ETV Bharat / state

ৰাষ্ট্ৰীয় পোষণ মাহ: প্ৰথমবাৰ গৰ্ভধাৰণ কৰা মহিলাই তিনিটা কিস্তিত লাভ কৰিব ৫০০০ টকা

author img

By

Published : Sep 1, 2021, 7:33 PM IST

'ৰাষ্ট্ৰীয় পোষণ মাহ'ৰ বিভিন্ন কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভণি ৷ গুৱাহাটীৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই 'ৰাষ্ট্ৰীয় পোষণ মাহ'ৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে ৷ ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহটো 'মাতৃ বন্দনা সপ্তাহ' হিচাপে পালন কৰা হ'ব ৷ এই কাৰ্যসূচীৰ জৰিয়তে 'প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা'ৰ অধীনত প্ৰথমবাৰলৈ গৰ্ভধাৰণ কৰা মহিলাসকলে তিনিটা কিস্তিত লাভ কৰিব ৫০০০ টকাকৈ ৷

cm himanta biswa sarma inaugurates poshan maah
ৰাষ্ট্ৰীয় পোষণ মাহ

গুৱাহাটী , ১ ছেপ্তেম্বৰ : দেশজুৰি আজিৰে পৰা আৰম্ভ হোৱা 'ৰাষ্ট্ৰীয় পোষণ মাহ ২০২১'ৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত বুধবাৰে 'পোষণ মাহ'ৰ শুভ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ গুৱাহাটীৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই 'ৰাষ্ট্ৰীয় পোষণ মাহ'ৰ বিভিন্ন কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে ৷ ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহটো 'মাতৃ বন্দনা সপ্তাহ' হিচাপে পালন কৰা হ'ব বুলি জানিব পৰা গৈছে ৷

cm himanta biswa sarma inaugurates poshan maah
'ৰাষ্ট্ৰীয় পোষণ মাহ'ৰ বিভিন্ন কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভণি

এই 'মাতৃ বন্দনা সপ্তাহ' কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য হৈছে 'প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা'ৰ অধীনত প্ৰথমবাৰলৈ গৰ্ভধাৰণ কৰা মহিলাসকলৰ পঞ্জীয়ন কৰি তিনিটা কিস্তিত ৫০০০ টকাকৈ প্ৰদান কৰা ৷ তেওঁলোকে যাতে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ হাতত লোৱা হৈছে ৷

cm himanta biswa sarma inaugurates poshan maah
প্ৰথমবাৰ গৰ্ভধাৰণ কৰা মহিলাই তিনিটা কিস্তিত লাভ কৰিব ৫০০০ টকা

একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে পোষণ মাহ উদযাপনৰ অংশ হিচাপে "অন্নপ্ৰাসন্ন" অনুষ্ঠানতো অংশগ্ৰহণ কৰে ৷

ইয়াৰ উপৰিও জনসাধাৰণৰ মাজত পোষণ মাহৰ সজাগতা বৃদ্ধিৰ বাবে ৩খনকৈ বাছ পোষণ সম্পৰ্কীয় তথ্যৰে সমৃদ্ধ কৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে ৷ 'Poshan On Wheel' নামেৰে নামাকৰণ কৰা এই বিশেষ তিনিখন বাছৰ আজি ফ্লেগ অফ্ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী অতুল বৰা, সাংসদ কুইন ওজাৰ লগতে সমাজ কল্যাণ বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে 125 টকাৰ মুদ্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.