়িক ৰাজনীতি কৰি মানুহৰ মাজতে বিভাজনৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰি ৰিপুন বৰাই কয় যে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব ৰাইজে ।

লগতে পঢ়ক: শনিবাৰৰ পৰা ডিমা হাছাওত ষ্টাৰ কেম্পেইনাৰ ৰিপুন বৰাৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.