ETV Bharat / state

Sherman Ali controversy: অৱশেষত শ্বেৰমান আলী আহমেদক ওভতাই দিয় হ’ব দেহৰক্ষী, বিধানসভাত এই কথা জনালে মুখ্যমন্ত্ৰীয়ে

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 5:33 PM IST

Updated : Sep 11, 2023, 10:34 PM IST

MLA Sherman Ali Ahmed
শ্বেৰমান আলী আহমেদক ওভতাই দিব দেহৰক্ষী

বাঘবৰ সমষ্টিৰ বিতৰ্কিত বিধায়ক শ্বেৰমান আলী আহমেদৰ দেহৰক্ষীক অসম আৰক্ষীয়ে প্ৰত্যাহাৰ কৰিছিল ৷ বাঘবৰত উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈ বিধায়কগৰাকীয়ে বিতৰ্কিত মন্তব্য কৰাৰ লগতে এগৰাকী ব্যক্তিক গুলীয়াবলৈ নিৰ্দেশ দিছিল নিজৰ দেহৰক্ষীক ৷ এই ঘটনাৰ পাচতে অসম আৰক্ষীয়ে প্ৰত্যাহাৰ কৰিছিল বিধায়কগৰাকীৰ PSO ৷

অসম বিধানসভা অধিবেশন

গুৱাহাটী, ১১ ছেপ্টেম্বৰ: বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদক ঘূৰাই দিয়া হ’ব PSO । সোমবাৰে অসম বিধানসভাত এই কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শৰ্মাই । উল্লেখ্য যে, যোৱা পাঁচমাহ ধৰি বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ দেহৰক্ষী প্ৰত্যাহাৰ হৈ আছে । বাঘবৰৰ বিতৰ্কিত বিধায়ক শ্বেৰমান আলী আহমেদ বিগত ১৭ মে’ত সমষ্টিৰ উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিবলৈ সমষ্টিলৈ গৈছিল । সেই অনুষ্ঠানতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

বিধায়কজনে নিজৰ দেহৰক্ষী জোৱানক অন কেমেৰা মণ্ডল কংগ্ৰেছৰ সভাপতিগৰাকীক গুলীয়াবলৈ নিৰ্দেশ দিছিল । কিন্তু অসম আৰক্ষীয়ে বিষয়টো হস্তক্ষেপ কৰি পিচত বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ দেহৰক্ষী প্ৰত্যাহাৰ কৰিছিল । এই সন্দৰ্ভত সোমবাৰে বিধানসভাৰ মজিয়াত বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে প্ৰশ্ন তুলি কয়, "মোৰ দেহৰক্ষী প্ৰত্যাহাৰ হৈ আছে । এজন বিধায়ক হিচাপে আৰু ৰাজনৈতিক নেতা হোৱাৰ বাবে মোৰ জীৱনৰ প্ৰতি ভাবুকি আহি থাকে । যাৰ‌ বাবে মোৰ নিৰাপত্তাৰ প্ৰয়োজন । কিন্তু যোৱা পাঁচমাহে মোৰ দেহৰক্ষী প্ৰত্যাহাৰ হৈ আছে ।"

বিধায়ক শ্বেৰমান আলী আহমেদে তেওঁৰ দেহৰক্ষী পুনৰ বাহাল ৰখাৰ বাবে বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰে । বিধায়কগৰাকীৰ প্ৰশ্নোত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, বৰপেটাৰ‌ আৰক্ষী অধীক্ষকৰ প্ৰতিবেদনৰ‌ ভিত্তিত শ্বেৰমান আলী আহমেদৰ দেহৰক্ষী প্ৰত্যাহাৰ হৈ আছে । তেওঁ দেহৰক্ষীগৰাকী বেআইনী কামত জড়িত হোৱাৰ নিৰ্দেশ দিছিল । যাৰ বাবে দেহৰক্ষী প্ৰত্যাহাৰ হৈ আছে । ভৱিষ্যতে যাতে এনেধৰণৰ কামৰ লগত জড়িত নহয় বুলি সদনত শ্বেৰমান আলী আহমেদক প্ৰতিশ্ৰুতি দিয়ে তেন্তে আজি বিয়লি তেওঁক দেহৰক্ষী ঘূৰাই দিয়াৰ বাবে আৰক্ষীৰ সঞ্চালক প্ৰধানক ক’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ৷

লগতে পঢ়ক: Sherman Ali controversy : বিধায়ক শ্বেৰমান আলীৰ PSO প্ৰত্যাহাৰ

Last Updated :Sep 11, 2023, 10:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.