ETV Bharat / state

নিজ দেশৰ পৰা পলায়ন কৰি নগাঁৱত উপস্থিত আফগান নাগৰিক আব্দুল খান

author img

By

Published : Sep 1, 2021, 6:47 PM IST

আব্দুল অসমলৈ কেনেকৈ আহিল ? তেওঁৰ পৰিয়ালৰ বাকী সদস্যবোৰ ক'ত গ'ল ? তালিবানে কেনেদৰে আফগানিস্তান দখল কৰিছে ? কেমেৰাৰ আগত সকলো শিহৰণকাৰী ঘটনা বৰ্ণনা কৰিলে আব্দুলে ।

afghan man
নিজ দেশৰ পৰা পলায়ন কৰি নগাঁৱত উপস্থিত আফগান নাগৰিক আব্দুল খান

নগাঁও,১ ছেপ্তেম্বৰ : আফগানিস্তানৰ শেহতীয়া পৰিস্থিতিৰ সাক্ষী সমগ্ৰ বিশ্ব । বৰ্ণনা কৰিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে আফগানিস্তানত । তালিবানৰ (Taliban) ভয়ত বহু লোকে নিজ দেশ এৰি পলায়ন কৰিছে ।

যোৱা দিনকেইটাত ভাৰতলৈও প্ৰাণৰ ভয়ত পলাই আহিছে বহু আফগানিস্তানী লোক । তাৰ ভিতৰত অসমলৈ অহা এগৰাকী আফগান নাগৰিকে বৰ্ণনা কৰিলে আফগানিস্তানৰ ভয়ংকৰ পৰিৱেশৰ কথা । তালিবানৰ ভয়ত লোকজনে প্ৰায় ১৮-২০ দিন পূৰ্বে অসমলৈ আহিছে ।

নিজ দেশৰ পৰা পলায়ন কৰি নগাঁৱত উপস্থিত আফগান নাগৰিক আব্দুল খান

সম্প্ৰতি লোকজন নগাঁও জিলাত আছে । লোকজনৰ নাম আব্দুল খান । সম্প্ৰতি পত্নী আৰু দুই সন্তানৰ সৈতে যোগাযোগ স্থাপন কৰিব পৰা নাই আব্দুলে । তেওঁ জনোৱা মতে পত্নী আৰু সন্তানক তাজিকিস্তানলৈ পঠিয়াইছে আৰু তেওঁ অসমলৈ আহিছে ।

লোকজনে কেমেৰাৰ সন্মুখত বৰ্ণনা কৰিলে তালিবানৰ বৰ্বতাৰ কথাবোৰ । লোকজনৰ মতে আফগানিস্তানৰ তুলনাত অসম বহুত উন্নত । তেওঁৰ মতে ইয়াত শান্তি আছে আৰু অসমৰ লোকসকলৰ মাজত মিলাপ্ৰীতি আৰু ভাতৃত্ববোধ দেখি তেওঁ আপ্লুত হৈ পৰিছে ।

লগতে পঢ়ক :চাপৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কাম-কাজৰ বুজ ল'লে মন্ত্ৰী বিমল বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.