ETV Bharat / politics

নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণলৈ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক আমন্ত্ৰণ - Swearing in Ceremony of Narendra Modi

author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 4:10 PM IST

Narendra Modi oath taking ceremony: দেওবাৰে সন্ধিয়া 7.15 বজাত দেশ অষ্টাদশ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে ৷ সজাই পৰাই তোলা হৈছে ৰাইছিনা হিলত থকা ৰাষ্ট্ৰপতি ভৱন ৷ কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেকো আমন্ত্ৰণ শপত গ্ৰহণ অনুষ্ঠানলৈ ৷

Narendra Modi oath taking ceremony
Congress President Mallikarjun Kharge (ANI)

নিউজ ডেস্ক, 9 জুন: তৃতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে ৷ দেশৰ অষ্টাদশ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হ’ব মোদী ৷ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পিচত নৰেন্দ্ৰ মোদী হৈছে তিনিবাৰকৈ মুখ্যমন্ত্ৰীৰ আসনত বহা দেশৰ দ্বিতীয়গৰাকী ৰাজনীতিক ৷ 2014 চনৰ পিচত ক্ৰমে 2019 আৰু এতিয়া 2024 চনত একেৰাহে তিনিবাৰকৈ বিজেপিয়ে জয়লাভ কৰিছে ৷

দেওবাৰে সন্ধিয়া 7.15 মিনিটত নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ কৰিব ৷ এই শপত গ্ৰহণ অনুষ্ঠানলৈ দেশৰ লগতে বিদেশৰো কেবাগৰাকীও অতিথিক নিমন্ত্ৰণ জনোৱা হৈছে ৷ তাৰ মাজত নাম উল্লেখ হৈছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ৷

কংগ্ৰেছৰ এক বিবৃতিত কোৱা হৈছে যে দলৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেই দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰিছে । যোৱা নিশা বিজেপি নেতা প্ৰহ্লাদ যোশীয়ে শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ৰাজ্যসভাত বিৰোধী দলৰ নেতাক আমন্ত্ৰণ প্ৰদান কৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: চাহৱালাৰ পৰা প্ৰধানমন্ত্ৰীৰ আসনলৈ নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক যাত্ৰা - Narendra Modi Hat trick Prime Minister

ইফালে INDIA ব্লকৰ মিত্ৰ মমতা বেনাৰ্জীয়ে দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ নকৰে বুলি উল্লেখ কৰি কয় যে তেওঁক নিমন্ত্ৰণ কৰা হোৱা নাই ।

সাংবাদিকে সোধাত বেনাৰ্জীয়ে কয় যে, "মই নিমন্ত্ৰণ পোৱা নাই, নাযাওঁ । মই ইতিমধ্যে কৈছো যে তেওঁক (পি এম মোদী)ক ভোট নিদিয়াৰ বাবে দেশৰ জনসাধাৰণৰ বাবে মই মংগল কামনা কৰিছো ।" মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "মই দুখী, কিন্তু চৰকাৰ গঠনৰ বাবে অসাংবিধানিক, অবৈধ দল এটাৰ মই ভাল কামনা কৰিব নোৱাৰো । মোৰ শুভেচ্ছা দেশৰ বাবে হ'ব ।" শনিবাৰে কংগ্ৰেছ নেতা কে চি বেনুগোপালে কয় যে প্ৰধানমন্ত্ৰী পদত নিযুক্ত নৰেন্দ্ৰ মোদীৰ নিৰ্ধাৰিত শপত গ্ৰহণ অনুষ্ঠানলৈ দলৰ নেতাসকলে কোনো ধৰণৰ আমন্ত্ৰণ লাভ কৰা নাই ।

লগতে পঢ়ক: ৰাহুল গান্ধীক বিৰোধী দলৰ নেতাৰ ভূমিকা ল'বলৈ আহ্বান চি ডব্লিউ চিৰ : বেণুগোপাল - Congress Working Committee

"এতিয়ালৈকে আমি চৰকাৰৰ পৰা কোনো পত্ৰ পোৱা নাই । আমি কোনো নিমন্ত্ৰণ পোৱা নাই ৷ বিদেশী নেতাক নিমন্ত্ৰণ কৰা হৈছে । প্ৰধান বিৰোধী দল আৰু INDIA ব্লকৰ নেতৃত্ব হোৱাৰ বাবে আমাক খবৰ দিয়া হোৱা নাই । কিয় নাজানো ।" - ANI ক এইদৰে কয় বেনুগোপালে ।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে অৱগত কৰে যে প্ৰধানমন্ত্ৰী পদত নিযুক্ত নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে "কেৱল আন্তঃৰাষ্ট্ৰীয় নেতা"ক আমন্ত্ৰণ জনোৱা হৈছে ৷ তেওঁ লগতে কয় যে INDIA ব্লকে আমন্ত্ৰণ লাভ কৰিলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা চিন্তা কৰিব । জয়ৰাম ৰমেশে কয়, ‘‘শপতগ্ৰহণৰ বাবে কেৱল আন্তঃৰাষ্ট্ৰীয় নেতাকহে আমন্ত্ৰণ জনোৱা হৈছে । আমাৰ নেতাসকলে এতিয়াও নিমন্ত্ৰণ লাভ কৰা নাই । আমাৰ ইণ্ডি মিত্ৰজোঁটৰ নেতাসকলে যেতিয়া নিমন্ত্ৰণ লাভ কৰিব তেতিয়া আমি এই বিষয়ে চিন্তা কৰিম ।’’

লগতে পঢ়ক: কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ নিৰ্বাচিত ছোনিয়া গান্ধী - Sonia Gandhi

শনিবাৰে কংগ্ৰেছৰ কাৰ্যকৰী কমিটীৰ আহ্বানত ৰাহুল গান্ধীক লোকসভাত বিৰোধী দলৰ নেতাৰ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । ছোনিয়া গান্ধীক কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ হিচাপে নিবাৰ্চিত কৰা হয় ।

দেওবাৰে সন্ধিয়া 7.15 বজাত তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে । এই অনুষ্ঠানৰ বাবে সকলো নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ৰাষ্ট্ৰপতি ভৱনৰ নিৰাপত্তাৰ বাবে অৰ্ধসামৰিক বাহিনীৰ 5 টা কোম্পানী মোতায়েন কৰা হৈছে ।

বিজেপিয়ে 240 খন আসন লাভ কৰাৰ বিপৰীতে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে (NDA) লোকসভাৰ 543 খন আসনৰ ভিতৰত 292 খন আসন লাভ কৰে । কংগ্ৰেছে INDIA ব্লকৰ অংশ হিচাপে নিৰ্বাচনত যুঁজিছিল আৰু দলসমূহে মিলি লোকসভাত বিজেপিক নিজাববীয়াকৈ সংখ্যাগৰিষ্ঠতা লাভ কৰাত বাধা দিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক: মোদীৰ মন্ত্রীসভাত থাকিব সৰ্বানন্দ সোণোৱাল; চৰ্চাত আছে আন কেইবাজনো - Lok Sabha election results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.