ETV Bharat / bharat

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে 125 টকাৰ মুদ্ৰা

author img

By

Published : Sep 1, 2021, 7:19 PM IST

PM releases special commemorative coin
httপ্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে 125 টকাৰ মুদ্ৰাp://10.10.50.80:6060//finalout3/odisha-nle/thumbnail/01-September-2021/12940124_732_12940124_1630498474857.png

ISKCON প্ৰতিষ্ঠাপকৰ 125 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে 125 টকাৰ মুদ্ৰা মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ শ্ৰীলা ভক্তিবেদান্ত স্বামী প্ৰভুপদ জী(Srila Bhaktivedanta Swami Prabhupada Ji)ৰ ১২৫ তম জন্ম জয়ন্তী উপলক্ষে ভিডিঅ' কনফাৰেঞ্চযোগে এই বিশেষ স্মাৰক মুদ্ৰা মুকলি কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷

নেশ্যনেল ডেস্ক , 1 ছেপ্তেম্বৰ : 125 টকাৰ মুদ্ৰা মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ শ্ৰীলা ভক্তিবেদান্ত স্বামী প্ৰভুপদ জী(Srila Bhaktivedanta Swami Prabhupada Ji)ৰ ১২৫ তম জন্ম জয়ন্তী উপলক্ষে ভিডিঅ' কনফাৰেঞ্চৰ যোগেদি প্ৰধানমন্ত্ৰী গৰাকীয়ে ১২৫ টকাৰ এই বিশেষ স্মাৰক মুদ্ৰা(special commemorative coin of Rs 125)টো মুকলি কৰে ৷ প্ৰভুপদ জীৰ জন্ম জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰে ৷

উল্লেখ্য যে, শ্ৰীলা ভক্তিবেদন্ত স্বামী প্ৰভুপদজীয়ে "হৰে কৃষ্ণ আন্দোলন" হিচাপে জনাজাত ইণ্টাৰনেচনেল চছাইটি ফৰ কৃষ্ণ চেতনা(International Society for Krishna Consciousness) প্ৰতিষ্ঠা কৰিছিল ৷ ISKCONএ শ্ৰীমদ্ভাগৱৎ গীতা আৰু আৰু অন্যান্য বৈদিক সাহিত্যক মুঠ 89টা ভাষালৈ অনুবাদ কৰিছে ৷ এই সাহিত্যই সমগ্ৰ বিশ্বতে বৈদিক সাহিত্য প্ৰচাৰৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰিছে ৷

সমগ্ৰ বিশ্বক Bhakti Yogaৰ পথ সম্পৰ্কে অৱগত কৰি কেইবাখনো কিতাপ ৰচনা কৰাৰ উপৰিও তেওঁ এশৰো অধিক মন্দিৰ স্থাপন কৰে ৷

লগতে পঢ়ক : জম্মু আৰু কাশ্মীৰত 1200 বছৰ পুৰণি দুৰ্গা মূৰ্তি উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.