ETV Bharat / state

উপ-নিৰ্বাচনত থাওৰা-মৰিয়নিত বিজেপিৰ বিৰুদ্ধে প্ৰচাৰত নামিব টাইপা

author img

By

Published : Sep 5, 2021, 5:26 PM IST

থাওৰা আৰু মৰিয়নি সমষ্টিৰ উপ-নিৰ্বাচনত শ'লঠেকত পৰিব নেকি বিজেপি ৷ কেন্দ্ৰীয় মোডী চৰকাৰে নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিল অসমৰ ছয় জনগোষ্ঠীক জনজাতি মৰ্যদা দিয়া হ'ব । কিন্তু নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ পাচতে মোডী চৰকাৰে সকলো প্ৰতিশ্ৰুতি পাহৰাৰ অভিযোগ উত্থাপন কৰিছে টাইপাই । সেয়েহে এইবাৰ বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰত নমাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে ৷

থাওৰা আৰু মৰিয়নিত উপ-নিৰ্বাচনত বিজেপি বিৰোধীতাৰে প্ৰচাৰত নামিব টাইপাই
থাওৰা আৰু মৰিয়নিত উপ-নিৰ্বাচনত বিজেপি বিৰোধীতাৰে প্ৰচাৰত নামিব টাইপাই

মৰাণ,5 ছেপ্তেম্বৰ : ৰাজ্যত এতিয়া উপ-নিৰ্বাচনৰ বা বলিছে ৷ দুৰ্গা পূজাৰ পূৰ্বে ৰাজ্যত খালী হৈ থকা ছটা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ কিন্তু এই উপ-নিৰ্বাচনৰ প্ৰাক ক্ষণতে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে অসন্তুষ্ট হৈ পৰিছে টাই আহোম যুৱ পৰিষদ ৷ কিয়নো কেন্দ্ৰীয় মোডী চৰকাৰে নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিল অসমৰ ছয় জনগোষ্ঠীক জনজাতি মৰ্যদা দিয়া হ'ব । কিন্তু নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ পাচতে মোডী চৰকাৰে সকলো প্ৰতিশ্ৰুতি পাহৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে । যাৰবাবে মোডী চৰকাৰৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে নিৰ্বাচনৰ পূৰ্বে সৰব হৈ পৰিছে টাইপা ।

থাওৰা আৰু মৰিয়নিত উপ-নিৰ্বাচনত বিজেপি বিৰোধীতাৰে প্ৰচাৰত নামিব টাইপাই

মোডী চৰকাৰক তীব্ৰ সমালোচনা কৰি টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সম্পাদক ৰুদ্ৰ বুঢ়াগোহাঁইয়ে কয়, ছয়মাহৰ ভিতৰত টাই আহোমক যদি কেন্দ্ৰীয় চৰকাৰে জনজাতি মৰ্যদা প্ৰদান নকৰে তেতিয়া হ'লে সমগ্ৰ ৰাজ্যজুৰি জংগী আন্দোলন কৰা হ'ব । লগতে নৰেন্দ্ৰ মোডীক সৰ্বকালৰ শ্ৰেষ্ঠ মিছলীয়া আখ্যা দিয়ে কেন্দ্ৰীয় সম্পাদক গৰাকীয়ে ।

লগতে পঢ়ক: নতুন চৰকাৰৰ কাৰ্যকালত অৰ্ধ শতাধিক এনকাউণ্টাৰত কুৰিৰো অধিক অভিযুক্ত নিহত

উল্লেখযোগ্য যে, শনিবাৰ দিনটোত টাইপাই টাই আহোমক জনজাতি মৰ্যদা প্ৰদানৰ দাবীত ৰাজ্যজুৰী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছিল । মৰাণৰ অৱস্থান ধৰ্মঘটস্থলীৰ পৰাই বিজেপি চৰকাৰৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে সমালোচনা কৰি কয়, আহি থকা উপ-নিবাৰ্চনত মৰিয়নি আৰু থাওৰা সমষ্টিত বিজেপিৰ বিৰুদ্ধে প্ৰচাৰত নামিব টাইপা ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে টাই আহোম যুৱ পৰিষদ অসম (টাইপা) কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে টাই আহোম যুৱ পৰিষদ মৰাণ মহকুমা সমিতিৰ উদ্যোগত মৰাণ ট্ৰেফিক পইণ্টৰ সমীপত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছিল ।

টাই আহোম জনগোষ্ঠীক অতি শীঘ্ৰেই জনজাতিৰ মৰ্যদা প্ৰদানৰ লগতে টাই আহোম জনগোষ্ঠীক অতি শীঘ্ৰে স্বায়ত্ব শাসনৰ দাবীত এই প্ৰতিবাদ । প্ৰতিবাদী কাৰ্যসূচীত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি উত্তম দিহিঙীয়া আৰু সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোঁহাই উপস্থিত থাকে ।

লগতে পঢ়ক: ধেমাজি কাণ্ডৰ নায়ক ৰিণ্টু শৰ্মা আৰক্ষীৰ গুলীত আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.