ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Sep 1, 2021, 8:16 PM IST

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি
সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

1. দীৰ্ঘদিনৰ বিৰতিৰ পাছত শিক্ষানুষ্ঠানলৈ যাবলৈ সাজু হৈছে ছাত্ৰ-ছাত্ৰী

বুধবাৰে ঘোষণা কৰা ক’ভিড সম্পৰ্কীয় SOP বা নীতি নিদেৰ্শনা খনৰ জৰিয়তে দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা শিক্ষানুষ্ঠান সমূহত পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ৷ শিক্ষানুষ্ঠান সমূহত যদিও পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে তাতো কেতবোৰ নীতি নিয়ম বান্ধি দিছে চৰকাৰে ৷

2. দিল্লীত ৰাহুল গান্ধীৰে অখিল গগৈৰ বৈঠক

বুধবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে দীঘলীয়া বৈঠকত মিলিত হয় অখিল গগৈ ৷ "ৰাইজৰ দল"ৰ এক শীৰ্ষ সূত্ৰই ইটিভি ভাৰতক জনোৱা মতে দুয়োজন নেতাৰ এই আলোচনা যথেষ্ঠ ফলপ্ৰসূ ।

3. চাইবৰ ৰহমানৰ সম্পত্তি দেখি স্তম্ভিত অভিযানকাৰী বিষয়া

পবৰ্তসম দুৰ্নীতিৰে শ শ কোটি টকাৰ সম্পত্তিৰ গৰাকী হোৱা চাইবৰৰ আয়বৰ্হিঃ ভূত সম্পত্তিৰ পৰিমাণ দেখি স্তম্ভিত খোদ তদন্তকাৰী বিষয়া ।

4. এশ বছৰ জীয়াই থাকিম; গেৰুৱা পিন্ধিয়েই ক’লে ফনীধৰ তালুকদাৰে

বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ লগতে কেইবাগৰাকীও বিধায়ক তথা দলীয় কাৰ্যকৰ্তাৰ উপস্থিতিত যোগদান কৰে ফনীধৰ তালুকদাৰে ৷ এই যোগদান কাৰ্যসূচীত বহু কেইগৰাকী ৰাজনৈতিক-অৰাজনৈতিক দলৰ নেতা কৰ্মীয়ে যোগদান কৰে বিজেপিত ।

5. ৰঞ্জন গগৈ কেনেকৈ সাংসদ হ'ল: উচ্চতম ন্যায়ালয়ত গোচৰ

ৰঞ্জন গগৈক ৰাজ্যসভাৰ সাংসদ হিচাপে নিযুক্তি দিয়া কাৰ্যক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু ৷ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ গৰাকীক কি যোগ্যতাৰ ভিত্তিত ৰাজ্যসভালৈ মনোনিত কৰা হৈছিল তাক লৈ প্ৰশ্ন উত্থাপন আবেদনকাৰীৰ ৷

6. নিজ দেশৰ পৰা পলায়ন কৰি নগাঁৱত উপস্থিত আফগান নাগৰিক আব্দুল খান

আব্দুল অসমলৈ কেনেকৈ আহিল ? তেওঁৰ পৰিয়ালৰ বাকী সদস্যবোৰ ক'ত গ'ল ? তালিবানে কেনেদৰে আফগানিস্তান দখল কৰিছে ? কেমেৰাৰ আগত সকলো শিহৰণকাৰী ঘটনা বৰ্ণনা কৰিলে আব্দুলে ।

7. ৰাষ্ট্ৰীয় পোষণ মাহ: প্ৰথমবাৰ গৰ্ভধাৰণ কৰা মহিলাই তিনিটা কিস্তিত লাভ কৰিব ৫০০০ টকা

'ৰাষ্ট্ৰীয় পোষণ মাহ'ৰ বিভিন্ন কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভণি ৷ গুৱাহাটীৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই 'ৰাষ্ট্ৰীয় পোষণ মাহ'ৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে ৷ ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহটো 'মাতৃ বন্দনা সপ্তাহ' হিচাপে পালন কৰা হ'ব ৷ এই কাৰ্যসূচীৰ জৰিয়তে 'প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা'ৰ অধীনত প্ৰথমবাৰলৈ গৰ্ভধাৰণ কৰা মহিলাসকলে তিনিটা কিস্তিত লাভ কৰিব ৫০০০ টকাকৈ ৷

8. ভ্ৰাম্যমাণ নগৰী পাঠশালাত পূৰ্ণ গতিত চলিছে নাটৰ আখৰাৰ প্ৰস্তুতি

ৰাজ্যৰ আগশাৰীৰ থিয়েটাৰ আৱাহন থিয়েটাৰ, ভাগ্যদেৱী থিয়েটাৰ আদিকে ধৰি বহু কেইটা থিয়েটাৰ গোষ্ঠীয়ে ২০২১ -২০২২ বৰ্ষত নাট মঞ্চায়নৰ বাবে প্ৰস্তুতি চলাইছে ৷ তাৰ সমান্তৰাল ভাৱে ভ্ৰাম্যমাণ নগৰী পাঠশালাৰ ৰায়পুৰত উদয়ন থিয়েটাৰেও নাট মঞ্চায়নৰ পূৰ্ণ প্ৰস্তুতি চলাই থকা দেখা গৈছে । চৰকাৰে অনুমতি প্ৰদান কৰিলেই মঞ্চায়ন কৰা হ’ব নাট সমূহ ৷

9. টীকাকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা ভূপেন বৰাৰ

"ৰাজ্যৰ ২০ শতাংশ মানুহক ক'ভিড প্ৰতিষেধক(Covid Vaccine) প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (Dr. Himanta Biswa Sarma)ৰ ধনৰ অভাৱ হৈছে । প্ৰতিষেধক ক্ৰয় কৰিবলৈ চান্দা উঠাইছে মুখ্যমন্ত্ৰীয়ে । গোসাঁইগাঁও আৰু তামুলপুৰৰ বাবে আন সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ যো-জা কৰি ৰাজকোষৰ ধন অপচয় কৰা হৈছে" ।

10. দিল্লীত অখিল গগৈৰ সৈতে পীযুষ হাজৰিকাৰ চাহমেল: মুখ খুলিলে পীযুষ হাজৰিকাই

কেইদিনমান পূৰ্বে দিল্লীত মিলিত হৈছিল পীযুষ হাজৰিকা আৰু অখিল গগৈ ৷ উপ-নিৰ্বাচনৰ প্ৰাক ক্ষণত কিয় এইদৰে দিল্লীত মিলিত হৈছিল দুটা পৃথক দলৰ দুয়ো নেতা ? বহুতৰ মনত উদয় হৈছে এই প্ৰশ্ন ৷ অৱশেষত ৰহস্যৰ ওৰ পেলাই মিলনৰ প্ৰকৃত সত্য সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে পীযুষ হাজৰিকাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.