ETV Bharat / state

Press Meet of Raijor Dal : মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰী; চলিত বিধানসভা অধিবেশনত তদন্ত সমিতি গঠনৰ দাবী ৰাইজৰ দলৰ

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 6:44 PM IST

Press Conference of Raijor Dal
ৰাইজৰ দলৰ সংবাদমেল

গুৱাহাটীৰ মঠঘৰীয়াস্থিত মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন ৰাইজৰ দলৰ ৷ সম্পত্তি দখলৰ প্ৰতিযোগিতাত নামিছে মুখ্যমন্ত্ৰীৰ পৰিয়াল বুলি অভিযোগ ৰাইজৰ দলৰ ৷

মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন ৰাইজৰ দলৰ

গুৱাহাটী,১১ ছেপ্টেম্বৰ : কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি উদ্যোগ স্থাপনৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ভাৰত চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰালয়ৰ পৰা ‘প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনা’ আঁচনিৰ অধীনত ১০ কোটি টকাৰ ৰাজসাহাৰ্য লাভ কৰাৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলে ৷ তেওঁলোকে কয় যে, যি সময়ত যিকোনো ধৰণৰ চৰকাৰী আঁচনি বা ঋণৰ বাবে অসমৰ যুৱক-যুৱতীয়ে বাটকুৰি বাব লগা হয় সেই সময়ত মুখ্যমন্ত্ৰীৰ পত্নীৰ প্ৰতি এয়া কি ধৰণৰ ৰাজসাহাৰ্য ৷ মাত্ৰ ১০ মাহৰ ভিতৰত এনেদৰে মাটি ক্ৰয়, মাটিৰ শ্ৰেণী পৰিৱৰ্তন, উদ্যোগ স্থাপনৰ বাবে ৰাজ সাহাৰ্য লাভ কেৱল মুখ্যমন্ত্রীৰ পত্নীৰ ক্ষেত্ৰতহে সম্ভৱ বুলি আজি সম্বোধন কৰা এখন সংবাদমেল যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰাইজৰ দলে ৷

গুৱাহাটীৰ মঠঘৰীয়াস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই সংবাদমেলত কেন্দ্ৰীয় সাধাৰণ সম্পাদকদ্বয় আজিজুৰ ৰহমান আৰু চিন্ময় বড়াই এই অভিযোগ উত্থাপন কৰি কয় যে যিখিনি সময়ত অসমৰ বিভিন্ন প্ৰান্তত সৰ্বসাধাৰণ ৰাইজ উচ্ছেদৰ বলি হৈ গৃহহীন হৈছে, ভেঁটি হেৰুৱাই দিশহাৰা হৈছে এনে সময়ত মুখ্যমন্ত্রীৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ সম্পত্তিৰ পৰিমাণ দিনে-ৰাতিয়ে পাহাৰসম বৃদ্ধি পাইছে ৷ এক কথাত সম্পত্তি দখলৰ প্ৰতিযোগিতাত নামিছে এই মুখ্যমন্ত্ৰীৰ পৰিয়ালটো ৷

২০২১ চনৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা শপতনামাত কৃষিভূমি শূণ্য বুলি দিয়া হিচাপ কিমান দূৰ সত্য বুলিও প্ৰশ্ন উত্থাপন কৰে ৰাইজৰ দলে ৷ বৰপথাৰৰ ভগৱান চাহ বাগিচা, গোলাঘাটৰ ৰাধা, কাজিৰঙাৰ কাঞ্চনজুৰি চাহ বাগিচা, বিয়াগোম ৰিজৰ্ট, হোটেল, বন্দ্যা ইন্টাৰনেচনেল স্কুল, নিউজ চেনেল, সৌ সিদিনা তোলপাৰ লগোৱা ২৯ বিঘা মাটিৰ মালিকীস্বত্বৰ পৰা এদিনত ক্ৰয় কৰা ৫০ বিঘা ২কঠা ১৯ লেচা মাটিৰ মালিকীস্বত্বই মুখ্যমন্ত্রীগৰাকী আৰু পৰিয়ালৰ কেলেংকাৰী আৰু ক্ষমতাৰ কিমান সৎ ব্যৱহাৰ হৈছে তাৰেই ইংগিত বহন কৰিছে বুলি কয় নেতা দ্বয়ে ৷

ইয়াৰ পাছতো কোনখন মুখেৰে একেজন মানুহেই কেনেকৈ ৰাজ্যৰ সৰ্বোচ্চ পদত বহি সৰ্বসাধাৰণ ৰাইজৰ আগত ন্যায়, শূন্য সহনশীলতাৰ ভাওনা বচন আওঁৰাব বুলি উল্লেখ কৰে ৰাইজৰ দলৰ নেতা দুজনে ৷ তেওঁলোকে কয় যে, আমি প্ৰত্যাহ্বান জনাইছোঁ, যদি সাহস আছে মুখ্যমন্ত্রীয়ে নিজৰ লগতে পৰিয়ালৰ সকলো সদস্যৰ সম্পত্তিৰ তালিকা ৰাজহুৱা কৰক আৰু তেখেতৰ পত্নীয়ে সংঘটিত কৰা এই কাৰ্যৰ তদন্ত দিয়ক ৷ চলিত বিধানসভা অধিবেশনতে মুখ্যমন্ত্ৰীৰ পত্নীৰ মাটি কেলেংকাৰীৰ সন্দৰ্ভত তদন্ত সমিতি গঠন কৰি দিয়াৰ বাবে ৰাইজৰ দলে দাবী জনায় ৷

লগতে পঢ়ক : Press Meet of AJP : মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ অভিযোগক লৈ ডিব্ৰুগড়ত সংবাদমেল অজাপৰ সভাপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.