ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jan 3, 2022, 7:03 PM IST

Top ten news at 7 PM
Top ten news at 7 PM

সন্ধিয়াৰ 7 বজাৰ শীৰ্ষ সংবাদসমূহ চাও আহক...

অসমত ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ প্ৰয়োজন নোহোৱা পৰিবেশ সৃষ্টি কৰিব লাগিব : মুখ্যমন্ত্ৰী

আৰক্ষী অধীক্ষকৰ সন্মিলনত (SP's conference in Dibdrugarh) আৰক্ষীলৈ মুখ্যমন্ত্ৰীৰ আহ্বান, অসমত কোনো ব্যক্তিৰ বাবে ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ প্ৰয়োজন নোহোৱা পৰিবেশ সৃষ্টি কৰিব লাগিব (Himanta Biswa Sarma on PSO) ৷ ৰাজ্যৰ ৩৪ খন জিলাৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু মহকুমা আৰক্ষী বিষয়াসহ 94 গৰাকী আৰক্ষী বিষয়াই অংশগ্ৰহণ কৰে এই অনুষ্ঠানত ৷

কেবিনেটৰ সিদ্ধান্তক সন্মান জনাই বিজেপি সাংসদ ডাঃ ৰাজদ্বীপে বিদায় দিলে PSO ক

এইবাৰ স-সন্মানে নিজৰ নিৰাপত্তাৰক্ষীৰ দলক বিদায় দিলে বিজেপি সাংসদ তথা দলটোৰ জ্যেষ্ঠ নেতা ডাঃ ৰাজদ্বীপ ৰায়ে । দেওবাৰে জ্যেষ্ঠ নেতা ডাঃ ৰাজদ্বীপ ৰায়ে এক পত্ৰযোগে আনুষ্ঠানিকভাৱে এই বিষয়ে অৱগত কৰে কাছাৰৰ আৰক্ষী অধীক্ষকক ।

Covid vaccination for teens starts today: দুলীয়াজানত শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

দুলীয়াজানত শুভাৰম্ভ হ’ল ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক ক'ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া (Covid vaccination for teens starts today)। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুলীয়াজানৰ অইল হায়াৰ চেকেণ্ডেৰী স্কুলত মুখ্যমন্ত্ৰী শৰ্মাই শুভ উদ্ধোধন কৰে এই কাৰ্যসূচীৰ ।

ভূৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত বিতং তথ্য বিচাৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

ভূৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত বিতং তথ্য বিচাৰিছে উচ্চ ন্যায়ালয়ে । উচ্চ ন্যায়ালয়ে ১১ জানুৱাৰীত এই বিষয়টোৰ বাবে শুনানি ধাৰ্য কৰিছে (Gauhati high court seeks details about alleged fake encounter in Assam) । নতুন দিল্লীস্থিত জ্য়েষ্ঠ অধিবক্তা আৰিফ জোৱাদ্দাৰৰ এক জনস্বার্থজনিত এক আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে এক আদেশ জাৰি কৰে আৰু চৰকাৰী পক্ষক বিতং তথ্য দাখিলৰ বাবে নিৰ্দেশনা দিয়ে ।

ছয় জনগােষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্যক লৈ অসন্তুষ্ট TAYPA

জনজাতিকৰণ সন্দৰ্ভত প্ৰদান কৰা বক্তব্যৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা টাই আহোম যুৱ পৰিষদৰ ৷ ছয় জনগােষ্ঠীৰ জনজাতিকৰণৰ(ST status to six communities of Assam) ক্ষেত্ৰত কেন্দ্ৰ আৰু অসমৰ উভয় চৰকাৰৰ সদিচ্ছা দেখি বিগত ২০২১ চনৰ অসম বিধান সভা নির্বাচনত ছয় জনগােষ্ঠীৰ ৰাইজে বিজেপি মিত্ৰজোঁটক প্ৰৱলভাৱে ভােটদান কৰি চৰকাৰ গঠন কৰিবলৈ সুবিধা প্রদান কৰিছিল বুলিও দাবী সংগঠনটোৰ ৷

পুনৰ উচ্ছেদ অভিযান চলিব লাহৰিজানত

লাহৰিজানৰ দুদু কলনিত অলপতে হৈ যোৱা উচ্ছেদ অভিযানত (Eviction at Laharijan) সকলোৰে সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে (KAAC chief Tuliram Ronghang) ৷ লাহৰিজানৰ খান বস্তিতো চলিত মাহতে পুণৰ উচ্ছেদ অভিযান চলোৱা হ’ব বুলি সংবাদ মেলত সদৰি কৰে তুলিৰাম ৰংহাঙে ৷

Adil Hussain in Forbes' List : ফ'ৰ্বছৰ বর্ষশ্ৰেষ্ঠ বলীউড অভিনেতাৰ তালিকাত আদিল হুছেইন

নিজৰ অভিনয় শৈলীৰে বিশ্বজুৰি খ্যাতি লাভ আৰু জনপ্ৰিয় হোৱা অসমৰ সু-সন্তান আদিল হুছেইনে International Magazine "Forbes"ত নিজৰ নাম অন্তৰ্ভূক্ত কৰি দেশবাসীক কৰিলে গৌৰাৱান্বিত ৷ 2021 বৰ্ষক সামৰি ফ'ৰ্বছ-এ প্ৰকাশ কৰা এখন তালিকাত নাম অন্তৰ্ভূক্ত হ’ল আদিল হুছেইনৰ (Adil Hussain in Forbes’ list of outstanding Hindi actors in 2021) ৷

Covid vaccination for teens starts today: ৰাজ্যজুৰি আৰম্ভ হ’ল কিশোৰ-কিশোৰীৰ ভেকচিন প্ৰদান কাৰ্যসূচী

ৰাজ্যজুৰি আৰম্ভ হ’ল ১৫ বছৰৰ পৰা ১৮ বছৰলৈ বিশেষ ভেকচিন প্ৰদান কাৰ্যসূচী ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুলীয়াজানত ভেকচিনেশ্যন কাৰ্যসূচী আৰম্ভ কৰাৰ সমান্তৰালভাৱে ৰাজ্যৰ প্ৰতিখন জিলাতে সোমবাৰে শুভাৰম্ভ কৰা হ’ল নিৰ্দিষ্ট বয়সৰ কিশোৰ-কিশোৰীৰ ভেকচিন প্ৰদান কাৰ্যসূচী (Covid vaccination for teens starts today) ৷

John Abraham and Wife tested Covid 19 positive : পত্নীৰ সৈতে ক’ভিড-19 ত আক্ৰান্ত জন আব্ৰাহাম

বলীউডৰ অভিনেতা-প্ৰযোজক জন আব্ৰাহাম আৰু পত্নী প্ৰিয়াই ক’ভিড-19 ত আক্ৰান্ত হৈ বৰ্তমান হোম কোৱাৰেণ্টাইনত আছে (John Abraham and Wife tested Covid 19 positive) । সোমবাৰে ইনষ্টাগ্ৰামৰ জৰিয়তে কথাটো অনুৰাগীসকলক অৱগত কৰিলে জনে ৷

Assam Book Fair 2021 : মাত্ৰ ৪ দিনতে বিক্ৰী হ'ল ১ কোটি টকাৰ গ্ৰন্থ

চানমাৰিৰ আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলা (Assam Book Fair 2021) ত পাঠকৰ ব্যাপক সঁহাৰি ৷ গ্ৰন্থমেলাৰ চাৰিটা দিন অতিক্ৰম কৰাৰ পিছতে বিক্ৰী হ’ল প্ৰায় 1 কোটি টকা মূল্যৰ কিতাপ (one crore rupees books sold out in 4 days) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.