ETV Bharat / state

দিল্লীত ৰাহুল গান্ধীৰে অখিল গগৈৰ বৈঠক

author img

By

Published : Sep 1, 2021, 6:33 PM IST

বুধবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে দীঘলীয়া বৈঠকত মিলিত হয় অখিল গগৈ ৷ "ৰাইজৰ দল"ৰ এক শীৰ্ষ সূত্ৰই ইটিভি ভাৰতক জনোৱা মতে দুয়োজন নেতাৰ এই আলোচনা যথেষ্ঠ ফলপ্ৰসূ ।

akhil gogoi met rahul gandhi at delhi
দিল্লীত ৰাহুল গান্ধীৰে অখিল গগৈৰ বৈঠক

গুৱাহাটী, ১ ছেপ্টেম্বৰ : সম্প্ৰতি দিল্লীত বাহৰ পাতি থকা "ৰাইজৰ দল"ৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে বুধবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে দীঘলীয়া বৈঠকত মিলিত হয় । মূলতঃ আগন্তুক দিনত অসমৰ কেইবাটাও বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচন সন্দৰ্ভতে ৰাহুল গান্ধীৰ সৈতে আলোচনাত মিলিত হয় অখিল গগৈ । "ৰাইজৰ দল"ৰ এক শীৰ্ষ সূত্ৰই ইটিভি ভাৰতক জনোৱা মতে দুয়োজন নেতাৰ এই আলোচনা যথেষ্ঠ ফলপ্ৰসূ ।

সূত্ৰটোৱে প্ৰকাশ কৰা মতে আগন্তুক উপ-নিৰ্বাচন সমূহত বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থতে সকলো সমষ্টিতে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী আগবঢ়োৱাৰ প্ৰস্তাৱ দিয়ে অখিল গগৈয়ে । অৱশ্যে এই সন্দৰ্ভত কোনো চূড়ান্ত সিদ্ধান্ত এতিয়াও নিৰ্ণয় হোৱা নাই । ইপিনে, ২০২৪ ৰ নিৰ্বাচনত "ৰাইজৰ দল" আৰু কংগ্ৰেছ হাতে হাত ধৰি আগবঢ়াৰো প্ৰস্তাৱ ৰখা হয় । উল্লেখযোগ্য যে, মঙলবাৰে দিল্লীত অখিল গগৈয়ে কংগ্ৰেছ নেতা মুকুল ৱাচনিককো সাক্ষাৎ কৰিছিল ।

তাৎপৰ্যপূৰ্ণ যে মহাজোটত যেতিয়ালৈকে এ আই ইউ ডি এফ থাকিব তেতিয়ালৈকে "ৰাইজৰ দল" অন্তৰ্ভুক্ত নহয় বুলি ইতিমধ্যে অখিল গগৈয়ে ঘোষণা কৰাৰ পিছত কংগ্ৰেছে মহাজোটৰ পৰা এ আই ইউ ডি এফক বিদায় দিছে । তেনেক্ষেত্ৰত এতিয়া মহাজোটত "ৰাইজৰ দল"ৰ আনুষ্ঠানিক অন্তৰ্ভুক্তি কেতিয়া হয় সেয়াহে এতিয়া গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে ।

লগতে পঢ়ক : এশ বছৰ জীয়াই থাকিম; গেৰুৱা পিন্ধিয়েই ক’লে ফনীধৰ তালুকদাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.