ETV Bharat / state

CM's family land scam: ৰাক্ষস সুলভ মানসিকতাৰ ব্যক্তিৰ হাতত এতিয়া অসমৰ শাসনভাৰ আছে:প্ৰদেশ কংগ্ৰেছ

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 4:32 PM IST

Corruption Allegations against CM family
পুনৰ বিতৰ্কৰ মাজত সোমাইছে মুখ্যমন্ত্ৰীৰ পৰিয়াল

পুনৰ বিতৰ্কৰ মাজত সোমাইছে মুখ্যমন্ত্ৰীৰ পৰিয়াল ৷ এইবাৰ আন এক ভূমিকেন্দ্ৰিক কেলেংকাৰীত সাঙোৰ খাইছে শৰ্মা পৰিয়ালৰ নাম ৷ কলিয়াবৰ মহকুমাৰ বৰভগীয়া মৌজাৰ অন্তৰ্গত দাৰগাজি গাঁৱত ৫০ বিঘা ২ কঠা ১৯ লেচা কৃষি ভূমি ক্ৰয় কৰি এমাহৰ ভিতৰতে ঔদ্যোগিক ভূমিলৈ শ্ৰেণী পৰিৱৰ্তন কৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০ কোটি টকাৰ ৰাজসাহায্য আদায়ৰ অভিযোগ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে ।

অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

গুৱাহাটী,১১ ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নাম আন এক ভূমি কেলেংকাৰীৰ সৈতে সাঙোৰ খাই পৰিছে ৷ এইবাৰ ৫০ বিঘাতকৈ অধিক কৃষি ভূমি ক্ৰয় কৰাৰ পিচত চৰকাৰী প্ৰভাৱ খটুৱাই সেয়া ঔদ্যোগিক ভূমিলৈ শ্ৰেণী পৰিৱৰ্তন আৰু তাৰ পিছত সেই ভূমিতে খাদ্য সংসাধন উদ্যোগ স্থাপন কৰা দেখুৱাই কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০ কোটি টকাৰ ৰাজসাহায্য আদায় কৰাৰ অভিযোগ উঠিছে ৷ শৰ্মাৰ পৰিয়ালৰ এই অভিযোগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে ।

সোমবাৰে ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰাই কয়, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মাই ২০২১ চনত ড৹ শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিচতে কলিয়াবৰ মহকুমাৰ বৰভগীয়া মৌজাৰ অন্তৰ্গত দাৰগাজি গাঁৱত ৫০ বিঘা ২ কঠা ১৯ লেচা কৃষি ভূমি ক্ৰয় কৰে ৷ তেওঁ মাত্ৰ এমাহৰ ভিতৰতে সেয়া ঔদ্যোগিক ভূমিলৈ শ্ৰেণী পৰিৱৰ্তন কৰি প্ৰধানমন্ত্ৰীৰ কৃষি সম্পদ যোজনা আঁচনিৰ অধীনত খাদ্য সংসাধন উদ্যোগ প্ৰতিষ্ঠাৰ নামত কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০ কোটি টকাৰ ৰাজসাহায্য আদায় কৰিছে ।

জিলা উপায়ুক্তই কেনেকৈ কৃষিভূমি দিলে সেয়া তদন্ত হ’ব লাগে বৰাই সংবাদমেলত উল্লেখ কৰে । তেওঁ লগতে কয় ৫০ বিঘা মাটি একেলগে কিনিব নোৱাৰে । ৫০ বিঘা মাটি ক্ৰয় বিক্ৰয় হ’লে সচিবালয়লৈ আহিব লাগে । সচিবালয়লৈ আহিছিল যদি কিহৰ ওপৰত ভিত্তি কৰি অনুমতি দিলে, কৃষি ভূমি উদ্যোগভূমিলৈ শ্ৰেণী পৰিৱৰ্তন কৰিব পাৰি নে নোৱাৰি সেইটো ৰাজহ বিভাগে স্পষ্টীকৰণ দিব লাগে । ১০ কোটি ৰাজসাহাৰ্য পাবলৈ কৃষি ভূমিক উদ্যোগ ভূমিলৈ পৰিৱৰ্তন কৰিলে সেই গোটেই প্ৰক্ৰিয়া কেনেকৈ হ’ল সেয়াও স্পষ্টীকৰণ দিয়াৰ লগতে তদন্ত হ’ব লাগে বুলি মন্তব্য কৰে কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপাধ্যক্ষগৰাকীয়ে ।

সংবাদমেলত কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া আৰু আই টি চেলৰ অধ্যক্ষ ৰাতুল কলিতাই কয়, ৰাক্ষস সুলভ মানসিকতাৰ ব্যক্তিৰ হাতত এতিয়া অসমৰ শাসনভাৰ আছে । যাৰ বাবে এটা পৰিয়ালৰ সম্পত্তি দিনে দিনে বাঢ়ি আছে আৰু সাধাৰণ ৰাইজ দুখীয়া হৈ গৈ আছে । মুখ্যমন্ত্ৰী হোৱাৰ পিচতে পত্নীয়ে ইংৰাজী মাধ্যমৰ বিদ্যালয় খুলিছে আৰু মুখ্যমন্ত্ৰীয়ে হাজাৰ হাজাৰ অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰিছে । পত্নীয়ে চাহ বাগিচা কিনিছে ৷ ইফালে চাহ খেতিয়কে সঠিকমূল্যৰ অভাৱত খেতিৰ পৰা বঞ্চিত হৈছে ।

কলিতাই লগতে কয়, মুখ্যমন্ত্ৰীৰ পত্নীয়ে মাটি কিনিছে খেতিয়কে ফচলৰ উচিত মূল্য নাপায় হাহাকাৰ কৰিছে । শুৱালকুছিৰ শিল্পীক ভাতে মৰাৰ বাবে তেওঁলোকে কাজিৰঙাত মুগাৰ বেপাৰ কৰিব । মুখ্যমন্ত্ৰীৰ পত্নীয়ে ১০ কোটি টকা ৰাজসাহাৰ্য পোৱাত আপত্তি নাথাকিল হয় যদি আন ১০ গৰাকী মহিলায়ো ৰাজসাহাৰ্য পালে হয় ।

লগতে পঢ়ক: Corruption Allegation: মুখ্যমন্ত্ৰীৰ পত্নীৰ বাবে আইন সুকীয়া নেকি ? প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.