ETV Bharat / city

Covid vaccination for teens starts today: ৰাজ্যজুৰি আৰম্ভ হ’ল কিশোৰ-কিশোৰীৰ ভেকচিন প্ৰদান কাৰ্যসূচী

author img

By

Published : Jan 3, 2022, 6:35 PM IST

ৰাজ্যজুৰি আৰম্ভ হ’ল ১৫ বছৰৰ পৰা ১৮ বছৰলৈ বিশেষ ভেকচিন প্ৰদান কাৰ্যসূচী ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুলীয়াজানত ভেকচিনেশ্যন কাৰ্যসূচী আৰম্ভ কৰাৰ সমান্তৰালভাৱে ৰাজ্যৰ প্ৰতিখন জিলাতে সোমবাৰে শুভাৰম্ভ কৰা হ’ল নিৰ্দিষ্ট বয়সৰ কিশোৰ-কিশোৰীৰ ভেকচিন প্ৰদান কাৰ্যসূচী (Covid vaccination for teens starts today) ৷

ৰাজ্যজুৰি আৰম্ভ হ’ল কিশোৰ-কিশোৰীৰ ভেকচিন প্ৰদান কাৰ্যসূচী
ৰাজ্যজুৰি আৰম্ভ হ’ল কিশোৰ-কিশোৰীৰ ভেকচিন প্ৰদান কাৰ্যসূচী

নিউজ ডেস্ক, 3 জানুৱাৰী : ক’ভিড-19এ পুণৰ মূৰ দাঙি উঠাৰ লগতে নতুন ৰূপত শক্তিশালী হৈ অ’মিক্ৰন নামৰে ইতিমধ্যে দেশত নিজৰ অস্বিত্ব জাহিৰ কৰিছে । যাৰফলত দেশৰ লগতে ৰাজ্যসমূহত ইতিমধ্যে ৱাৰ-ৰূম সৃষ্টি কৰাৰ লগতে বিভিন্ন ৰাজ্যত আৰম্ভ হৈছে মিনিলক ডাউন । অসমত বৰ্তমান পৰ্যন্ত তেনে পৰিস্থিতি সৃষ্টি হোৱা নাই যদিও ৰাজ্য চৰকাৰে কোনো ধৰণৰ অসাৱধনতা ল’বলৈ বিচাৰ নাই । তাৰবাবে আজিৰে পৰা সমগ্ৰ ৰাজ্যখনত ১৫ বছৰৰ পৰা ১৮ বছৰলৈ বিশেষ ভেকচিন প্ৰদান কাৰ্যসূচী গ্ৰহণ কৰিছে (Covid vaccination for teens starts today) ।

বৰপেটা : বৰপেটাত স্বাস্থ্য বিভাগৰ উদ্যোগত জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ সহযোগত আৰম্ভ হৈছে উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৫ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীক ক’ভিড প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী ৷ সোমবাৰে বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৫-১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীক ক’ভিড প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী শুভাৰম্ভ কৰে বৰপেটা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে ৷ ক’ভিড প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী শুভাৰম্ভৰ পূৰ্বে অনুষ্ঠিত চমু সভাত বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে, ক’ভিড পৰিস্থিতিৰ বাবে আমি অৰ্থনৈতিক ক্ষেত্ৰতে হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক বহু পিছুৱাই গৈছো ৷ সেইবোৰ আমি পুৰণ কৰিব লাগিব ৷ ছাত্ৰ-ছাত্ৰীসকলৰ যাতে শিক্ষাৰ ক্ষেত্ৰত বাধা আহিব নোৱাৰে, তাৰ বাবে চৰকাৰে ছাত্ৰ-ছাত্ৰী সকলৰ সুৰক্ষাৰ বাবে ক’ভিজ ভেকচিনৰ ব্যৱস্থা কৰিছে ৷

ৰাজ্যজুৰি আৰম্ভ হ’ল কিশোৰ-কিশোৰীৰ ভেকচিন প্ৰদান কাৰ্যসূচী

দৰং : সমগ্ৰ ৰাজ্যৰ লগতে দৰঙতো ১৫ ৰ পৰা ১৮ বছৰৰ শিক্ষাৰ্থীৰ ক’ভিড ভেকচিন কাৰ্যসূচীৰ শুভাৰাম্ভ হয় ৷ ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত জিলাখনৰ ভেকচিন প্ৰদান কাৰ্যসূচী আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে ৷ প্ৰথম দিনাই দৰঙৰ ২৯ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰে জিলা স্বাস্থ্য বিভাগে ৷ জানুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰতে ছাত্ৰ-ছাত্ৰীসকলক ভেকচিন প্ৰদানৰ কাৰ্য সম্পন্ন কৰাৰ প্ৰচেষ্টা হাতত লৈছে দৰং জিলা স্বাস্থ্য বিভাগে ৷

যোৰহাট: যোৰহাটতো পোন্ধৰৰ পৰা ওঠৰ বছৰ বয়সৰ কিশোৰ-কিশোৰীক ভেকচিন প্ৰদান আৰম্ভ কৰা হৈছে । যোৰহাট জিলা প্ৰশাসনে আজিৰে পৰা ভেকচিনেশ্যন কেম্পৰ ব্যৱস্থা গ্ৰহণ কৰিছে । যোৰহাট চৰকাৰী বালিকা বিদ্যালয়ত কেম্পৰ শুভাৰম্ভ কৰে জিলা উপায়ুক্ত অশোক বৰ্মনে । আনহাতে এই কেম্পৰ শুভাৰম্ভ কাৰ্যসূচীত যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী উপস্থিত থাকে । বিধায়কগৰাকীয়ে জনায় যে, আজিৰ দিনটোত প্ৰায় ৩০ খন বিদ্যালয়ত এই ভেকচিন প্ৰদান কৰিব স্বাস্থ্য বিভাগে ।

গোলাঘাট: গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ত প্ৰতিষেধক প্ৰদান কায্যসূচীৰ শুভাৰম্ভ কৰে বিত্ত মন্ত্ৰী অজন্তা নেওঁগে । প্ৰথম দিনটোত জিলাখনৰ ১৫ খন বিদ্যালয় আৰু মহাবিদ্যালত এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হয় আৰু অহা ৯ জানুৱাৰীলৈকে জিলাখনৰ প্ৰায় ৪০ হেজাৰ কিশোৰ-কিশোৰী তথা ছাত্ৰ ছাত্ৰীক এই প্ৰতিষেধক প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে গোলাঘাট জিলা প্ৰশাসনে । পৰৱৰ্তী সময়ত বিদ্যালয় আৰু মহাবিদ্যালত অধ্যয়ন নকৰা সৰ্বমুঠ ৬৯ হেজাৰ কিশোৰ কিশোৰীকো ক'ভিড প্ৰতিষেধক প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব গোলাঘাট জিলা প্ৰশাসনে ।

চিৰাং: চিৰাঙৰ বাসুগাঁও মহাবিদ্যালয়ত আনুষ্ঠানিকভাৱে ১৮ বছৰৰ তলৰ আৰু ১৫ বছৰৰ ওপৰৰ লৰা-ছোৱালীৰ ক’ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে চিৰাঙৰ অভিভাৱক মন্ত্ৰী উৰ্খাউ গৌৰা ব্ৰহ্মই । প্ৰথম দিনটোত ছহেজাৰ লোকক প্ৰতিষেধক প্ৰদানৰ লক্ষ্যৰে জিলা প্ৰশাসন আগবঢ়া বুলি উল্লেখ কৰে মন্ত্ৰীজনে । পুৱা ১০ বজাত চিৰাঙৰ বাসুগাঁও কলেজত প্ৰতিষেধক প্ৰদান কেন্দ্ৰ উদ্বোধন কৰে মন্ত্ৰীজনে । মন্ত্ৰীজনৰ সৈতে চিৰাং জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, বিদ্যালয় পৰিদৰ্শক বিজয় বৈষ্ণৱ, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ৰাতুল বৰদলৈ, অতিৰিক্ত উপায়ুক্ত, জিলা প্ৰশাসনৰ আন বিষয়ববীয়াৰ লগতে বাসুগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যক্ষ-প্ৰবক্তাসকল উপস্থিত থাকে ।

বিলাসীপাৰা: বিলাসীপাৰাতো ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক কভিড 19 ৰ টিকাকৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । ইন্দ্ৰ নাৰায়ণ একাডেমীত শিক্ষাৰ্থীৰ টীকাকৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে বিলাসীপাৰাৰ মহকুমাধিপতি জয় শিৱানীৰ লগতে বিলাসীপাৰাৰ পূৱ সমষ্টিৰ বিধায়ক ছামছুল হুদা, স্বাস্থ্য বিভাগৰ বিভিন্ন কৰ্মকৰ্তাৰ লগতে বিশিষ্ট ব্যক্তিসকল । সোমবাৰৰ দিনটোতেই বিলাসীপাৰাৰ ২৮৩ গৰাকী শিক্ষাৰ্থীক ক’ভিড-19ৰ টীকাকৰণ কৰাৰ লক্ষ্য স্বাস্থ্য বিভাগৰ । ১৫-১৮ বছৰ বয়সৰ সকলো শিক্ষাৰ্থীক ভেকচিন লবলৈ আহ্বান জনায় মহকুমাধিপতি জয় শিৱাণী আৰু বিধায়ক ছামছুল হুদাই ।

ধেমাজি: ধেমাজিতো সোমবাৰে ধেমাজি সদৰ ল’ৰা উচ্চ মাধ্যমিক বিদ্যালয়ত ১৫ বছৰৰ পৰা ১৮ বছৰৰ কিশোৰ-কিশোৰীৰ বাবে ক’ভিড প্ৰতিষেধক মুকলি কৰিলে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই ৷ সেই উদ্দেশ্যে বিদ্যালয়ৰ কক্ষত ধেমাজি জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীৰ পৌৰহিত্যত অনুষ্ঠিত সভাত জিলা অতিৰিক্ত উপায়ুক্ত নন্দিতা বৰুৱা, জিলাখনৰ স্বাস্থ্য বিষয়া আৰু স্বাস্থ্য কৰ্মীসকল উপস্থিত থাকে ৷ লক্ষ্যণীয়ভাৱে বিদ্যালয়খনত পুৱা ন বজাৰে পৰা ভেকচিন গ্ৰহণৰ বাবে দীঘলীয়া শাৰী পাতে শিক্ষাৰ্থীসকলে ৷ ইপিনে দেশত অ’মিক্ৰণৰ সংক্ৰমণৰ সময়ত ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক প্ৰতিষেধক প্ৰদান কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

লগতে পঢ়ক: সোমবাৰৰ পৰা ১৫-১৮ বয়সৰ ছাত্ৰ-ছাত্ৰীক টীকাকৰণ : কোন মন্ত্ৰীৰ দায়িত্ব ক'ত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.