ETV Bharat / state

দীৰ্ঘদিনৰ বিৰতিৰ পাছত শিক্ষানুষ্ঠানলৈ যাবলৈ সাজু হৈছে ছাত্ৰ-ছাত্ৰী

author img

By

Published : Sep 1, 2021, 5:46 PM IST

বুধবাৰে ঘোষণা কৰা ক’ভিড সম্পৰ্কীয় SOP বা নীতি নিদেৰ্শনা খনৰ জৰিয়তে দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা শিক্ষানুষ্ঠান সমূহত পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ৷ শিক্ষানুষ্ঠান সমূহত যদিও পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে তাতো কেতবোৰ নীতি নিয়ম বান্ধি দিছে চৰকাৰে ৷

দীৰ্ঘদিনৰ বিৰতিৰ পাছত শিক্ষানুষ্ঠানলৈ যাবলৈ সাজু হৈছে ছাত্ৰ-ছাত্ৰী
দীৰ্ঘদিনৰ বিৰতিৰ পাছত শিক্ষানুষ্ঠানলৈ যাবলৈ সাজু হৈছে ছাত্ৰ-ছাত্ৰী

নিউজ ডেস্ক, 1 ছেপ্তেম্বৰ: দেশৰ লগতে ৰাজ্যতো ক’ভিড মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত সকলো স্থৱিৰ হৈ পৰিছিল ৷ দেশৰ অথৰ্নীতিৰ লগতে শৈক্ষিক ক্ষেত্ৰখন বিশেষ ভাৱে প্ৰভাবিত হৈছিল ৷ বিগত 2020 বৰ্ষৰ পৰা বন্ধ হৈ পৰিছিল বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়কে ধৰি বিভিন্ন শিক্ষানুষ্ঠান ৷

অৱশ্যে 2020 শেষৰ ফালে বিদ্যালয় সমূহত পাঠদান প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিও পুনৰ ক’ভিড সংক্ৰমন বৃদ্ধি পোৱাৰ বাবে আকৌ বন্ধ কৰিব লগীয়া হৈছিল পাঠদান প্ৰক্ৰিয়া ৷

দীৰ্ঘদিনৰ বিৰতিৰ পাছত শিক্ষানুষ্ঠানলৈ যাবলৈ সাজু হৈছে ছাত্ৰ-ছাত্ৰী
দীৰ্ঘদিনৰ বিৰতিৰ পাছত শিক্ষানুষ্ঠানলৈ যাবলৈ সাজু হৈছে ছাত্ৰ-ছাত্ৰী

এই সকলোবোৰৰ মাজতে বুধবাৰে ৰাজ্য চৰকাৰে ক’ভিড পৰিস্থিতি কিছু উন্নত হোৱাত ঘোষণা কৰিছে ক’ভিড সৰ্ম্পকীয় কেতবোৰ নীতি-নিৰ্দেশনা ৷ এই SOP বা নীতি নিদেৰ্শনা খনৰ জৰিয়তে দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা শিক্ষানুষ্ঠান সমূহত পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ৷ শিক্ষানুষ্ঠান সমূহত যদিও পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে তাতো কেতবোৰ নীতি নিয়ম বান্ধি দিছে চৰকাৰে ৷

সেই অনুসৰি ...

সোমবাৰ অৰ্থ্যাৎ 6 ছেপ্তেম্বৰৰ পৰা স্নাতকোত্তৰ বা সমপৰ্যায়ৰ পাঠ্যক্ৰম, স্নাতক বা সমপৰ্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ক্ষেত্ৰত শ্ৰেণীকোঠাত পাঠদান কৰিব পাৰিব ।

অৱশ্যে একোটা শ্ৰেণীকক্ষত সৰ্বাধিক ৩০গৰাকী ছাত্ৰ-ছাত্ৰীয়েহে একেলগে পাঠগ্ৰহণ কৰিব পাৰিব । একেদৰে শিক্ষানুষ্ঠানৰ মূৰব্বীয়ে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অনুসৰি প্ৰয়োজন হোৱাকৈ অতিৰিক্ত শ্ৰেণীকক্ষৰ ব্যৱস্থা কৰিব ।

লগতে পঢ়কঃ দিল্লীত অখিল গগৈৰ সৈতে পীযুষ হাজৰিকাৰ চাহমেল: মুখ খুলিলে পীযুষ হাজৰিকাই

আনহাতে স্নাতকোত্তৰ বা সমপৰ্যায়ৰ পাঠ্যক্ৰম, স্নাতক সমপৰ্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পাঠগ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে কমেও এপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক কৰিছে ৰাজ্য চৰকাৰে । একেদৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ক্ষেত্ৰত ১৮ বছৰৰ অনুৰ্দ্ধ ছাত্ৰ-ছাত্ৰীসকলে ক’ভিড প্ৰতিষেধক অবিহনেই শ্ৰেণীকোঠাত পাঠগ্ৰহণ কৰিব পাৰিব ৷

কিন্তু যিসকল ছাত্ৰ-ছাত্ৰীৰ ইতিমধ্যে ১৮ বছৰ হৈছে, তেওঁলোকে কমেও এপালি প্ৰতিষেধক ল’লেহে শ্ৰেণীকোঠালৈ আহিব পাৰিব। ইপিনেদি ২ ছেপ্টম্বৰ, বৃহস্পতিবাৰৰ পৰা প্ৰথম তিনিদিনত এই শিক্ষানুষ্ঠানসমূহৰ অধ্যাপক-শিক্ষক, কৰ্মচাৰী আৰু ১৮ বছৰ উৰ্ধৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সুনিশ্চিত কৰিব লাগিব ।

ইয়াৰ উপৰিও শিক্ষানুষ্ঠানৰ চৌহদ তথা শ্ৰেণীকোঠাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লগতে বীজাণু নাশৰ ব্যৱস্থা কৰিব লাগিব । শ্ৰেণীকোঠাত পাঠদান প্ৰক্ৰিয়া ৬ ছেপ্তেম্বৰ, ২০২১ সোমবাৰৰ পৰাহে আৰম্ভ কৰিব পাৰিব । যি সকল ছাত্ৰ-ছাত্ৰীয়ে দুয়োপালি প্ৰতিষেধক লৈছে, তেওঁলোককহে হোষ্টেলত থকাৰ অনুমতি প্ৰদান কৰিছে ৷

লগতে পঢ়কঃ ৰাজ্যত ১ কোটি ৭৫ লাখৰো অধিক লোকক দিয়া হ'ল ভেকচিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.