শনিবাৰৰ পৰা ডিমা হাছাওত ষ্টাৰ কেম্পেইনাৰ ৰিপুন বৰাৰ নিৰ্বাচনী প্ৰচাৰ

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 4:41 PM IST

thumbnail

হাফলং, 29 ডিচেম্বৰ : হাইভল্টেজ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ তুংগত কৰাৰ বাবে পাৰ্বত্য জিলাখনত আগমন ঘটিব তৃণমূল কংগ্ৰেছৰ হাইপ্ৰফাইল নেতাৰ । আজি এক সংবাদমেলত অসম তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তড়িত চেটাৰ্জীয়ে এই কথা জানিবলৈ দিয়ে ৷

তেওঁ কয় যে ‘‘ কাইলৈ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুন বৰা হাফলঙত উপস্থিত হ’ব । কাইলৈ প্ৰকাশ কৰা হ’ব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ ।

আনহাতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন প্ৰসংগত চেটাৰ্জীয়ে লগতে কয়, ‘‘ শাসকীয় দলৰ বহুতো হাইপ্ৰফাইল নেতাই এই নিৰ্বাচনত জপিয়াই পৰিছে । পূৰ্বৰ তুলনাত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনৰ স্তৰ বৃদ্ধি পাইছে । এই ৰণত অসম তৃণমূল কংগ্ৰেছো পিছপৰি থকা নাই । তৃণমূল কংগ্ৰেছৰ বহুতো হাইপ্ৰফাইল নেতাই দলীয় প্ৰাৰ্থীৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাব । সভাপতি ৰিপুন বৰাৰ উপৰি তৃণমূলৰ নেত্ৰী তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱ, সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তা ছেত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব ।

ইপিনে সংবাদমেলত অংশ লৈ দিহাংগী সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী পম্পন্দ লাংথাচাই কয়, ‘‘হাফলঙৰ বিভিন্ন সমস্যাক লৈ জিলা সভাপতি তথা হাফলঙৰ প্ৰাৰ্থী আচিং জেমিয়ে সাতটা প্ৰস্তাৱ গ্ৰহণ কৰিছে । কাইলৈ ইস্তাহাৰ প্ৰকাশ কৰাৰ পিছতে বিয়লি ৰাজ্যিক সভাপতি ৰিপুন বৰাৰ সৈতে তেওঁ নিৰ্বাচনী ইস্তাহাৰ আৰু সাতোটা প্ৰস্তাৱৰ প্ৰতিলিপি হাফলং বজাৰত বিতৰণ কৰিব । এই পদযাত্ৰাৰ সময়ত স্থানীয় ব্যৱসায়ীসকলৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকৰ সমস্যাৰ বুজ ল’ব ।’’

লগতে পঢ়ক: ডিমা হাছাওত গণতন্ত্ৰক হত্যা কৰাৰ অভিযোগ কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.