ETV Bharat / state

টীকাকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা ভূপেন বৰাৰ

author img

By

Published : Sep 1, 2021, 5:48 PM IST

"ৰাজ্যৰ ২০ শতাংশ মানুহক ক'ভিড প্ৰতিষেধক(Covid Vaccine) প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (Dr. Himanta Biswa Sarma)ৰ ধনৰ অভাৱ হৈছে । প্ৰতিষেধক ক্ৰয় কৰিবলৈ চান্দা উঠাইছে মুখ্যমন্ত্ৰীয়ে । গোসাঁইগাঁও আৰু তামুলপুৰৰ বাবে আন সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ যো-জা কৰি ৰাজকোষৰ ধন অপচয় কৰা হৈছে" । মঙলবাৰে সৰুপেটাৰ মিলন মন্দিৰত অনুষ্ঠিত এখন সভাত অংশ লৈ এই মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা(Bhupen Kumar Bora)ই ।

Supporters welcomes Bhupen Bora at Pathshala
টীকাকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা ভূপেন বৰাৰ

পাঠশালা, ১ ছেপ্টেম্বৰ: মঙলবাৰে বৰপেটাৰ সৰুপেটাৰ মিলন মন্দিৰত অনুষ্ঠিত এখন সভাত অংশ লৈ শাসকীয় দল আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই । তেওঁ কয় যে, ৰাজ্যৰ ২০ শতাংশ মানুহক ক'ভিড প্ৰতিষেধক প্ৰদান কৰিবলৈ চৰকাৰৰ এতিয়া ধনৰ অভাৱ হৈছে । সেয়ে, প্ৰতিষেধক ক্ৰয় কৰিবলৈ চান্দা উঠাইছে মুখ্যমন্ত্ৰীয়ে । আনহাতে, উপ-নিৰ্বাচন সন্দৰ্ভত তেওঁ কয় যে, গোসাঁইগাঁও আৰু তামুলপুৰৰ বাহিৰে আন সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত নহ'লেও কোনো ক্ষতি নহয় ।

টীকাকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা ভূপেন বৰাৰ

মুখ্যমন্ত্ৰীয়ে কেৱল নিজৰ শক্তি বৃদ্ধি কৰিবলৈ আৰু ধন বলেৰে চৰকাৰ শক্তিশালী কৰিবলৈ উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বিচাৰিছে বুলি তেওঁ মন্তব্য কৰে । তেওঁ লগতে কয় যে, দল বাগৰা ৰাজনীতি বন্ধ কৰিবলৈ, অপসংস্কৃতি নোহোৱা কৰিবলৈ এইবাৰ ভৱানীপুৰৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব । ইফালে, এ আই ডি ইউ এফে মহাজোঁট ত্যাগ কৰা সন্দৰ্ভত কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে, একেলগে চৰকাৰ গঠনৰ বাবেহে তেওঁলোকে মিত্ৰজোঁট গঠন কৰিছিল । যিহেতু এতিয়া চৰকাৰ গঠন নহয়, সেয়ে এ আই ডি ইউ এফৰে কংগ্ৰেছৰ মিত্ৰতা ভংগ হৈছে ।

আনহাতে, কংগ্ৰেছে আন দলৰ সৈতে মিত্ৰতা স্থাপনৰ কথা চিন্তা-চৰ্চা কৰি আছে বুলি তেওঁ জানিবলৈ দিয়ে ।

ইফালে, ভৱানীপুৰ সমষ্টিত কংগ্ৰেছে নিজা প্ৰাৰ্থীক টিকট দিব বুলিও তেওঁ জানিবলৈ দিয়ে । ফণী তালুকদাৰ সন্দৰ্ভত তেওঁ ধেমালিৰ চলেৰে কয় যে, তালুকদাৰৰ জ্যোতিষীয়ে তেওঁক কৈছে যে, ফণী তালুকদাৰৰ এতিয়া শনি লাগিছে আৰু ৰাজযোগ শেষ হৈছে । মঙলবাৰে সৰুপেটাৰ মিলন মন্দিৰলৈ যোৱাৰ সময়ত ভূপেন বৰা আৰু সাংসদ আব্দুল খালেকক বাইক ৰেলীৰে দলীয় কৰ্মকৰ্তাই আদৰি নিয়ে ।

লগতে পঢ়ক:সকলো মুকলি হ'ল : নতুন SOP ঘোষণা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.