ETV Bharat / state

Press Meet of AJP : মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ অভিযোগক লৈ ডিব্ৰুগড়ত সংবাদমেল অজাপৰ সভাপতিৰ

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 5:49 PM IST

ডিব্ৰুগড়ত সংবাদমেল অসম জাতীয় পৰিষদ সভাপতি লুৰীণজ্যোতি গগৈৰ। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ শেহতীয়াকৈ ভূমি কেলেংকাৰীৰ অভিযোগক লৈ সৰৱ লুৰীণজ্যোতি গগৈ ।

Press Meet of AJP President Lurinjyoti Gogoi
লুৰীণজ্যোতি গগৈ

ডিব্ৰুগড়ত সংবাদমেল অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ

ডিব্ৰুগড়, 11 ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীক লৈ ডিব্ৰুগড়ত সংবাদমেল অসম জাতীয় পৰিষদ সভাপতি লুৰীণজ্যোতি গগৈৰ। ডিব্ৰুগড় প্ৰেছ ক্লাৱত সংবাদমেল অনুষ্ঠিত কৰি অজাপৰ সভাপতি গৰাকীয়ে মুখ্যমন্ত্ৰী পৰিয়ালে শেহতীয়াকৈ সংঘটিত কৰা ভূমি কেলেংকাৰীক লৈ সৰৱ হোৱা পৰিলক্ষিত হয় ।

অজাপৰ সভাপতি গৰাকীয়ে কয় যে, দুৰ্নীতি যেতিয়া ৰজাঘৰৰ, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ পৃষ্ঠপোষকতাত হয়, তেতিয়া ই ৰাজ্যখনত এটা ভয়ংকৰ প্ৰভাৱ পেলায় ৷ আমি সকলো স্তৰত তৃণমূল পৰ্যায়ৰ পৰা, ৰজাঘৰৰ পৰা দিশপুৰলৈকে সকলো দুৰ্নীতিৰ আমি বিৰোধিতা কৰো ৷ আমি দেখিবলৈ পাইছোঁ যে, সাধাৰণ বিষয়া-কৰ্মচাৰীৰ দুৰ্নীতিক লৈ চৰকাৰ, মুখ্যমন্ত্ৰী যথেষ্ট সৰৱ ৷ ৰাজহুৱা শ্মশানক লৈ আৱণ্টন দিয়া ধনৰ দুৰ্নীতি হোৱাক লৈ মুখ্যমন্ত্ৰীয়ে ৰাইজক নীতি শিক্ষা দিয়ে ৷ কিন্তু অতি আশ্চৰ্যজনকভাৱে মুখ্যমন্ত্ৰীৰ নিজৰ ঘৰত, নিজৰ পৰিয়ালত হৈ থকা দুৰ্নীতিবোৰৰ সম্পৰ্কত মুখ্যমন্ত্ৰী নীৰৱ, গোপন, নিমাত ৷ আৰু এই সন্দৰ্ভত কোনোবাই বক্তব্য ৰাখিলেও পাকে প্ৰকাৰে কেনেকৈ বাধা দিব পাৰি, মাত বন্ধ কৰিব পাৰি সেই সম্পৰ্কত কূট কৌশল ৰচনা কৰে ৷

অজাপৰ সভাপতিগৰাকীয়ে কয় যে, কলিয়াবৰত ৫০ বিঘা ২ কঠা ১৯ লেচা পৰিমাণৰ কৃষিভূমি মুখ্যমন্ত্ৰীৰ পত্নীয়ে কিনাৰ মাত্ৰ এমাহৰ পাছতেই ঔদ্যোগিক ভূমিলৈ পৰিবৰ্তন কৰিছে ৷ যিটো আইন বিৰুদ্ধ ৷ কৃষিভূমি ঔদ্যোগিক ভূমিলৈ পৰিবৰ্তন কৰাটো বিৰোধিতা কৰি দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও মুখ্যমন্ত্ৰীৰ পৰিয়াল হোৱাৰ বাবে কম দিনতে কৃষিভূমিক ঔদ্যোগিক ভূমিলৈ পৰিবৰ্তন কৰাটো সম্ভৱ হৈছে ৷

আনহাতে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই তেওঁৰ কোম্পানীৰ নামত চৰকাৰৰ পৰা ৰাজসাহাৰ্য হিচাপে ১০ কোটি টকা লাভ কৰা বুলিও অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীক তীব্ৰ সমালোচনা কৰে অজাপৰ সভাপতিগৰাকীয়ে ৷ মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি কেলেংকাৰী চলিত বিধানসভাত উত্থাপন কৰিবলৈও বিৰোধী ৰাজনৈতিক দল সমূহক আহ্বান জনায় অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷

লগতে পঢ়ক : CM's family land scam: ৰাক্ষস সুলভ মানসিকতাৰ ব্যক্তিৰ হাতত এতিয়া অসমৰ শাসনভাৰ আছে:প্ৰদেশ কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.