ETV Bharat / state

ৰোগীৰ মৃত্যুক লৈ উত্তপ্ত নগাঁৱৰ এখন ব্যক্তিগত ক্লিনিক

author img

By

Published : Sep 16, 2020, 5:25 PM IST

নগাঁও চহৰৰ ফৌজদাৰী পট্টিৰ এফ বি ক্লিনিকত ৰোগীৰ মৃত্যুক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ৷ চিকিৎসক মুস্তফা হুছেইনে ৰোগীৰ ক’ভিড পৰীক্ষা নকৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ ৷

patient death at FB Clinic Nagaon
ৰোগীৰ মৃত্যুক লৈ উত্তপ্ত নগাঁৱৰ এখন ব্যক্তিগত ক্লিনিক

নগাঁও, 16 ছেপ্তেম্বৰঃ এজন ৰোগীৰ মৃত্যুক লৈ উত্তপ্ত হৈ পৰে নগাঁৱৰ এখন ব্যক্তিগত ক্লিনিক ৷ নগাঁও চহৰৰ ফৌজদাৰী পট্টিৰ এফ বি ক্লিনিকত কিছুদিন পূৰ্বে চিকিৎসা গ্ৰহণৰ বাবে আহিছিল নগাঁৱৰ মুকুল আহমেদ নামৰ এজন ৰোগী। কিডনী আৰু লিভাৰৰ পৰীক্ষাৰ অন্তত তেখেতক ঔষধ সেৱনৰ পৰামৰ্শ দিছিল চিকিৎসকে ৷ কিন্তু দুদিন পূৰ্বে হঠাৎ শ্বাস-প্ৰশ্বাস জনিত সমস্যাত ভুগে মুকুল ৷ যাৰ বাবে বুধবাৰে তেখেতৰ পৰিয়ালবৰ্গই মুকুলক লৈ পুনৰ এফ বি ক্লিনিকৰ চিকিৎসক মুস্তফা হুছেইনৰ কাষ চাপে ৷ কিন্তু ক্লিনিকতে মৃত্যুবৰণ কৰে মুকুল আহমেদে ৷

চিকিৎসক মুস্তফা হুছেইন ভাষ্য

ইয়াৰ পিছতেই মুকুল আহমেদৰ আত্মীয়ই পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷ চিকিৎসক মুস্তফা হুছেইনে ৰোগীজনৰ ক’ভিড পৰীক্ষা নকৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ ৷ আনহাতে, মুকুল আহমেদৰ অৱস্থা সংকটজনক হোৱাত তেখেতক উন্নত হাস্পতাললৈ প্ৰেৰণ কৰাৰ পৰামৰ্শ প্ৰদান কৰিছিল যদিও পৰিয়ালৰ লোকে চিকিৎলায়লৈ নিয়াত পলম কৰাৰ বাবে মুকুলৰ মৃত্যু হোৱা বুলি দাবী কৰিছে চিকিৎসক মুস্তফা হুছেইনে ৷

ৰোগীৰ মৃত্যুক লৈ উত্তপ্ত নগাঁৱৰ এফ বি ক্লিনিক

লগতে পঢ়ক-চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.