ETV Bharat / state

পথ নে পথাৰ: পৰিষ্ফুট উন্নয়নৰ নমুনা

author img

By

Published : Sep 16, 2020, 6:26 PM IST

পথৰ দুৰৱস্থাৰ বাবে অতিষ্ঠ মৰাণৰ মধুপুৰ তিনিচুকীয়াবাসী ৷ পথৰ দুৰৱস্থাৰ বাবে গাঁওখনত প্ৰৱেশ কৰিব নোৱাৰে জৰুৰীকালীন সেৱাত নিয়োজিত এম্বুলেঞ্চ অথবা অন্য কোনো বাহন । জন প্ৰতিনিধিৰ সদিচ্ছাৰ অভাৱে ক্ষুব্ধ কৰি তুলিছে গাঁওবাসীক ৷

Poor condition of road in moran dibrugarh assam etv bharat news
পথৰ দুৰৱস্থা

মৰাণ,16 ছেপ্তেম্বৰ: বোকাময় পথে জ্বলা-কলা খুৱাইছে মৰাণ সমষ্টিৰ অন্তৰ্গত মধুপুৰ তিনিচুকীয়া গাঁওবাসীক ৷ পথৰ দুৰৱস্থাৰ বাবে গাঁওখনত প্ৰৱেশ কৰিব নোৱাৰে জৰুৰীকালীন সেৱাত নিয়োজিত এম্বুলেঞ্চ অথবা অন্য কোনো বাহন । ফলত দৈনন্দিন জীৱিকাৰ নিমিত্তে অহা-যোৱা কৰা পথচাৰীৰ লগতে হাৰাশাস্তিৰ সন্মুখীন হৈছে ৰোগীসকল ৷ একপ্ৰকাৰ ভূঁই ৰোৱা পথাৰলৈ পৰিণত হৈছে পথছোৱা ৷ প্ৰাপ্ত তথ্য অনুসৰি,মৰাণ বিধানসভা সমষ্টিৰ গৰোধৰিয়া পঞ্চায়তৰ অধীনৰ এটি পথ মেৰামতিৰ বাবে আজিও চকু পৰা নাই কোনো জন প্ৰতিনিধিৰ ৷ জন প্ৰতিনিধিৰ এনে সদিচ্ছাৰ অভাৱে ক্ষুব্ধ কৰি তুলিছে গাঁওবাসীক ৷

পথৰ দুৰৱস্থা

ভিন্ন সময়ত উন্নয়নৰ ফুলজাৰি মাৰি ফুৰা বিধায়ক চক্ৰধৰ গগৈৰ সময় নাই সমষ্টিবাসীৰ দুখ-দুৰ্দশাৰ খবৰ লবলৈ ৷ তদুপৰি পথটোৰ সমীপতে এখন প্ৰাথমিক পশু চিকিৎসা কেন্দ্ৰ আছে তাৰো অৱস্থা সম্প্ৰতি জৰাজীৰ্ণ ৷ স্থানীয় ৰাইজে পশুধনৰ চিকিৎসাৰ বাবদ সন্মুখীন হৈ অহা সমস্যা সম্পৰ্কে পূৰ্বে বহুবাৰ বিধায়কগৰাকীক অৱগত কৰি আহিছিল যদিও আজিলৈকে লাভ নকৰিলে কোনো সু-ফল ৷ বিধায়কগৰাকীয়ে মাথো প্ৰতিশ্ৰুতি দিয়ে সামৰিছে দায়িত্ব ৷

লগতে চাওকঃ ৰোগীৰ মৃত্যুক লৈ উত্তপ্ত নগাঁৱৰ এখন ব্যক্তিগত ক্লিনিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.