ভ্ৰাম্যমাণ নগৰী পাঠশালাত পূৰ্ণ গতিত চলিছে নাটৰ আখৰাৰ প্ৰস্তুতি

author img

By

Published : Sep 1, 2021, 7:12 PM IST

Updated : Sep 2, 2021, 7:12 AM IST

ভ্ৰাম্যমাণ নগৰী পাঠশালাত পূৰ্ণ গতিত চলিছে নাটৰ আখৰাৰ প্ৰস্তুতি

ৰাজ্যৰ আগশাৰীৰ থিয়েটাৰ আৱাহন থিয়েটাৰ, ভাগ্যদেৱী থিয়েটাৰ আদিকে ধৰি বহু কেইটা থিয়েটাৰ গোষ্ঠীয়ে ২০২১ -২০২২ বৰ্ষত নাট মঞ্চায়নৰ বাবে প্ৰস্তুতি চলাইছে ৷ তাৰ সমান্তৰাল ভাৱে ভ্ৰাম্যমাণ নগৰী পাঠশালাৰ ৰায়পুৰত উদয়ন থিয়েটাৰেও নাট মঞ্চায়নৰ পূৰ্ণ প্ৰস্তুতি চলাই থকা দেখা গৈছে । চৰকাৰে অনুমতি প্ৰদান কৰিলেই মঞ্চায়ন কৰা হ’ব নাট সমূহ ৷

পাঠশালা,1 ছেপ্তেম্বৰ: ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে ৰাজ্যৰ অন্যতম শিল্পীৰ উদ্যোগ স্বৰূপ ভ্ৰাম্যমাণ থিয়েটাৰৰ বিগত এটা বছৰে বন্ধ হৈ আছিল ৷ তাৰ মাজতে শেহতীয়া ভাৱে ৰাজ্যৰ একাংশ থিয়েটাৰে এইবছৰ নাট মঞ্চায়নৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে ।

উল্লেখযোগ্য যে, থিয়েটাৰ বন্ধ হৈ পৰাত থিয়েটাৰৰ শিল্পী কলা কুশলী সকল আৰ্থিক ভাৱে জুৰুলা হৈ পৰিছে ৷ বৰ্তমান এই ক’ৰণা মহামাৰীৰ প্ৰকোপ সাম কটাৰ পেৰিপেক্ষিতত একাংশ প্ৰযোজকে থিয়েটাৰৰ মঞ্চখন পুনৰ নাট্যপ্ৰেমী ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে চলাইছে প্ৰস্তুতি ৷ এই প্ৰচেষ্টাই একাংশ শিল্পী তথা কলা কুশলীৰ মাজলৈ কিছু আশাৰ বতৰা কঢ়িয়াই অনা পৰিলক্ষিত হৈছে ৷

ভ্ৰাম্যমাণ নগৰী পাঠশালাত পূৰ্ণ গতিত চলিছে নাটৰ আখৰাৰ প্ৰস্তুতি

ৰাজ্যৰ আগশাৰীৰ থিয়েটাৰ গোষ্ঠী আৱাহন থিয়েটাৰ, ভাগ্যদেৱী থিয়েটাৰকে আদিকে ধৰি বহু কেইটা থিয়েটাৰ গোষ্ঠীয়ে ২০২১-২০২২ বৰ্ষত নাট মঞ্চায়নৰ বাবে প্ৰস্তুতি চলাইছে ৷ তাৰ সমান্তৰাল ভাৱে ভ্ৰাম্যমাণ নগৰী পাঠশালাৰ ৰায়পুৰত উদয়ন থিয়েটাৰেও নাট মঞ্চায়নৰ পূৰ্ণ প্ৰস্তুতি চলাই থকা দেখা গৈছে । উদয়ন থিয়েটাৰৰ প্ৰযোজক জ্যোতিপদ তালুকদাৰে জানিব দিয়া অনুসৰি, সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি আখৰাৰ বাবে সাজু হৈছে নাট্য দলটি ।

লগতে পঢ়কঃ পূৰ্বতকৈ কিছু ব্যতিক্ৰমী চিন্তাৰে আগবাঢ়িব বিচৰে মন্ত্ৰী ৰঞ্জিত দাসে !

এই নাট্য দলটোৱে এইবাৰ তিনিখন ভিন্ন ৰসৰ নাট প্ৰদর্শনৰ কৰিব ৷ ইয়াৰে নাট্যকাৰ ৰাজদ্বীপৰ বুকুৰ মাজত জ্বলে, অভিজিত ভট্টাচাৰ্যৰ মৰমৰ দালাল, চম্পক শৰ্মাৰ সীতাৰ জখলা । প্ৰযোজক গৰাকীয়ে জানিব দিয়া অনুসৰি, এতিয়ালৈকে প্ৰায় ৪৮ খন আহ্বায়ক কমিটিয়ে নাট মঞ্চস্থ কৰিবলৈ আহ্বান জনাইছে । একেদৰে নাট্য গোষ্ঠীসমূত কাম কৰা কৰ্মচাৰী সকলক ক’ভিড ভেকছিন লৈ কাম কৰাৰ বাবে নিৰ্দেশনা দিছে চৰকাৰে ৷

উল্লেখযোগ্য যে, বুধবাৰে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ক’ভিড সম্পৰ্কীয় এখন নতুন নীতি নিৰ্দেশনা ৷ যাৰ জৰিয়তে পূৰ্বৰ তুলনাত বহু শিথিলতা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ৷ মুকলি কৰি দিয়া হৈছে আন্তঃ জিলা যাতায়ত ব্যৱস্থা ৷ কিন্তু এইখন SOP ত ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰদৰ্শন মুকলি কৰি দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ অৱশ্যে ভ্ৰাম্যমান নাট্য দল সমূহে অনুশীলন অৱ্যাহত ৰখাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধ্যবাধকতাও প্ৰদান কৰা নাই ৷

আনহাতে চলিত ছেপ্তেম্বৰ মাহৰ শেষৰ ফালে নতুন SOP ৰ জৰিয়তে ভ্ৰাম্যমান নাট্য দল সমূহে নাট মঞ্চায়ন কৰিব পৰাৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰিব বুলি ৰাজ্য চৰকাৰে আশ্বাস প্ৰদান কৰিছে ৷

লগতে পঢ়কঃ খিলঞ্জীয়াৰ হাতত অৰ্পণ হ’ব অসমৰ ঐতিহাসিক ক্ষেত্ৰসমূহৰ সুৰক্ষাৰ দায়িত্ব

Last Updated :Sep 2, 2021, 7:12 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.