ETV Bharat / state

Scam in PDS rice in Assam:লাহোৱালত ১১ মাহে শ্ৰমিকে পোৱা নাই বিনামূলীয়া চাউল

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 7:59 PM IST

Protest in Greenwood Tea Estate
অসামৰিক যোগান বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ শ্ৰমিকৰ

হাতে হাতে বাচন-বৰ্তন লৈ ডিব্ৰুগড়ৰ লাহোৱালত খাদ্য, অসামৰিক যোগান বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ শ্ৰমিকৰ । নৱেম্বৰৰ পৰা বিনামূলীয়া চাউলৰ পৰা বঞ্চিত গ্ৰীণউড চাহ বাগিছাৰ চাহ শ্ৰমিক ।

অসামৰিক যোগান বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ শ্ৰমিকৰ

মৰাণ, ১১ ছেপ্টেম্বৰ: ৰাজ্য চৰকাৰে বাগিচা অঞ্চলৰ পৰা আৰম্ভ কৰি গ্ৰাম্য অঞ্চললৈকে সকলোতে বিনামূলীয়া চৰকাৰী চাউলৰ প্ৰদানৰ বাবে ব্যৱস্থা কৰিছে । আনকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাউল প্ৰদানত কোনো ধৰণৰ অনিয়ম সংঘটিত হ'ব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশ দিছে । কিন্তু তেনে সময়তে চাহ বাগিচা অঞ্চলত বিভিন্ন অজুহাত দেখুৱাই শ্ৰমিকক চৰকাৰী চাউল প্ৰদান কৰা নাই সমবায় এজেন্ট সকলে । ইয়াৰ পাছতে এইবাৰ হাতে হাতে বাচন-বৰ্তন লৈ খাদ্য,অসামৰিক যোগান বিভাগৰ বিৰুদ্ধে প্ৰতিবাদত নামিল গ্ৰীণউড চাহ বাগিচাৰ চাহ শ্ৰমিক ৰাইজ ।

লগতে পঢ়ক:Press Meet of Raijor Dal : মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰী; চলিত বিধানসভা অধিবেশনত তদন্ত সমিতি গঠনৰ দাবী ৰাইজৰ দলৰ

জিলাখনৰ লাহোৱাল সমষ্টিৰ কানাই গাঁও পঞ্চায়তৰ গ্ৰীণউড চাহ বাগিছাৰ চাহ শ্ৰমিকসকলে খাদ্য আৰু যোগান বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা বিনামূলীয়া চাউলৰ পৰা বঞ্চিত হৈ আহিছে গ্ৰীণউড চাহ বাগিছাৰ চাহ শ্ৰমিকসকল । এনেদৰে বঞ্চিত হৈ অহাত শ্ৰমিক ৰাইজে হাতে হাতে বাচন-বৰ্তন লৈ এইদৰে ওলাই আহিল ।

লগতে পঢ়ক:Press Meet of AJP : মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ অভিযোগক লৈ ডিব্ৰুগড়ত সংবাদমেল অজাপৰ সভাপতিৰ

ক্ষুব্ধ চাহ শ্ৰমিকসকলে খাদ্য আৰু যোগান বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াক আধাৰ কাৰ্ড, ৰেচন কাৰ্ড দিয়াৰ পিছতো আজি পৰ্যন্ত চাউল নাপালে প্ৰায় ৫০০ টাকৈ পৰিয়ালে । বিভিন্ন কাৰণ দেখুৱাই চাউলৰ লাভৰ পৰা শ্ৰমিক সকলক বঞ্চিত কৰাৰ অভিযোগ উত্থাপিত হৈছে । সেয়ে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰি এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিভাগীয় মন্ত্ৰীক ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক:Sherman Ali controversy: অৱশেষত শ্বেৰমান আলী আহমেদক ওভতাই দিয় হ’ব দেহৰক্ষী, বিধানসভাত এই কথা জনালে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.